Logo
image

নিকেতু ইৰালুলৈ ভূপেন হাজৰিকা ন্যাসৰ সমন্বয় বঁটা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গোলাঘাট, ২৯ আগষ্টঃ ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ উদ্যোগত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় প্ৰাংগণত ৭ আৰু ৮ ছেপ্টেম্বৰত দুদিনীয়াকৈ উদ্‌যাপন কৰিবলৈ লোৱা সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্মদিন ‘সমন্বয় দিৱস’ৰ প্ৰস্তুতি পূৰ্ণোদ্যমে আগবাঢ়িছে৷ উদ্‌যাপন সমিতিৰ যুটীয়া সম্পাদক  ড॰ যদুমণি দাস আৰু দীপমণি খাটনিয়াৰে জনোৱা অনুসৰি, ৭ ছেপ্টেম্বৰৰ পুৱা বিশিষ্ট অভিনেতা পৰাণ বৰঠাকুৰে স্মৃতি তৰ্পণ কৰিব৷ নলীন দুৱৰা সোঁৱৰণী প্ৰদৰ্শনী মুকলি কৰিব বিশিষ্ট চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাই৷ বিশিষ্ট সংগীত পৰিচালক বসন্ত বৰদলৈ সোঁৱৰণী মঞ্চ আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উদ্বোধন কৰিব মাণিক বৰদলৈয়ে৷ বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট নিবন্ধকাৰ ডাঃ অজিত বৰুৱা আৰু নুমলীগড় তেল শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক ড॰ কাজল শইকীয়াই৷ এই সভাতে অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্য হাজৰিকাই উন্মোচন কৰিব স্মৃতিগ্ৰন্থ ‘সমন্বয়’, ‘ভূপেন্দ্ৰ জ্যোতি’ উন্মোচন কৰিব ৰতিমোহন নাথে৷ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক কণ্ঠশিল্পী, সংগীত পৰিচালক তৰালি শৰ্মাই পৰ্যালোচকৰূপে অংশ ল’বলগীয়া ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা আৰু প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানৰ পাছত শিৱ প্ৰসাদ ঠাকুৰ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট ছবি পৰিচালক দীনেশ গগৈয়ে৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিব নিজৰা ঠাকুৰে৷ এই অনুষ্ঠানতে বিশিষ্ট সংগীত পৰিচালক মাণিক বৰাক সম্বৰ্ধনা জনোৱা হ’ব৷  সুধাকণ্ঠৰ ৯৭সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি ৮ ছেপ্টেম্বৰৰ পুৱা সমাজৰ ভিন্ন ক্ষেত্ৰৰ ৯৭জন বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰিব ৯৭খন পতাকা৷ বৰ্ণাঢ্য সমন্বয় শোভাযাত্ৰা উদ্বোধন কৰিব গোলাঘাট জিলাৰ আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে৷ এইবাৰ ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ দ্বাৰা ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান কৰা হ’ব নগালেণ্ডৰ বিশিষ্ট সমাজকৰ্মী নিকেতু ইৰালুক৷ ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ হিতৈষী বঁটা মৰণোত্তৰভাৱে আগবঢ়োৱা হ’ব বিশিষ্ট সংগীতশিল্পী ডাঃ উপেন কাকতি আৰু বিশিষ্ট লেখক ড॰ দিলীপ কুমাৰ দত্তলৈ৷ বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক মুনীন বৰুৱা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰিব মঞ্জুলা বৰুৱাই, উদ্বোধন কৰিব ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ অধ্যক্ষ ড॰ মংগল সিং হাজোৱাৰীয়ে৷