Logo
image

নামৰূপ সাৰ কাৰখানা ক্ৰয় কৰিব খুজিছে অইল ইণ্ডিয়াই

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৪ ছেপ্টেম্বৰঃ নামৰূপ সাৰ কাৰখানা হিচাপে পৰিচিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচনক একপ্ৰকাৰ ক্ৰয় কৰিব বিচাৰিছে অইল ইণ্ডিয়া লিমিটেডে৷ অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰঞ্জিত ৰথে অলপতে খোদ এই ইংগিত প্ৰদান কৰিছে৷ সংশ্লিষ্ট মহলৰ সন্মুখত ৰথে নামৰূপ সাৰ কাৰখানাৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ নতুন দিল্লীত আয়োজিত  এখন সংবাদ মেলত নামৰূপ সাৰ কাৰখানা সুৰক্ষা ঐক্য মঞ্চৰ এটা সঁজাতি দলে আজি এই কথা ব্যক্ত কৰিছে৷ ঐক্য মঞ্চৰ কাৰ্যকৰী সভাপতি তিলেশ্বৰ বড়াই প্ৰকাশ কৰা মতে, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে অইলে আগবাঢ়ি অহিছে যদিও এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে সঁহাৰি জনোৱা নাই৷ সমগ্ৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে ঐক্য মঞ্চৰ এটা সঁজাতি দলে এতিয়া দিল্লীত বাহৰ পাতি আছে৷ অসমৰ জনপ্ৰতিনিধি হিচাপে সঁজাতি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক সাক্ষাত কৰিছে যদিও এতিয়ালৈকে তেওঁলোক কেন্দ্ৰীয় সাৰমন্ত্ৰী মনছুখ মাণ্ডাভিয়াৰ সাক্ষাৎ লাভ কৰা নাই৷ আনহাতে, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে সঁজাতি দলটোৱে ৰামেশ্বৰ তেলীৰ সৈতে সমগ্ৰ বিষয়টোলৈ বিস্তাৰিত আলোচনা কৰা বুলি ঐক্য মঞ্চৰ সভাপতি সুৰেন গগৈয়ে সংবাদ মেলত জানিবলৈ দিয়ে৷ গগৈৰ মতে, ২০০৬ চনত তদানীন্তন সাৰমন্ত্ৰী ৰামবিলাশ পাছোৱানে সাৰ কাৰখানাটোৰ চতুৰ্থ গোট স্থাপনৰ বাবে সেউজ সংকেত প্ৰদান কৰিছিল তথা ২,৬০০ কোটি টকাৰ এটা প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল৷ কিন্তু যোৱা বছৰ বৰ্তমানৰ নিটি আয়োগে নামৰূপ সাৰ কাৰখানাটো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ প্ৰস্তাব আগবঢ়ায়৷ পিছে নিটি আয়োগে কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোটটোহে বন্ধ কৰাৰ পৰামৰ্শ আগবঢ়াইছে৷ চতুৰ্থ গোট নিৰ্মাণ কৰিব নালাগে বুলি আয়োগে কোৱা নাই৷ সেয়েহে অইলে যদি এতিয়া কাৰখানাটোৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে তেনেক্ষেত্ৰত চৰকাৰে বাধা দিব নালাগে বুলি গগৈয়ে সংবাদ মেলত মন্তব্য কৰে৷ উল্লেখ্য, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ১০,০০০ কোটি টকাৰ বিনিয়োগ প্ৰয়োজন আৰু অইলে উক্ত বুজন পৰিমাণৰ পুঁজি বিনিয়োগ কৰিবলৈ সাজু আছে৷ সম্পূৰ্ণ সমগ্ৰ বিষয়টো কেন্দ্ৰীয় সাৰমন্ত্ৰী মাণ্ডাভিয়াৰ সমুখত বিস্তাৰিতভাৱে দাঙি ধৰা হ’ব৷ মাণ্ডাভিয়াৰ সৈতে হ’বলগীয়া বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব বুলি এক্য মঞ্চৰ সাধাৰণ সম্পাদক ধ্ৰnৱ শইকীয়াই সংবাদ মেলত জানিবলৈ দিয়ে৷ সঁজাতি দলটোৱে আজিৰ সংবাদ মেলত প্ৰকাশ কৰা মতে, মৃতপ্ৰায় সাৰ কাৰখানাটোত এই মুহূৰ্তত ৪৫০জন স্থায়ী বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে৷ অস্থায়ীভাৱে আছে প্ৰায় ১,২০০কৰ্মচাৰী৷ ২০১৮চনৰ পৰাই নামৰূপ সাৰ কাৰখানাটো লোকচানৰ সন্মুখীন হৈ আহিছে৷ প্ৰতিবছৰ প্ৰায় ১০০কোটি টকা লোকচান হোৱা বুলিও তেওঁলোক জানিবলৈ দিছে৷ তদুপৰি, বিগত বিত্তীয় বৰ্ষত নামৰূপ সাৰ কাৰখানাই ২.২৩ লাখ মেট্ৰিকটন সাৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে৷