Logo
image

বিলুপ্ত হ’ব ৰাষ্ট্ৰদ্ৰোহ আইন, শিশু নিৰ্যাতন-গণনিগ্ৰহৰ শাস্তি মৃত্যুদণ্ড

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ আগষ্টঃ ব্ৰিটিছৰ শাসনকালতে বলবৎ হোৱা ঔপনিবেশিক যুগৰ ভাৰতীয় ফৌজদাৰী আইনৰ ব্যাপক সালসলনি ঘটাই আইনৰ ভাৰতীয়কৰণেৰে লোকসভাত নতুন বিধেয়ক উত্থাপন কৰিছে মোদী চৰকাৰে৷ নতুন খচৰাত ৰাষ্ট্ৰদ্ৰোহ অথবা দেশদ্ৰোহৰ কোনো শাস্তি নাই৷ অন্যাৰ্থত দেশদ্ৰোহিতাৰ বিৰুদ্ধে শাস্তি ভাৰতীয় ফৌজদাৰী আইনৰ পৰা বিলুপ্ত কৰা হৈছে৷ ব্ৰিটিছে আন্দোলনকাৰী ভাৰতীয়ক শাস্তি প্ৰদানৰ বাবেই দেশদ্ৰোহ আইন বলবৎ কৰিছিল, ন্যায় প্ৰতিষ্ঠাৰ বাবে নহয়৷ অৱশ্যে দেশৰ  অখণ্ডতা আৰু সৰ্বোভৌমত্বলৈ ভাবুকি আনিব পৰা কাৰ্যৰ বিৰুদ্ধে গুৰুতৰ শাস্তিৰ আইনৰ প্ৰস্তাৱ কৰা হৈছে৷ ৰাষ্ট্ৰদ্ৰোহ বা দেশদ্ৰোহ শব্দ ব্যৱহাৰ নোহোৱাকৈ তেনেধৰণৰ অপৰাধৰ শাস্তিৰ প্ৰস্তাৱ ৰখা হৈছে নতুন আইনত, অৱশ্যেই গভীৰভাৱে৷ শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰ্ষাকালীন অধিৱেশনৰ বৰ্ধিত তথা অন্তিম দিনটোত ‘ভাৰতীয় সংহিতা সুৰক্ষা বিধেয়ক-২০২৩’ লোকসভাত উত্থাপন কৰে৷ এই বিধেয়কৰ খচৰা সংসদৰ ‘ষ্টেণ্ডিং কমিটী’ৰ ওচৰলৈ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছে৷

১৮৬০ চনৰ পৰা এতিয়ালৈকে দেশত যি ফৌজদাৰী আইন বলবৎ আছিল, সেই আইন ঔপনিবেশিক মানসিকতা আৰু পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি প্ৰণয়ন কৰা হৈছিল৷ ঔপনিবেশিক শাসকৰ উদ্দেশ্য আছিল মুলতঃ দণ্ড প্ৰদান কৰা৷ তেতিয়াই প্ৰণয়ন কৰা আইনত ন্যায় প্ৰতিষ্ঠাৰ কোনো উদ্দেশ্য নাছিল৷ কিয়নো সেই আইন প্ৰণয়ন কৰিছিল বিদেশী শত্ৰু ব্ৰিটিছে৷ সেই ব্ৰিটিছৰ যুগতে প্ৰণয়ন কৰা ফৌজদাৰী আইনৰ আমুল পৰিৱৰ্তন সাধন কৰি মোদী চৰকাৰে নতুন ফৌজদাৰী আইন প্ৰণয়নৰ বাবে শুকুৰবাৰে লোকসভাত ‘ভাৰতীয় সংহিতা সুৰক্ষা বিধেয়ক-২০২৩’ উত্থাপন কৰে৷ ইয়াৰ ভিতৰত তিনিখন নতুন ফৌজদাৰী আইনৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে৷ সেয়া হৈছে ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য৷ এই তিনিখন নতুন আইনে ভাৰতত চলি থকা তিনিখন প্ৰাচীন ফৌজদাৰী আইন ক্ৰমে ‘ইণ্ডিয়ান পেনেল ক’ড-১৮৬০’, ‘ক’ড অব ক্ৰিমিনেল প্ৰচিডিঅ’ৰ আৰু ‘ইণ্ডিয়ান ইভিডেন্স এক্ট’ক অপসাৰণ কৰিব৷ ঔপনিবেশিক যুগৰ পৰা চলি অহা আইনত থকা ৰাষ্ট্ৰদ্ৰোহ শব্দটো প্ৰত্যাহাৰ কৰি প্ৰস্তাৱিত নতুন ফৌজদাৰী আইনত দেশৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধ সংঘটিত কৰা অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ পোষকতা কৰা হৈছে৷ সেই অনুসৰি দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা বিঘ্নিত কৰা অপৰাধীক সৰ্বোচ্ছ শাস্তি প্ৰদান কৰাৰ প্ৰস্তাৱ লোৱা হৈছে নতুন আইনত৷ সেই নতুন আইনৰ ধাৰা হ’ব ১৫০৷ সশস্ত্ৰ বিদ্ৰোহ, বিচ্ছিন্নতাবাদ, বিনাশকাৰী কাৰ্যৰ বাবে কঠোৰ শাস্তিৰ দিহা ৰখা হৈছে নতুন আইনত৷ তদুপৰি গণপ্ৰহাৰত সংঘটিত হত্যাৰ ঘটনাত সৰ্বোচ্ছ শাস্তি হ’ব মৃত্যুদণ্ড৷ সেইক্ষেত্ৰত জাতি, ধৰ্ম, লিংগ, জন্মস্থান, ভাষা, ব্যক্তিগত বিশ্বাস বা অন্য কোনো কাৰণত সংঘটিত হত্যাৰ শাস্তি হ’ব সৰ্বোচ্ছ মৃত্যুদণ্ড আৰু সৰ্বনিম্ন ৭ বছৰ কাৰাদণ্ড৷ আনহাতে ঘৃণা আৰু উচটনিমূলক ভাষণৰ ক্ষেত্ৰত ৩ বছৰৰ কাৰাদণ্ড আৰু জৰিমনাৰ প্ৰস্তাৱ কৰা হৈছে৷ নতুন আইনত ৩৭৭ ধাৰা প্ৰত্যাহাৰ কৰা হৈছে৷ এই ধাৰাৰ অধীনত বিকৃত কামনাৰ দ্বাৰা যৌন নিৰ্যাতিত পুৰুষক সুৰক্ষা প্ৰদান কৰা হৈছিল৷ আনহাতে অপ্ৰাপ্তবয়স্ক ছোৱালীৰ বিৰুদ্ধে হোৱা ধৰ্ষণৰ শাস্তি সৰ্বোচ্ছ মৃত্যুদণ্ড হ’ব৷