Logo
image

২০ বছৰে বহু ভাবুকি পাইছোঁ, মোক অসমৰ ৰাইজে নিৰাপত্তা দিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ জুলাইঃ এনকাউণ্টাৰক লৈ আলফা [স্বাধীন]ই দিয়া শেষ সকীয়নিৰ কঠোৰ প্ৰত্যুত্তৰ দিলে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে৷ শিলচৰত সংবাদ মাধ্যমৰ আগত আলফাৰ সকীয়নি সন্দৰ্ভত স্পষ্ট মত প্ৰকাশ কৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয় যে তেওঁৰ   বাবে এনে ধৰণৰ ভাবুকি বা সকীয়নি কোনো ধৰণৰ নতুন বিষয় নহয়৷ ইয়াত কোনো নতুনত্ব নাই৷ দীঘলীয়া চাকৰি জীৱনত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা তেওঁ এনে ধৰণৰ ভাবুকি নিয়মীয়াভাৱে পাই আহিছে৷ উল্লেখ্য যে ডিব্ৰুগড় জিলাত আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পাছতে আলফাই সকীয়নি দিয়ে আৰক্ষী সঞ্চালক প্ৰধানজনক৷ আৰক্ষীয়ে মহিলাগৰাকীৰ সৈতে আলফা [স্বাধীন]ৰ নাম সিদ্ধান্ত ব্যৱহাৰ কৰা বুলি নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনটোৱে অভিযোগ কৰে৷ ইয়াৰ পিছত সোমবাৰে আলফাৰ ‘শেষ সকীয়নি’ৰ প্ৰত্যুত্বৰ দি আৰক্ষী সঞ্চালক প্ৰধান সিঙে কয়–বিগত ১৫/২০ বছৰে মোৰ চাকৰি কালত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা এনেকোৱা ভাবুকি নিয়মীয়াভাৱে পাই আহিছো৷ কেৱল অসমতে নহয়, অন্য ৰাজ্যতো কাম কৰাৰ সময়ত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ পৰা ভাবুকি পাইছো৷ এনেকোৱা ভাবুকিৰ কোনো ধৰণৰ নতুনত্ব নাই মোৰ কাৰণে৷ চৰকাৰে আমাক দৰমহা দি আছে কিবা এটা কাম কৰিবলৈ৷ আমি সেই মতে কাম কৰি আছো৷ উন্নয়নৰ প্ৰক্ৰিয়াত যদি কোনোবা সংগঠনে বাধা জন্মাব বিচাৰে ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰে তেন্তে সেইটো মই হ’বলৈ নিদিও৷ ধন দাবী ৰোধ কৰিবলৈ যি পৰ্যায়লৈ আৰু যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম৷ পৰেশ বৰুৱাৰ বিজ্ঞপ্তি মই কালি দেখিছো৷ বিজ্ঞপ্তিখনত ৬ টা নাম আছিল৷ এই ৬ জনেই থলগিৰি৷ এই ৬ জনৰ ভিতৰত ৪ জনক এনকাউণ্টৰ কৰিবলৈ কৈছে আৰু বাকী ২ জন, যি ধন দাবীৰ সৈতে জড়িত আছে তেওঁলোকৰ এনকাউণ্টাৰত বিৰোধিতা কৰিছে৷ বিষয়টো মই ধৰিব পৰা নাই যে তেওঁলোকে এনকাউণ্টাৰৰ বিৰুদ্ধে মাত মাতিছে নে থলিগিৰিৰ এনকাউণ্টাৰৰ কথাত মাত মাতিছে৷ তেওঁলোক বিদেশৰ পৰা ইয়ালৈ আহি উন্নয়নৰ অংশীদাৰ হোৱাৰ পিছতো যদি উভতি যাব বিচাৰে তেন্তে পিছদিনাই যাব পাৰিব৷ তেওঁলোকক বিদেশৰ পৰা আহক৷ আহি অসমৰ উন্নয়নৰ যাত্ৰাৰ সৈতে সংযুক্ত হওক৷ দুখ এটাই লাগিছে যে বিজ্ঞপ্তিখনত মোৰ নাম ভুলকৈ লিখিছে৷ মোক কোনো অতিৰিক্ত নিৰাপত্তা নালাগে৷ মোক অসমৰ মানুহে নিৰাপত্তা দিব৷ আইন প্ৰদত্ত ক্ষমতাহে আৰক্ষীয়ে ব্যৱহাৰ কৰিছে৷ উল্লেখ্য যে ভুৱা এনকাউণ্টাৰ পৰিত্যাগ কৰক, নহ’লে অসম এৰি গুছি যাওক৷– দেওবাৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক এইদৰে সকীয়াই দিছিল আলফা স্বাধীনে৷ নিষিদ্ধঘোষিত সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কোৱা হয়– ‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নামত ধন সংগ্ৰহ কৰা বুলি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ লাইপুলিৰ পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলাক তিনি লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে৷ অসমৰ জনগণৰ লগতে অসম আৰক্ষীক আমি জনাও যে উক্ত মহিলাগৰাকীৰ সৈতে আমাৰ সংগঠনৰ কোনো সম্পৰ্ক নাই৷ গতিকে আলফা স্বাধীনৰ নামত থলগিৰি ৰাইজৰ ওপৰত নিৰ্যাতন বন্ধ কৰক৷ আনহাতে, শিৱসাগৰ জিলাৰ গেলেকীৰ হেম চেতিয়া নামৰ লোক এজনৰ একেই কাৰণত মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শীতল মস্তিষ্কৰে গুলীয়াই আঘাত কৰে৷ উক্ত ব্যক্তিগৰাকীক আলফা স্বাধীন সংগঠনে ধন সংগ্ৰহৰ বাবে নিয়োগ কৰা নাছিল৷ সংগঠনৰ নাম লৈ কোনো দুষ্ট চক্ৰই হয়তো তেখেতক ব্যৱহাৰ কৰিব পাৰে৷ গতিকে অসম আৰক্ষীয়ে কোনো ধৰণৰ বাচ-বিচাৰ নকৰি আমাৰ সংগঠনৰ সদস্য বুলি যধে-মধে ভুৱা এনকাউণ্টাৰ কৰি বীৰত্ব প্ৰদৰ্শন কৰাতকৈ অসমৰ থলগিৰি জনগণৰ কৰ-কাটলেৰে জমা হোৱা ৰাজকোষৰ কোটি কোটি টকা অন্যায়ভাৱে আত্মসাৎ কৰা বঙাইগাঁৱৰ এচিএছ বিষয়া বিশ্বজিৎ গোস্বামী, মৃণালকান্তি সৰকাৰৰ দৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তি আৰু কয়লা, বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলাই সম্পত্তিৰ পাহাৰ গঢ়া মিলন বুঢ়াগোহাঁই, লাচিত গগৈৰ লগতে তেওঁলোকে প্ৰকাশ কৰা আৰক্ষী তথা চৰকাৰী বিষয়াসকলক এনকাউণ্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিয়ক৷ যোৱা বছৰৰ এপ্ৰিল মাহত শিৱসাগৰৰ সুৰুয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰিছিল৷ ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে বাৰে বাৰে অসমৰ থলগিৰিৰ ওপৰত ভুৱা এনকাউণ্টাৰেৰে বীৰত্ব প্ৰদৰ্শন কৰা হয় বন্ধ কৰক, নহয় অসম এৰক৷ এয়া আমাৰ শেষ সকীয়নি৷’