Logo
image

বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিব ডেংগুৱে

নতুন দিল্লী, ২৫ জুলাইঃ সমগ্ৰ বিশ্বত ডেংগু ৰোগে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ শেহতীয়াকৈ এই সাৱধানবাণী শুনাইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ শুকুৰবাৰে সংস্থাৰ গ্ৰীষ্ম মণ্ডলীয় ৰোগৰ ইউনিট মুৰব্বী ৰমন ভেলাউধনে এক সংবাদ মেল সম্বোধন কৰি জনায় যে ২০০০-২০২২ চনৰ ভিতৰত বিশ্বত ডেংগু ৰোগ আঠগুণ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ৫লাখৰ পৰা বৃদ্ধি পাই ৪২ লাখ হয়৷ তেওঁ লগতে সংক্ৰমণৰ প্ৰকৃত সংখ্যা ইয়াতকৈও অধিক হ’ব পাৰে বুলি আশংকা কৰে৷ কিয়নো শেহতীয়া সমীক্ষাত সংক্ৰমণৰ এই সংখ্যা বহু বেছি পোৱা গৈছে বুলি তেওঁ জনায়৷ এনে ক্ষেত্ৰত অহা দিনসমূহত মহৰ পৰা হোৱা এই ৰোগবিধে বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি সাৱধানবাণী শুনোৱাৰ লগতে প্ৰতিখন দেশৰ সংশ্লিষ্ট পক্ষসমূহক এই ক্ষেত্ৰত আগতীয়াকৈ সতৰ্ক হ’বলৈ আহ্বান জনায়৷