Logo
image

উৎকট গৰম! স্কুল চৌহদতে হিট ষ্ট্ৰ’ক হৈ মৃত্যু অভিভাৱকৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ আগষ্টঃ ৰাজ্যৰ ঠায়ে ঠায়ে পাতলীয়াকৈ দুই-এজাক বৰষুণ দিলেও বিগত ৩-৪ দিন ধৰি উৎকট গৰমে দহিছে গুৱাহাটী মহানগৰ৷ মঙলবাৰৰ দিনটোত ৰাজ্যত উষ্ণতাই ৩৭.৮ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰে যদিও ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যবাসীয়ে ৫৬ ডিগ্ৰী চেলচিয়াছৰ দৰে উষ্ণতা অনুভৱ কৰে৷ উৎকট গৰমত ২৪ ঘণ্টাই ফেন-কুলাৰ চলায়ো ঘৰৰ ভিতৰত সোমাই থাকিব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে মহানগৰীত৷ গৰমৰ বন্ধৰ পাছত মঙলবাৰৰে পৰা শিক্ষানুষ্ঠানসমূহত নিয়মীয়া পাঠদান আৰম্ভ হ’লেও উৎকট গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছে৷ বিগত জুন মাহত  প্ৰচণ্ড তাপৰ বাবেই সমগ্ৰ ৰাজ্যতে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সীমা পুৱা ৭ বজালৈ আগুৱাই আনিছিল৷ কিন্তু মঙলবাৰে উৎকট গৰমৰ মাজতে পূৰ্বৰ দৰে ৯ বজাৰ পৰাই শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হৈছে৷ কিন্তু গ্ৰীষ্ম বন্ধৰ পাছত বিদ্যালয় খোলাৰ প্ৰথম দিনটোতে প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবেই গুৱাহাটীত হিট ষ্ট্ৰ’কত এগৰাকী মহিলাৰ মৃত্যু হয়৷ দুপৰীয়া ভাগত মহানগৰীৰ গুৱাহাটী ক্লাবস্থিত ছেইণ্ট মেৰীজ স্কুলৰ পৰা আন দিনাৰ দৰে সন্তানক আনিবলৈ যাওঁতেই বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত হিট ষ্ট্ৰ’কত আক্ৰান্ত হৈ ঠাইতে ঢলি পৰে অভিভাৱকগৰাকী৷ লগে লগে আন অভিভাৱকসকলে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে বুলি জানিব পৰা গৈছে৷ উৎকট গৰমৰ বাবেই বিদ্যালয়ৰ চৌহদতে এগৰাকী অভিভাৱকৰ হিট ষ্ট্ৰ’কত কৰুণ মৃত্যু হোৱা ঘটনাই স্বাভাৱিকতেই স্কুলখনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷

