Logo
image

হাজেলাৰ ভিআৰএছত দিছপুৰৰ অনুমোদন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ আগষ্টঃ অৱশেষত অসম চৰকাৰে আনুষ্ঠানিকভাৱে বিদায় দিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰতীক হাজেলাক৷ এসময়ৰ ৰাজ্যৰ অন্যতম প্ৰভাৱশালী আমোলা অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া প্ৰতীক হাজেলাক মঙলবাৰে অৰ্থাৎ পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বেচ্ছামূলক অৱসৰত অনুমতি প্ৰদান কৰিলে অসম চৰকাৰে৷ ৰাষ্ট্ৰীয় নাগৰিপঞ্জীৰ  ৰাজ্যিক সমন্বয়কৰ দায়িত্বত থকা প্ৰতীক হাজেলাই এন আৰ চি প্ৰকাশৰ পাছতেই উচ্ছতম ন্যায়ালয়ৰ অনুমতি সাপেক্ষে তিনি বছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেশ্বনত গৈছিল৷ অৱশ্যে এন আৰ চি প্ৰকাশৰ পাছতেই হাজেলাৰ বিৰুদ্ধে কোটি কোটি টকা বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিভিন্নজনে এজাহাৰো দাখিল কৰিছিল৷ কিন্তু হাজেলাৰ বিৰুদ্ধে এজাহাৰ দিলেও অসম আৰক্ষীয়ে উক্ত এজাহাৰ পঞ্জীয়ন কৰা নাছিল৷ আনকি কেগৰ প্ৰতিবেদনতো এ আৰ চিত ধনৰ ব্যাপক অনিয়ম হোৱাৰ তথ্য প্ৰকাশ পাইছিল৷ ইফালে বিগত মাৰ্চত প্ৰতীক হাজেলাৰ কেন্দ্ৰীয় ডেপুটেশ্বনৰ ম্যাদ অন্ত পৰাত মধ্যপ্ৰদেশ চৰকাৰে অসমলৈ ঘূৰাই পঠাইছিল যদিও আই এ এছ বিষয়াজনে কৰ্মস্থলী অসমত যোগদান কৰা নাছিল৷ প্ৰথম অৱস্থাত ডেপুটেশ্বনৰ ম্যাদ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক আৱেদন জনাইছিল যদিও কেন্দ্ৰই ইয়াৰ কোনো সঁহাৰি নজনোৱাত শেষত হাজেলাই ভি আৰ এছ বিচাৰি আবেদন জনাইছিল৷ প্ৰতীক হাজেলাৰ স্বেচ্ছামূলক অৱসৰৰ আবেদনক কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেট দিয়াৰ পাছত সোমবাৰে অসম চৰকাৰৰ পাৰ্চনেল বিভাগে আনুষ্ঠানিকভাৱে সন্মতি  প্ৰদান কৰে৷ এই সন্দৰ্ভত পাৰ্চনেল বিভাগৰ সচিব যাদৱ শইকীয়াই এটা নিৰ্দেশনা যোগে ১৯৯৫ বেট্‌ছৰ আই এ এছ বিষয়া প্ৰতীক হাজেলাক পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ স্বেচ্ছামূলক অৱসৰৰ অনুমতি প্ৰদান কৰে৷ লক্ষণীয়ভাৱে হাজেলাৰ ভি আৰ এছৰ নিৰ্দেশনাটোত এন আৰ চিৰ মুখ্য সমন্বয়কৰ কাৰ্যকালত সংঘটিত অনিয়মৰ সন্দৰ্ভত উঠা অভিযোগক লৈ অসম আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ত এটা গোচৰৰ নিয়মীয়া তদন্ত চলি থকাৰ লগতে আন দুটা অপৰাধজনিত গোচৰ অমীমাংসিত হৈ থকাৰ কথাও উল্লেখ কৰা হৈছে৷ উল্লেখ্য, প্ৰতীক হাজেলাই স্বেচ্ছামূলক অৱসৰৰ বাবে আবেদন কৰাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল৷ সেই সময়ত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে হাজেলাৰ সন্দৰ্ভত উল্লেখ কৰি কৈছিল যে– ‘চৰকাৰী বিষয়া হিচাপে হাজেলাই ভিআৰএছ বিচাৰিব পাৰে৷ কিন্তু যেতিয়াই তেওঁক আৰক্ষীয়ে মাতিব, তেতিয়াই আহিব লাগিব৷ হাজেলাই ভিআৰএছ লোৱাটো জাতিটোৰ বাবে এক বিজয়৷ তেওঁক এতিয়া যি বিভাগতেই দিয়া হয়, সকলোতে বিতৰ্ক হ’ব৷ মানুহে ক’ব যে তেওঁ এন আৰ চি বেয়া কৰিলে আৰু এতিয়া এইটো বিভাগো বেয়া কৰিবলৈ আহিছে৷ তেওঁৰ বিৰুদ্ধে কেছ দিয়া আছে৷ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এই কেছটো চাই আছে৷’ লক্ষণীয়ভাৱে হাজেলাৰ ভি আৰ এছত অসম চৰকাৰে সন্মতি জনোৱাত আই এ এছ বিষয়াজনক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ক্লীনশ্বীট দিয়া বুলিও চৰ্চা লাভ কৰিছে৷