Logo
image

ক্ৰীড়া বাজেট

কৰ’না ভাইৰাছৰ বাবে আন বিভিন্ন ক্ষেত্ৰৰ লগতে ক্ৰীড়াক্ষেত্ৰতো পৰিছে বিৰূপ প্ৰভাৱ৷ ইয়াৰ মূল কাৰণটো হৈছে– অৰ্থনৈতিক৷ বিশ্বৰ আগশাৰীৰ ক্লাব আৰু ক্ৰীড়া সংস্থাবোৰো ভুগিবলগীয়া হৈছে আৰ্থিক সংকটত৷ ব্যয় সংকোচনৰ কথাও ভাবিবলগীয়া হৈছে৷ এনে অৱস্থাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সোমবাৰে দাখিল কৰে ২০২১-২২ বৰ্ষৰ সাধাৰণ বাজেট৷ এইবাৰৰ বাজেটে দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে বৰ ভাল খবৰ নানিলে৷ কিয়নো  বিগত বিত্তীয় বৰ্ষত ক্ৰীড়া আৰু যুৱ কল্যাণ শিতানলৈ আগবঢ়োৱা আবণ্টনৰ তুলনাত এইবাৰ ২৩০.৭৮ কোটি টকা কৰ্তন কৰা হৈছে৷ সীতাৰমণে দাখিল কৰা বাজেটত খেলৰ বাবে ৰখা হৈছে ২,৫৯৬.১৪ কোটি টকা৷ উল্লেখ্য, ২০২০-২১ বৰ্ষৰ বাজেটত ক্ৰীড়াৰ বাবে মুঠ আবণ্টন আছিল ২,৮২৬.৯২ কোটি টকা৷ কিন্তু পৰৱৰ্তী সময়ত কৰ’নাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ক্ৰীড়া বাজেট ৰ,৮০০.১৫ কোটি টকালৈ হ্ৰাস কৰা হৈছিল৷ অৱশ্যে যোৱা বছৰৰ সংশোধিত ক্ৰীড়া বাজেটৰ তুলনাত এইবাৰ আবণ্টিত ধন বৃদ্ধি কৰা হৈছে ৭৯৫.৯৯ কোটি টকা৷ উল্লেখ্য, বিগত বছৰটোত অলিম্পিকৰ লগতে কেইবাখনো আগশাৰীৰ প্ৰতিযোগিতা স্থগিত অথবা বাতিল কৰিবলগীয়া হৈছিল৷ ঘৰুৱা প্ৰতিযোগিতা বাতিল হোৱা আৰু বিদেশত হ’বলগীয়া প্ৰশিক্ষণ-সূচী বাতিল হোৱাৰ বাবেই যোৱা বছৰৰ ক্ৰীড়া বাজেট পাছত সংশোধন কৰিবলগীয়া হৈছিল৷ তাৎপৰ্যপূৰ্ণ যে চলিত বছৰৰ জুলাইত অনুষ্ঠিত হোৱাৰ কথা টকিঅ’ অলিম্পিক৷ কিন্তু বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটত ক্ৰীড়াক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈলৈ আগবঢ়োৱা আৰ্থিক পুৰস্কাৰৰ ধনো হ্ৰাস কৰা হৈছে৷ তাৰ বিপৰীতে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনলৈ আগবঢ়োৱা আবণ্টন বৃদ্ধি কৰা হৈছে৷ ২০২০-২১ বৰ্ষৰ সাধাৰণ বাজেটত ‘খেলো ইণ্ডিয়া’ যুৱ ক্ৰীড়াক অধিক গুৰুত্ব দিয়া দেখা গৈছিল৷ তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ‘খেলো ইণ্ডিয়া’ এক উপযুক্ত মঞ্চ হিচাপে বিবেচিত হৈছে৷ ২০১৯-২০ বৰ্ষতো কেন্দ্ৰীয় চৰকাৰে ‘খেলো ইণ্ডিয়া’ক বিশেষ গুৰুত্ব দিছিল আৰু তাৰ ইতিবাচক ফলো পোৱা গৈছিল৷ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘ফ্লেগশ্বিপ প্ৰজেক্ট’ হিচাপে চিহ্নিত ‘খেলো ইণ্ডিয়া’ৰ বাবদ আবণ্টিত ধন এইবাৰ বহুখিনি হ্ৰাস কৰা হৈছে৷ বিগত বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ‘খেলো ইণ্ডিয়া’ৰ নামত ধাৰ্য কৰা হৈছিল ৮৯০.