Logo
image

ফল খাই বাকলিবোৰ পেলাই নিদিব

সুস্বাস্থ্য বজাই ৰাখিবলৈ ফলাহাৰ কৰাটো জৰুৰী৷ ফল-মূলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে শৰীৰটোক সতেজ কৰি ৰখাত সহায় কৰে৷ জানি আচৰিত হ’ব যে ফলৰ লগতে ইয়াৰ বাকলিও সমানে উপকাৰী৷ বিশেষকৈ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কিছুমান ফলৰ বাকলিয়ে বিশেষভাৱে কাম কৰে৷ ছালৰ যতন লোৱাৰ ক্ষেত্ৰতো বহুতে ফলৰ বাকলি ব্যৱহাৰ কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ ফলৰ বাকলিয়ে কি কি কাম কৰে–
(১) কলৰ বাকলিঃ আমি কলটো খাই ইয়াৰ বাকলি লগে লগে পেলাই দিওঁ৷ পিছে কলৰ বাকলিয়ে যে ছালৰ উপকাৰ কৰে সেয়া বহুতেই নাজানে৷ কলৰ বাকলিত মেংগানিজ, মেগনেছিয়াম আৰু পটাছিয়াম থাকে৷ এইবোৰ উপাদানে মুখৰ ভিতৰত হোৱা ঘাঁ আৰু দাঁতৰ সমস্যা সমাধান কৰাতো সহায় কৰে৷
(২) আপেলৰ বাকলিঃ আপেলৰ বাকলিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে৷ কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলে আপেল বাকলিৰ সৈতে খাওঁক৷ আপেলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু ভিটামিন-এ থাকে৷ এই দুবিধ উপাদানে ছালৰ উজ্জ্বলতা বঢ়ায়৷ আপেলৰ বাকলিত থকা আৰ্চোলিক এচিডে কেল’ৰিৰ পৰিমাণ কমাই আনে৷ ফলত স্থূলতাৰ সমস্যা নোহোৱা হয়৷
(৩) সুমথিৰাৰ বাকলিঃ সুমথিৰাতকৈ ইয়াৰ বাকলিত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে৷ সুমথিৰাৰ বাকলিত কেৰ’টিন, ফলেট, কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়াম থাকে৷ এইবোৰ উপাদানে সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে৷ বিভিন্ন ৰন্ধন প্ৰণালীতো সুমথিৰাৰ বাকলি ব্যৱহাৰ কৰিব পৰা যায়৷ সুমথিৰাৰ বাকলিত থকা উপাদানসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ সমস্যা কমায়৷ হৃদৰোগীসকলৰ বাবে সুমথিৰাৰ বাকলি অতি উপকাৰী৷