Logo
image

নকল পাট-মুগা কাপোৰ ধৰা পেলাবলৈ পৰীক্ষাগাৰ

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ সোণালী সুতাৰ দেশ অসমত শেহতীয়াকৈ একাংশ অসাধু ব্যৱসায়ীয়ে নকল পাট আৰু মূগা সুতা আৰু কাপোৰেৰে বজাৰ বজাৰ ভৰাই তুলিছে৷ এনে নকল পাট-মূগা কাপোৰৰ ব্যৱসায় ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰণালয়ৰ অধীনৰ চেণ্ট্ৰেল ছিল্ক ব’ৰ্ডে ৰাজ্যখনত ৮টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব৷ ইয়াৰ যোগেদি অসমৰ ঐতিহ্যমণ্ডিত পাট-মূগা কাপোৰৰ বজাৰখন ভেজাল কৰা লাভখোৰ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি আশা কৰা হৈছে৷ আজিৰ পৰা যোৰহাটৰ হোটেল নিকিতাত অনুষ্ঠিত ছিল্ক মাৰ্ক এক্সপো-২০২৩১ উদ্বোধনী অনুষ্ঠানত ভাষণ দি মূগা, এড়ী, পাট বীজ উৎপাদন সংগঠনৰ [মেচ]-ৰ সঞ্চালক ড॰ কাৰ্তিক নেওগে এই কথা প্ৰকাশ কৰে৷ তেওঁ কয় যে ৪টা পৰীক্ষা কেন্দ্ৰৰ বাবে ইতিমধ্যে মঞ্জুৰী দিয়া হৈছে৷ পাট-মূগাৰ বিশুদ্ধতা ৰক্ষা কৰাৰ বাবে এনে ভেজালকৰণ পৰীক্ষা কেন্দ্ৰ অতি প্ৰয়োজন৷ ৩০টাৰো অধিক চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰা মেলাখন উদ্বোধন কৰি দিয়া ভাষণত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ বিদ্যুৎ চন্দন ডেকাই কয় যে অসমৰ পাট, মূগা আৰু এড়ী শিল্পৰ আন্তৰ্জাতিক চাহিদা আৰু জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে চাহ পৰ্যটনৰ দৰে পাট, মূগা আৰু এড়ীক লৈও পৰ্যটনৰ সম্ভাৱনা আছে৷ বিদেশী পৰ্যটকে মূগা পালনৰ পৰা সুতা কটা, কাপোৰ বোৱালৈকে বিভিন্ন প্ৰক্ৰিয়াৰ চাক্ষুষ  অভিজ্ঞতা লাভ কৰাৰ ব্যৱস্থা কৰিলে পৰ্যটকসকল আকৰ্ষিত হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে৷ ড॰ ডেকাই জনসাধাৰণৰ মাজত পাট-মূগাৰ ভেজালকৰণ সম্পৰ্কে সতৰ্ক কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷ তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত পাট-মূগাৰ এখন বিপণীৰ বাবে স্থান দিয়াৰো আশ্বাস দিয়ে৷ অনুষ্ঠানত লাহদৈগড়ত অৱস্থিত চেণ্ট্ৰেল মূগা-এড়ী ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ইনষ্টিটিউটৰ সঞ্চালিকা ড॰ কে এম ভাজায়াকুমাৰী, উপসঞ্চালক এন গিৰিধৰ শ্ৰীনিবাস, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ লোহিত কুমাৰ দত্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য, চেণ্ট্ৰেল ছিল্ক ব’ৰ্ডে দেশজুৰি মূগা, পাট আৰু এড়ীৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে ছিল্ক মাৰ্ক এক্সপ’ৰ আয়োজন কৰিছে৷ এই এক্সপ’ৰ ২ অক্টোবৰত সামৰণি পৰিব৷