Logo
image

অৱশেষত অসমৰ ৰাষ্ট্ৰীয় পথৰ গাঁত নাইকিয়া কৰাৰ দায়িত্ব ল’লে গাডকাৰিয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ ছেপ্টেম্বৰঃ অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাই বছৰৰ পিছত বছৰ ধৰি জীয়াতু ভোগাই আছে সৰ্বসাধাৰণ লোকসকল৷ কেৱল জীয়াতু ভোগাই থকাই নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ তথৈবচ অৱস্থাৰ ফলত দৈনিক ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হৈ আছে ইটোৰ পিছত সিটোকৈ পথ-দুৰ্ঘটনা৷ ইয়াৰ ফলত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহু লোক৷ গুৰুতৰভাৱে আহত হৈ জীৱনৰ বাবে ঘূনীয়া হ’বলগীয়া হৈছে বিভিন্নজনে৷ অন্যতো বাদেই খোদ ৰাজ্যৰ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যও মুকলিভাৱে চৰকাৰী সভাতে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা গাত মেৰামতি কৰাৰ বাবে চৰকাৰৰ ধনৰ অভাব নেকি মন্ত্ৰীজনে ৰাজহুৱাভাৱে দুদিন পূৰ্বে প্ৰশ্ন কৰিছিল৷ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিবলৈ পৰিবহন মন্ত্ৰীজনে কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক আহ্বান জনাইছিল৷ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা এবুকু গাতৰ বাবে দৈনিক দুৰ্ঘটনা সংঘটিত হোৱা বুলিও তেওঁ অভিযোগ কৰিছিল৷ আনকি অসম বিধানসভাৰ সদ্যসমাপ্ত শৰৎকালীন অধিৱেশনতো অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বিষয়টো উত্থাপন হৈছিল৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এন এইচ আই ডি চি এল কতৃৰ্পক্ষকক তলব কৰি কঠোৰভাৱে সকীয়নি দিয়াৰ বাবে বিধানসভাৰ অধ্যক্ষক পৰামৰ্শ দিছিল৷ বিশেষকৈ উজনী অসমত বছৰৰ পিছত বছৰ ধৰি নিৰ্মীয়মান অৱস্থাত থকা ফৰলেন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণকাৰ্য আশানুৰূপভাৱে অগ্ৰগতি লাভ নকৰাত মুখ্যমন্ত্ৰীও বিধানসভাত ক্ষোভ প্ৰকাশ কৰিছিল৷ ইয়াৰ মাজতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমবাসীক দিছে এক আশাৰ বতৰা৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অসমকে ধৰি দেশৰ কোনো এটা ৰাষ্ট্ৰীয় ঘাইপথতে এটাও গাত নথকাৰ অভিযান তেওঁৰ মন্ত্ৰণালয়ে ইতিমধ্যে আৰম্ভ কৰা বুলি ঘোষণা কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰীজনৰ এই ঘোষণা যদি প্ৰকৃততে ৰূপায়িত হয় তেন্তে ডিচেম্বৰ মাহৰ পিছত বৰ্তমানৰ তুলনাত অধিক সুখপ্ৰদ হৈ পৰিব ৰাষ্ট্ৰীয় ঘাই পথৰ যাত্ৰা৷ সন্মুখত লোকসভাৰ নিৰ্বাচন৷ কেৱল অসমে নহয়, দেশৰ বহু ৰাষ্ট্ৰীয় ঘাইপথ সময়মতে মেৰামতি নকৰাৰ বাবে ইতিমধ্যে ব্যৱহাৰ অযোগ্য হৈ পৰিছে৷ যাৰ ফলত হয়তো ডিচেম্বৰ মাহৰ ভিতৰত যুদ্ধকালীন তৎপৰতাৰে ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ সিদ্ধান্ত ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিধানসভাৰ মজিয়াত কৈছিল যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে ইতিমধ্যে তেওঁ বহুবাৰ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক লৈ আলোচনা কৰিছে৷ আনকি ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দায়িত্ব অসম চৰকাৰক দিবলৈ তেওঁ গাডকাৰীক প্ৰস্তাব দিছিল৷ এন এইচ আই ডি চি এল কতৃৰ্পক্ষই উজনী অসমৰ অসম্পূৰ্ণ ফৰলেন সম্পূৰ্ণ কৰাৰ ‘ডেটলাইন’ ইতিমধ্যে বহুবাৰ দিও বিফল হৈছে৷ হয়তো এনেবোৰ ওজৰ আপত্তিৰ পিছতে দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰো বিপৰ্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ অভিযানত নামি পৰিছে গাডকাৰীৰ মন্ত্ৰণালয়৷ এতিয়া মাত্ৰ অপেক্ষা ডিচেম্বৰ মাহলৈ৷ ডিচেম্বৰ মাহত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ কিমানদূৰ মেৰামতি হ’ব সেয়া লক্ষণীয় হ’ব৷