Logo
image

শিলসাঁকোত অৰ্ধ নগ্ন হৈ প্ৰতিবাদ কৰা দুই মহিলাক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মাটি-ভেটি ৰক্ষা কৰিবলৈ অৰ্ধ নগ্ন হৈ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ'ল দুগৰাকী জনজাতি মহিলা। উচ্ছেদ বন্ধ কৰাৰ দাবীত অৰ্ধ উলংগ হৈ শিলসাঁকোত প্ৰতিবাদ কৰা দুগৰাকী জনজাতি মহিলাক শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি দুয়োগৰাকী জনজাতি মহিলাক মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ চৌহদত ৰখা হৈছে। 

উল্লেখ্য যে উচ্ছেদক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱাই গুৱাহাটীৰ  শিলসাঁকোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুৱাই প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ আহে শিলসাঁকোত ৷ কিন্তু আৰক্ষী-প্ৰশাসনক বাধা দিলে শিলসাঁকোবাসীয়ে৷ আনহাতে প্ৰতিবাদকাৰীৰ বাধাকো নেওচি উচ্ছেদ অভিযান চলাবললৈ সষ্টম হৈ পৰিল আৰক্ষী কিম্বা প্ৰশাসন৷ বছৰ বছৰ ধৰি বাস কৰি অহা নিজৰ আপোন ঘৰখন ৰক্ষা কৰাৰ স্বাৰ্থত উপায়ন্তৰ হৈ একাংশ মহিলা প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ 

দেহৰ কাপোৰ খুলি দুগৰাকী মহিলাই আৰক্ষী-প্ৰশাসনক বাধা দিবলৈ চেষ্টা চলায় ৷ ইয়াৰ পাছতে আৰু অধিক উত্তপ্ত হৈ পৰিল শিলসাঁকো। আৰক্ষীয়ে দুগৰাকী মহিলাক কাপোৰেৰে ঢাকি চোঁচৰাই নিলে আৰক্ষীৰ বাহনলৈ ৷ লগে লগে আৰক্ষীয়ে দুয়োগৰাকী জনজাতি মহিলাক মহানগৰীৰ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ শিবিৰলৈ লৈ যায়। তদুপৰি আৰক্ষীয়ে আটক কৰিছে শতাধিক প্ৰতিবাদকাৰীক ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজৰ খণ্ডযুদ্ধত আহত হৈছে কেবাগৰাকীও আৰক্ষী ৷ ইপিনে, সন্ধিয়া আৰক্ষীয়ে চৰকাৰী কামত বাধা দিয়াৰ অভিযোগত দুগৰাকী জনজাতি মহিলাক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰে। দুয়োগৰাকী জনজাতি মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে, আহত আৰক্ষীকেইগৰাকীক চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হৈছে। তথ্য অনুসৰি, শিলসাঁকোত প্ৰায় ২৫০ টা পৰিয়ালৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ ৷ ১২০ বিঘা মাটি বেদখল কৰাৰ লক্ষ্য হিচাপে লৈছে প্ৰশাসনে।