৪২ কোটি টকা৷ কিন্তু এইবাৰ আবণ্টন দিয়া হৈছে ৬৫৭.৭১ কোটি টকা৷ তাৰ মাজতে উৎসাহৰ বিষয়টো হৈছে যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ [‘ছাই’] নামত আবণ্টিত ধন বৃদ্ধি কৰা হৈছে৷ বিগত বিত্তীয় বৰ্ষৰ ক্ৰীড়া বাজেটত ‘ছাই’ৰ নামত ধাৰ্য কৰা ৫০০ কোটি টকাৰ তুলনাত এইবাৰ সেই ধন বৃদ্ধি কৰা হৈছে ৬৬০.৪১ কোটি টকালৈ৷ এটা কথা স্বীকাৰ্য যে দেশৰ ক্ৰীড়াক্ষেত্ৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে বিশিষ বৰঙণি আগবঢ়ায়৷ ৰাষ্ট্ৰীয় শিবিৰৰ আয়োজন কৰাৰ লগতে খেলুৱৈক উন্নত আন্তঃগাঁথনি আৰু সা-সৰঞ্জাম আগবঢ়ায় ক্ৰীড়া প্ৰাধিকৰণে৷ তেনেক্ষেত্ৰত প্ৰতিষ্ঠানটোলৈ আবণ্টন দিয়া ধন বৃদ্ধি হোৱাটো চৰকাৰৰ ইতিবাচক সিদ্ধান্ত বুলিয়ে ক’ব লাগিব৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনৰ নামত আবণ্টিত ধন বৃদ্ধি কৰাটোও উৎসাহৰ বিষয়৷ যোৱাবাৰৰ তুলনাত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনলৈ আগবঢ়োৱা ধন ৩৫ কোটি টকা বৃদ্ধি কৰা হৈছে৷ কিন্তু খেলুৱৈসকল নিৰুৎসাহিত হ’বলগীয়া বিষয়টো হৈছে যে ক্ৰীড়াক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা খেলুৱৈলৈ আগবঢ়োৱা আৰ্থিক পুৰস্কাৰৰ ধন ধাৰ্য কৰা হৈছে মাত্ৰ ৫৩ কোটি টকা৷ বিগত বৰ্ষত ইয়াৰ পৰিমাণ আছিল ৭০ কোটি টকা৷ অৰ্থাৎ ২০২১-২২ বৰ্ষত খেলুৱৈলৈ আগবঢ়োৱা আৰ্থিক পুৰস্কাৰৰ ধন ১৭ কোটি টকা হ্ৰাস কৰা হৈছে৷ অৱশ্যে, খেলুৱৈৰ বাবে থকা ৰাষ্ট্ৰীয় কল্যাণ নিধিৰ বাবে আবণ্টিত ধন পূৰ্বৰ ২ কোটি টকা অপৰিৱৰ্তিত থাকিব৷ যিহেতু চলিত বছৰতে অলিম্পিক অনুষ্ঠিত হ’ব, সেয়েহে অলিম্পিকৰ প্ৰস্তুতিৰ বাবে চৰকাৰে আছুতীয়াকৈ কিছু ধন ধাৰ্য কৰা উচিত আছিল৷ বিশেষজ্ঞসকলৰ ধাৰণা, অলিম্পিকৰ বাবে দল প্ৰস্তুতিৰ বাবে ভাৰতত দীৰ্ঘম্যাদী পৰিকল্পনা লোৱা নহয়৷ উল্লেখৰ প্ৰয়োজন যে ২০১৯-২০ বৰ্ষৰ সাধাৰণ বাজেটত ক্ৰীড়াৰ নামত যি ধন ধাৰ্য কৰা হৈছিল, পৰৱৰ্তী সময়ত সংশোধনীৰ বাবে ক্ৰীড়া বাজেট বৃদ্ধি কৰা হৈছিল৷ অলিম্পিকৰ প্ৰস্তুতিৰ লগতে খেলুৱৈৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো চৰকাৰে অনুৰূপ সিদ্ধান্ত ল’ব বুলি আশা ৰাখিছে খেলুৱৈসকলে৷