Logo
image

কৃষিখণ্ড আৰু বাজেট

দুমাহৰ অধিককাল দিল্লীত কৃষকে বিদ্ৰোহ ঘোষণা কৰাৰ সময়তে দাখিল কৰা বাজেটত কৃষিখণ্ডৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কৃষি শস্যৰ ন্যূনতম সমৰ্থনমূল্য বাহাল ৰখাৰ দাবীত কৃষকে আন্দোলন অব্যাহত ৰখাৰ সময়তে কেন্দ্ৰীয় বাজেটত ইয়াক গুৰুত্বসহকাৰে লোৱা নহ’ল৷ কেন্দ্ৰীয় চৰকাৰৰ এম আই এছ-পি এছ এছ আৰু প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ যোজনাই কৃষকৰ শস্যৰ ন্যূনতম সমৰ্থনমূল্য লাভত সহায় কৰে যদিও বিগত দুটা বছৰৰ পৰা এই দুখন যোজনাৰ নামত আবণ্টিত ধনৰ পৰিমাণ ক্ৰমাগতভাৱে কমাই গৈছে কেন্দ্ৰীয় চৰকাৰে৷ এইবাৰৰ বাজেটত এম আইএছ-পি এছ এছ আঁচনিৰ নামত ২৫ শতাংশ ধন পূৰ্বৰ বাজেটতকৈ কমাই ধৰা হৈছে৷ সেইদৰে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ যোজনাৰ নামত এইবাৰৰ বাজেটত মাত্ৰ ৪০০ কোটি টকাহে আবণ্টন দিয়া হৈছে, যিটো ২০১৯-২০ বৰ্ষত আছিল ১,৫০০ কোটি টকা৷ অৱশ্যে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষি উৎপাদন বিপণন সমিতিৰ জৰিয়তে কৃষিৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৯০০ কোটি টকা বাজেটত আবণ্টন দিয়ে৷ ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ উন্নয়নৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷

যি সময়ত দেশৰ সকলো খণ্ডতে বিগত বৰ্ষত নেতিবাচক প্ৰভাৱ পৰিছিল, সেই সময়ত কিন্তু ভাৰতৰ কৃষিখণ্ডই ৩.৪ শতাংশ বৃদ্ধিৰে অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছিল৷ উল্লেখ্য, ২০২০-২১ বিত্তীয় বৰ্ষত মুঠ ঘৰুৱা উৎপাদনত কৃষিখণ্ডৰ অংশ ১৯.৯ শতাংশলৈ বৃদ্ধি হৈছিল৷ নতুন অৰ্থনৈতিক সমীক্ষা অনুসৰি নতুনকৈ অনা কৃষি বিল তিনিখনে দেশৰ কৃষিখণ্ডৰ উত্তৰণত সহায় কৰিব বুলি চৰকাৰে কৈছে যদিও কৃষকসকলে নিজৰ ভূ-সম্পত্তি হেৰুওৱাৰ আশংকা কৰিছে৷ বিপৰীতে কৃষক সংগঠনসমূহে কৃষিখণ্ডৰ বাবে সুকীয়া বাজেটৰ দাবীহে উত্থাপন কৰিছে৷ কৃষকৰ আয় ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও  বাজেটৰ দ্বাৰা প্ৰকৃত কৃষকসকল উপকৃত হ’ব বুলি আশা কৰা নাই৷ অৱশ্যে বাজেটত কৃষকৰ ঋণৰ বাবে ১৬.৫ লাখ কোটি টকা নিৰ্ধাৰণ কৰিছে যদিও ইয়ে কৃষকৰ আয় বৃদ্ধিত প্ৰভাৱ নেপেলায়, যদিহে কৃষকে উৎপাদিত শস্যৰ সঠিক মূল্য নাপায়৷ বিপৰীতে এইবাৰৰ বাজেটৰ জৰিয়তে অসম তথা পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই দুই ৰাজ্যৰ চাহ শ্ৰমিকৰ বাবেহে ধন আবণ্টন দিয়া পৰিলক্ষিত হৈছে৷ অসম আৰু পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন একে সময়তে অনুষ্ঠিত হ’ব৷ যিহেতু এই দুখন ৰাজ্যৰ চাহ শ্ৰমিকে কেইবাটাও বিধানসভা সমষ্টিত প্ৰাৰ্থীৰ জয়-পৰাজয় নিৰ্ণয় কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে, সেয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ১ হাজাৰ কোটি টকা আবণ্টন দিয়ে৷ বিশেষকৈ চাহ শ্ৰমিকৰ মহিলা আৰু শিশুসকলৰ কল্যাণৰ বাবে এই ধনৰাশি আবণ্টন দিয়ে৷ উল্লেখ্য, বিগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে আশা কৰা ধৰণে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ যিহেতু এপ্ৰিল-মে’ৰ ভিতৰতে অসম আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচন হ’ব, সেয়ে বিজেপিয়ে এই দুই ৰাজ্যৰ ক্ষমতা নিজৰ অধীনলৈ অনাৰ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ ২০২০ চনৰ ৰাজ্যৰ বাজেটত পশ্চিমবংগতৰ তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন মমতা বেনাৰ্জীয়ে গৃহহীন চাহ শ্ৰমিকৰ বাবে নতুন প্ৰকল্প গ্ৰহণ কৰি ৫০০ কোটি টকা আবণ্টন দিছিল৷ এনে আঁচনিৰ দ্বাৰা লোকসভাত বেয়া ফল দেখুওৱা উত্তৰবংগত মমতা বেনাৰ্জীয়ে নিজৰ স্থিতি মজবুট কৰাৰ চেষ্টা চলাইছিল৷ মমতাৰ সেই পথকে অনুসৰণ কৰি কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ বাজেটত চাহ শ্ৰমিক অধ্যুষিত অঞ্চলসমূহত নিজৰ আধিপত্য দখল কৰাৰ লক্ষ্যৰে ১,০০০ কোটি টকা আবণ্টন দিয়ে বাজেটত৷ অৱশ্যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাহে নাই৷ অসমত আজিও চাহ শ্ৰমিকে নাপালে  ৩৬৫ দৈনিক টকাৰ মজুৰি৷ উল্লেখ্য, কৰ’না কালত চাহ শ্ৰমিকৰ অৱস্থাৰ অৱনতি ঘটাৰ বাবে বিভিন্ন দল-সংগঠনে চাহ উদ্যোগটোৰ উন্নয়নৰ বাবে চৰকাৰক দাবী জনাইছিল৷ হয়তো এইবাৰৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে এই দিশটোক গুৰুত্ব দিছে আৰু একে সময়তে ৰাজ্যিক নিৰ্বাচনতো যাতে প্ৰভাৱ পেলাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ধনৰ আবণ্টন দিছে৷ বাজেটে কৃষকৰ আয় কিদৰে দুগুণ কৰে, সেয়াহে লক্ষণীয় হ’ব৷