Logo
image

কাবেৰী নদীৰ জল বিবাদঃ উত্তপ্ত কৰ্ণাটক, ৪৪ খনকৈ বিমান বাতিল

ডিজিটেল ডেস্কঃ নদীৰ পানী ভাগ-বতৰা কৰাক লৈ প্ৰতিবাদৰ সৃষ্টি হৈছে৷ এই প্ৰতিবাদ সৃষ্টি হৈছে কৰ্ণাটকত ৷ তামিলনাডুলৈ কাবেৰী পানী এৰি দিয়াক লৈ কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কানাড়া আৰু কৃষক সংগঠনৰ প্ৰমুখ 'কানাড়া ওক্কুটা' সংঘই৷ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘণ্টীয়া কৰ্ণাটক বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে৷ এই বন্ধৰ সৰ্বাধিক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে বেংগালুৰত৷  প্ৰতিবাদৰ বাবে বেংগালুৰুৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ ৰখা হৈছে।

কৰ্ণাটক বন্ধৰ আহ্বানে ব্যাহত কৰিছে সাধাৰণ জনজীৱন৷ প্ৰতিবাদৰ বাবে বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰস্থান কৰিবলগা ৪৪ খনকৈ বিমান বাতিল কৰা হৈছে। প্ৰতিবাদৰ মাজতে পাঁচজন কানাড়া পন্থী সমৰ্থকে বেংগালুৰু বিমানবন্দৰত প্ৰৱেশ কৰি বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে৷ পাছত পাঁচোজন প্ৰতিবাদকাৰীক আটক কৰা হয়৷  জানিব পৰা মতে আটক কৰা লোককেইজনৰ পৰা বিমানবন্দৰত প্ৰৱেশৰ টিকট পোৱা গৈছে।  প্ৰতিবাদকাৰীসকলে টিকট কাটি বিমানবন্দৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত বিশৃংখল পৰিস্থিতিৰ সৃষ্টিৰ অপচেষ্টা চলাইছিল৷ কিন্তু তাৰ পূৰ্বেই তেওঁলোকক আটক কৰা হয়৷

কৰ্ণাটকত বন্ধৰ সৰ্বাধিক প্ৰভাৱ পৰিছে বেংগালুৰু আৰু ৰাজ্যখনৰ দক্ষিণ অংশত৷ ৰাজ্যখনৰ কেইবাটাও স্থানত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ বেংগালুৰু চহৰ, ৰামনগৰ আৰু হাছান জিলাকে ধৰি কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। এই চহৰসমূহত শৈক্ষিক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে।

উল্লেখ্য যে কৰ্ণাটক আৰু তামিলনাডুৰ মাজৰ কাবেৰী নদীৰ জল বিবাদ প্ৰায় ১৪০ বছৰ পুৰণি। ১৩ ছেপ্টেম্বৰত, কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষই এক নিৰ্দেশ জাৰি কৰিছিল। নিৰ্দেশনা অনুসৰি কৰ্ণাটকে পৰৱৰ্তী ১৫ দিনৰ বাবে তামিলনাডুলৈ ৫,০০০ কিউছেক কাবেৰী নদীৰ পানী এৰি লাগিব৷ এই নিৰ্দেশনাৰ পিছতে কৰ্ণাটকৰ কৃষক সংগঠন, কানাড়া সংগঠন আৰু বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। এই সিদ্ধান্তৰ বিৰোধিতাৰে বিজেপি, জনতা দল চেকুলাৰ আৰু কানাড়া চলচ্চিত্ৰ জগতৰ ব্যক্তিসকলেও বন্ধৰ সমৰ্থনত ৰাজ্যখনৰ বিভিন্ন জিলাত প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্ণাটক আৰক্ষীয়ে এতিয়ালৈকে ৫০ জন প্ৰতিবাদকাৰীক আটক কৰিছে। ইয়াৰ পূৰ্বে ২৬ ছেপ্টেম্বৰত বেংগালুৰু বন্ধৰ দিনা ২০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।