Logo
image

ব্যস্ত শিক্ষক, পাঠদানলৈ সময় নাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ অক্টোবৰঃ অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হোৱা বুলি শিক্ষামন্ত্ৰীয়েই নহয়, খোদ মুখ্যমন্ত্ৰীকো সততে সভাই সমিতিয়ে এতিয়া ব্যাপক প্ৰচাৰ কৰা পৰিলক্ষিত হয়৷ বাস্তৱত অসমৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হৈছে নে, সেয়া এতিয়া কোটি টকীয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে৷ কিয়নো প্ৰশ্ন উঠিছে সঁচাকয়ৈ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক শৈক্ষিক কেলেণ্ডাৰ অনুসৰি দৈনিক নিৰ্ধাৰিত সময়ৰ পাঠদান দিব পাৰিছেনে? এই সময়ত শিক্ষক আৰু অভিভাৱক মনত এই প্ৰশ্নটোৱে এই বাবেই ক্ৰিয়া কৰিছে যে আজিৰ তাৰিখৰ শিক্ষকে শ্ৰেণী কোঠাৰ পাঠদানৰ পৰিৱৰ্তে এনে অনা শৈক্ষিক কামতহে অধিক সময় ব্যস্ত থাকে৷ অৱশ্যে শিক্ষকসকলক শ্ৰেণী কোঠাত পাঠদানৰ পৰিৱৰ্তে অনা শৈক্ষিক কামত নিয়োগ কৰি আহিছে শিক্ষা  বিভাগ তথা প্ৰশাসনে৷ ৰাজ্যৰ শৈক্ষিক পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছেগৈ যে শিক্ষাগুৰুক দেওবাৰৰ বন্ধবাৰৰ দিনটোতো বিদ্যালয়লৈ আহি কামত ব্যস্ত থাকিবলৈ বাধ্য কৰোৱা হৈছে৷ বিগত ৪০ দিন শিক্ষকসকলক অনা শৈক্ষিক কামত নিয়োগ কৰাৰ বাবে শিক্ষা বিভাগে ২১টা নিৰ্দেশনা দিয়াৰ অভিযোগ কৰিছে শিক্ষক সমাজে৷ মেৰি মাটি মেৰী দেশ’ৰ কলহ যাত্ৰাৰ পৰা আৰম্ভ কৰি অমৃত বৃক্ষ আন্দোলন, খেল মহাৰণ পঞ্জীয়ন আদি ২১ টা অনা শৈক্ষিক কামত শিক্ষা বিভাগে পৃথকে পৃথকে নিৰ্দেশনা দি ব্যস্ত ৰাখিছে শিক্ষাগুৰুসকলক৷ অনা শৈক্ষিক কামতে দিনৰ পাছত দিন শিক্ষকসকল ব্যস্ত থাকিবলগীয়া হোৱাত শ্ৰেণীকোঠাৰ পাঠদানত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে৷ অৰ্থাৎ এনে নিৰ্দেশনাই শিক্ষা লাভৰ পৰা বঞ্চিত কৰিছে ছাত্ৰ-ছাত্ৰীক৷ আনকি ৰাতিটোৰ ভিতৰতে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰি ছমহীয়া পৰীক্ষা পিছুৱাই প্ৰখৰ ৰ’দতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক ৰাজপথত সমদল কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ অনা শৈক্ষিক কামত নিয়োগ কৰাত পলমকৈ হ’লেও ক্ষোভ ব্যক্ত কৰা দেখা গৈছে সদৌ অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজক৷ টে’ট উত্তীৰ্ণ শিক্ষক সমাজে আপত্তি দৰ্শাই শিক্ষা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমতো কেম্পেইন আৰম্ভ কৰিছে৷ ‘আমাক পঢ়িবলৈ দিয়ক’ শ্ল’গানেৰে সামাজিক মাধ্যমত শিক্ষকসকলে অনা শৈক্ষিক কামত চৰকাৰী শিক্ষকক নিয়োগ কৰা কাৰ্যৰ বিৰোধিতা কৰি শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টি গোচৰ কৰাৰ চেষ্টা চলাইছে৷ অৱশ্যে শিক্ষকৰ এই প্ৰতিবাদক আঁকোৰগোজ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিব নে নাই সেয়া সময়হে ক’ব৷