গৰমৰ বন্ধ খোলাৰ লগে লগে বাঢ়িল গৰম

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ এমাহৰ গৰমৰ বন্ধ খোলাৰ পাছত মঙলবাৰে শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ হোৱাৰ দিনাই শিক্ষাৰ্থী সকল পুনৰ প্ৰচণ্ড গৰমৰ মুখামুখি হবলগীয়া হয়৷ বিগত প্ৰায় দুটা সপ্তাহৰো অধিক দিন ধৰি অসমসহ ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত পুনৰ জুন মাহৰ দৰে গ্ৰীষ্মপ্ৰবাহ চলি আছে৷  প্ৰণিধানযোগ্য যে  ৰাজ্যখনত দৈনিক পাৰাস্তম্ভ বৃদ্ধি পোৱাৰ ফলত এক প্ৰকাৰ স্থবিৰ হৈ পৰিছে জনজীৱন৷ জুন,  জুলাই মাহৰ দৰে আগষ্ট মাহৰ প্ৰথম দিনটোতেই গৰমে অভিলেখ ভংগ কৰিছে৷ মঙলবাৰে সন্ধিয়াৰ ভাগত গুৱাহাটী মহানগৰীৰ সৰ্বোচ্ছ তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছ আছিল যদিও ইয়াত বায়ুৰ আদ্ৰতাৰ পৰিমাণৰ তাৰতম্যৰ বাবে প্ৰায় ৫০ ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰাৰ দৰে অনুভব হৈছে৷ মঙলবাৰৰ দিনটোত ৰাজ্যৰ ভিতৰতে গুৱাহাটীৰ তাপমাত্ৰা সৰ্বাধিক আছিল৷ স্বাভাৱিকতকৈ ৫.৮ ডিগ্ৰী অধিক হৈ কালিৰ দিনটোত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৮ ডিগ্ৰী চেলচিয়াছ৷ যিটো ৰাইজে প্ৰায় ৫৬ ডিগ্ৰী চেলচিয়াছৰ দৰে অনুভব কৰিবলগীয়া হৈছে৷ সাধাৰণতে শাওন মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ বেচিভাগ ঠাইতে মজলীয়াৰ পৰা ধাৰাষাৰ পৰিমাণৰ বৰষুণ হয়৷ কিন্তু গোলকীয় উত্তাপ, জলবায়ু পৰিবৰ্তন, অবাধ বন ধবংসকে ধৰি বিভিন্ন কাৰণৰ বাবে শাওন মাহৰ আকাশ মেঘাছন্ন হৈ বৰষূণ হোৱাৰ সলনি ফৰকাল হৈ আছে৷ ফলত বৰষূণৰ পৰিমাণ কমি যোৱাৰ বিপৰীতে বৃদ্ধি পাইছে তাপমাত্ৰা৷ পুৱা পোহৰ হোৱাৰ লগে লগেই সূৰ্য্য দেৱতাই যেন খাও খাও মূৰ্তি ধৰি উঠি আহিছে৷ যাৰ বাবে দিনৰ ৯ মান বজাতেই দুপৰীয়া বাৰ বজাৰ দৰে গৰম অনুভব হৈছে৷ তীব্ৰ গৰমৰ প্ৰকোপে ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুওৱা পৰিলক্ষিত হৈছে৷  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সাধাৰণতে আগষ্ট মাহৰ আৰম্ভণিত অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিক তাপমাত্ৰা সৰ্বাধিক ৩০ ৰ পৰা ৩২ ডিগ্ৰীৰ ভিতৰত থাকিব লাগে৷ কিন্তু বিগত প্ৰায় দুটা সপ্তাহ ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলতে বৰষুণৰ পৰিমাণ কমি যোৱাত তাপমাত্ৰা অস্বাভাৱিকভাবে বৃদ্ধি পাইছে৷  ইফালে উদ্বেগজনক ভাবে তাপমাত্ৰা স্বাভাৱিকতকৈ বেছিভাগ অঞ্চলতে তাপমাত্ৰা ৩ ৰ পৰা ৬ ডিগ্ৰীৰো অধিক হোৱাত ৰাইজে অস্বাভাৱিক গৰমৰ সৈতে মোকাবিলা কৰিব লগা হৈছে৷ ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন৷ বহু নাগৰিকে আগষ্ট মাহৰ প্ৰথম দিনটোতে অতি গৰম পৰা বাবে চলিত মাহৰ বাকী দিন কেইটাত কি পৰিস্থিতিৰ উদ্ভৱ হব পাৰে তাক লৈ চিন্তিত হৈ পৰিছে৷ বতৰ বিজ্ঞানীসকলৰ মতে যিহেতু অসমত বায়ুত জলীয় বাষ্পৰ পৰিমাণ বহুত বেছি পৰিমাণে থাকে, সেয়েহে তাপমান ৩৪ ডিগ্ৰী চেলছিয়াছ হলেও ইয়াৰ অনুভৱ উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ দৰে ৫০ ডিগ্ৰী চেলছিয়াছৰ দৰে হয়গৈ৷ এনে পৰিস্থিতিত হিট ষ্টক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ মন কৰিব লগীয়া কথা যে প্ৰকৃতিৰ ওপৰত হোৱা ধবংসলীলাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিগত বৰ্ষৰ তুলনাত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে৷ কেৱল গুৱাহাটী বা অসমেই নহয়, উত্তৰ-পূবৰ স্কটলেণ্ড খ্যাত শীতল ঠাই শ্বিলঙতো গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে৷  আনহাতে আজিৰ দিনটোত ৰাজ্যৰ কেবাখনো চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল এনে ধৰণৰ - ডিব্ৰুগড়ত ৩৬.২ ডিগ্ৰী চেলছিয়াছ,  , তেজপুৰত ৩৫.৯ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ৩৩.৯ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৫.৪ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৬.৪ ডিগ্ৰী চেলছিয়াছ আছিল৷ ইফালে বৰষুণৰ বাবে বিখ্যাত মেঘালয়ৰ চেৰাপুঞ্জীত আজি অলপ পাতলীয়া বৰষুণহে হৈছে৷ একাংশ পৰিৱেশবিদে সদৰি কৰা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত শেহতীয়াকৈ কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে৷ য’ত গ্লবেল ৱামিঙ বা গোলকীয় উত্তাপৰ বাবেই পৰিস্থিতি অৱনতি ঘটা বুলি প্ৰকাশ পাইছে৷ এনে পৰিস্থিতিৰ বাবে অনাগত দিনতো কেতিয়াবা অধিক বৰষুণ হ’ব, কেতিয়াবা খৰাং হ’ব, আন কেতিয়াবা আকৌ ধুমুহা আহি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব৷ একেদৰে গৰম বৃদ্ধি বা শীত কালো হ্ৰাস পাব পাৰে৷ আনহাতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ২ বা ৩ আগষ্টৰ পৰা অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ বেছিভাগ অঞ্চলতে আকাশ ডাৱৰীয়া হৈ পাতলীয়া বৰষুণ আৰু কেতবোৰ অঞ্চলত গাজনী, ঢেৰেকনিৰ সৈতে মজলীয়াৰ পৰা প্ৰবল বৃষ্টিপাত হব পাৰে বুলি আগজাননী দিছে৷  অৱশ্যে বৰষুণ আহিলে বৰ্তমানতকৈ তাপমাত্ৰা কিছু হ্ৰাস পাব বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ অৰ্থাৎ বৰষুণ নহালৈ ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ বাহিৰে আন কোনো বিকল্প পথ নাই বুলিয়ে সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ইফালে বৰষুণৰ পৰিমাণ কমি যোৱা বাবে শাওন মাহৰ আধা দিন পাৰ হোৱাৰ পাছতো ৰাজ্যৰ বহু অঞ্চলত কৃষক ৰাইজে শালি ধানৰ খেতিৰ বাবে সাজু হব পৰা নাই৷ পানীৰ অভাৱত কঠীয়া পথাৰত ৰুব পৰা নাই বহু কৃষকে৷