Logo
image

এছিয়াডত ষষ্ঠ স্থানতে থমকি ৰ’ল অম্লান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ অক্টোবৰঃ ছেমিফাইনেল পৰ্যন্ত অপ্ৰতিৰোধ্য দৌৰ অব্যাহত ৰাখিও হাংঝৌ এছিয়ান গেমছৰ ফাইনেলত থমকিল অসমৰ স্প্ৰিণ্টাৰ অম্লান বৰগোঁহাই৷ সোমবাৰে অনুষ্ঠিত পুৰুষৰ ২০০ মিটাৰৰ ফাইনেলত আঠজন প্ৰতিযোগীৰ ভিতৰত অম্লানে ষষ্ঠ স্থানহে লাভ কৰিবলৈ সক্ষম হয়৷ ফলত অসম সন্তান অম্লানৰ এইবাৰৰ এছিয়াডৰ অভিযান এনেদৰেই পদকবিহীনভাৱে  সামৰণি পৰিল৷ ফাইনেলত অম্লানে ২০.৯৮ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰে৷ ইয়াৰ বিপৰীতে স্বৰ্ণপদক অৰ্জন কৰা জাপানৰ ককি ৱেইৱামাই ২০.৬০ ছেকেণ্ড, ছৌদি আৰবৰ আব্দুল্লা আকবৰে ২০.৬৩ ছেকেণ্ডত ৰূপৰ পদক আৰু টাইপেইৰ চুন হান য়াঙে ২০.৭৪ ছেকেণ্ড লৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰে৷ অম্লান বৰগোহাঁয়ে দেওবাৰে ছেমিফাইনেলত ২১.০৩ ছেকেণ্ড সময় লৈছিল যদিও ফাইনেলত তেওঁ ০.০৫ ছেকেণ্ড সময়ৰ উন্নতি ঘটালেও সেয়া পদক অৰ্জনৰ বাবে যথেষ্ট নহ’ল৷ পিছে যদিহে অম্লানে তেওঁ ইতিপূৰ্বে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় অভিলেখৰ সময়মান আজি স্পৰ্শ কৰিবলৈ সক্ষম হ’লহেঁতেন অথবা তেওঁৰ এই ছিজনৰ শ্ৰেষ্ঠতম সময়ো যদি আজি স্পৰ্শ কৰিলেহেঁতেন তেন্তে নিশ্চিতভাৱে হাংঝৌত অম্লানেই স্বৰ্ণ পদকৰ অধিকাৰী হ’লহেঁতেন৷ কিয়নো অম্লানৰ ৰাষ্ট্ৰীয় অভিলেখ সৃষ্টিকাৰী সময়মান হৈছে ২০.৫২ ছেকেণ্ড৷ আনহাতে  সোমবাৰে জাপানৰ যিজন প্ৰতিযোগীয়ে স্বৰ্ণপদক অৰ্জন কৰিলে তেওঁৰ সময়মান আছিল ২০.৬০ ছেকেণ্ড৷ বৃহৎ মঞ্চত উজ্বলি উঠিব পৰাৰ ক্ষমতা নথকাৰ বাবেই অম্লানৰ হাতৰ পৰা এছিয়ান গেমছৰ পদক হেৰাল৷