Logo
image

বিশ্ববাসীৰ সন্মুখত পুনৰ নাম উজ্বলালে লাভলীনাইঃ এছিয়ান গেমছত ৰূপৰ পদক অৰ্জন

ডিজিটেল ডেস্কঃ বিশ্ববাসীৰ সন্মুখত পুনৰ নাম জ্বলালে অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ লাভলীনাই বক্সিঙৰ মহিলাৰ ৭৫ কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰে৷ চীনৰ লী কিয়ানৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হৈ ৰূপৰ পদকতে সন্তুষ্ট হ'ব লগা হয় ভাৰতীয় বক্সাৰগৰাকী। নিৰন্তৰ প্ৰচেষ্টাৰ পিছতো লী কিয়ানক পৰাস্ত কৰিবলৈ সক্ষম নহ'ল যদিও পুনৰ দেশবাসীক গৌৱান্বিত কৰিলে লাভলীনাই৷ এছিয়ান গেমছত ভাৰতীয় মহিলা বস্কিং প্ৰতিযোগীসকলৰ বাবে এইটোয়ে প্ৰথমটো ৰূপৰ পদক৷ ইয়াৰ পূৰ্বে ২০১৪ চনত মেৰীকমে প্ৰথমটো সোণৰ পদক জয়ী হ'বলৈ সক্ষম হৈছিল।  

উল্লেখ্য যে লাভলীনা বৰগোহাঁয়ে এছিয়ান গেমছ ২০২৩ৰ ফাইনেলত প্ৰৱেশৰ লগে লগে ২০২৪ চনত হ'বলগীয়া পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল৷ পেৰিছ অলিম্পকত স্থান দখল কৰা চতুৰ্থগৰাকী ভাৰতীয় বস্কাৰ হিচাপে পৰিগণিত হৈছে লাভলীনা৷ এতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থাকিব পেৰিছ অলিম্পিকলৈ৷ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই পেৰিছ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণজয়ৰ ইতিহাস ৰচনা কৰিব বুলি আশাবাদী হৈ ৰ'ব দেশবাসী৷