ফ্লপ ‘আদিপুৰুষ’তকৈ হিট ‘চন্দ্ৰযান’ৰ বাজেট বহু কম
বেংগালুৰু, ২৫ আগষ্টঃ অৱশেষত দীৰ্ঘ প্ৰতিক্ষাৰ অন্তত আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ’ল ইছৰ’ই৷ বুধবাৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰ’ভাৰ ‘প্ৰজ্ঞান’ক সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ লগে লগে বিশ্বৰ ভিতৰতে ভাৰত চন্দ্ৰৰ দুৰ্গম দক্ষিণ মেৰুক স্পৰ্শ কৰা প্ৰথমখন দেশৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হয়৷ ইপিনে চন্দ্ৰজয়ৰ এই সফলতা লাভৰ পাছত সমগ্ৰ অভিযানটোৰ খৰচকলৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ দুদিন পূৰ্বে ৰাছিয়াৰ চন্দ্ৰযান ‘লুনা-২৫’ চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপত অৱতৰণ কৰিবলৈ গৈ ভাগি পৰে৷ ৰাছিয়াৰ এই অভিযানত খৰচ হৈছিল প্ৰায় ১,৬০০ কোটি টকা৷ কিন্তু ইয়াৰ বিপৰীতে ইছৰ’ই চন্দ্ৰযান-৩ প্ৰেৰণৰ বাবে ব্যয় কৰে মাত্ৰ ৬১৫ কোটি টকা৷ চন্দ্ৰযান-৩ ৰ বাবে ব্যয় হোৱা এই ধনৰাশি চলিত বছৰত মুক্তি লাভ কৰা ফ্লপ ছবি ছবি ‘আদি পুৰুষ’ নিৰ্মাণৰ বাজেটতকৈ প্ৰায় ১০০ কোটি টকা কম৷ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু কৃতী শেনন অভিনীত এই ছবিখন নিৰ্মাণ কৰোতে প্ৰযোজকে ব্যয় কৰিছিল প্ৰায় ৭০০ কোটি টকা৷ তাতকৈ ১০০ কোটি টকা কম খৰচ কৰি ইছৰ’ই ভাৰতবাসীক ‘চন্দ্ৰজয়’ৰ গৌৰৱ উপহাৰ দিবলৈ সক্ষম হৈছে৷ স্মৰ্তব্য যে চন্দ্ৰযান-২ অভিযানৰ ক্ষেত্ৰত ইছৰ’ই ৯৭৮ কোটি টকা ব্যয় কৰিছিল৷ কিন্তু ইয়াৰ পাছতো সেইবাৰ চন্দ্ৰযান-২ৰ অভিযান শেষ মুহূৰ্তত বিফল হয়৷ স্বাভাৱিকতে চন্দ্ৰযান-৩ৰ চন্দ্ৰজয়ৰ ক্ষেত্ৰত হোৱা কম খৰচৰ বিষয়টো এতিয়া বিজ্ঞানী মহলত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ এই সন্দৰ্ভত ইছৰ’ই প্ৰকাশ কৰা মতে চন্দ্ৰযান-৩ অভিযানত ৰ’ভাৰ আৰু প্ৰপালশচন মডিউল মিলাই মুঠ খৰচ হয় ২৫০ কোটি টকা৷ উৎক্ষেপনৰ খৰচ ৩৬৫ কোটি টকা৷ অৰ্থাৎ সকলো মিলাই চন্দ্ৰযান-৩ ৰ অভিযানৰ বাবে ইছৰ’ই ব্যয় কৰে মাত্ৰ ৬১৫ কোটি টকা৷