Logo
image

ভিষ্টাৰা বিমানত বিস্ফোৰণৰ ভাবুকি হ’লগৈ ভুৱা

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ১৯ আগষ্টঃ দিল্লী বিমানবন্দৰত ভিষ্টাৰা কোম্পানীৰ এখন বিমানক বোমাৰে উৰুওৱাৰ ভাবুকি দিয়া ঘটনাই বিমানবন্দৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ শুকুৰবাৰে পুৱা দিল্লীৰ পৰা পুনেলৈ যাবলগীয়া ভিষ্টাৰা কোম্পানীৰ বিমানখন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে কোনো অজ্ঞাত লোকে৷ শুকুৰবাৰে পুৱা ৮.৫৩ বজাত অজ্ঞাত লোকে জিএমআৰ চেণ্টাৰলৈ ফোন কৰি জনায় ভিষ্টাৰাৰ বিমানখনত বোমা ৰাখি থোৱা বুলি৷ ফোনকলৰ পাছতে বিমানখনৰ পৰা সকলো যাত্ৰীকে নমাই দিয়া হয় আৰু বোমা নিষ্ক্ৰিয়কাৰী দলে বিমানত তন্ন তন্নকৈ পৰীক্ষা কৰে৷ কিন্তু বিমানত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল৷ গতিকে উক্ত ফোনকল সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হয়৷ দিল্লী আৰক্ষীয়ে উক্ত ফোনকল কৰোঁতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