Logo
image

চৰাইদেউত ইউনেস্ক’ৰ দল

চৰাইদেউ মৈদামস্থলীৰ পৰা নিৰঞ্জন শইকীয়া [আমাৰ অসম]- ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্ৰথমখন স্থায়ী ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্তিৰ বাবে ‘ইউনেস্ক’ৰ বিশেষ শাখা ICOMOSৰ বিশেষজ্ঞ লিম চেন চিয়ান পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি চৰাইদেউ মৈদামস্থলী পৰ্যৱেক্ষণৰ বাবে কালি বিয়লি চৰাইদেউ মৈদামস্থলীত উপস্থিত হয়৷ ডিব্ৰুগড় বিমান বন্দৰৰ পৰা পোনে পোনে বিয়লি ৪.১০বজাত চৰাইদেউ মৈদামস্থলীত উপস্থিত হোৱা চিংগাপুৰৰ লিম চেন চিয়ানক চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে উৎফুল্ল চৰাইদেউবাসী আৰু বিভিন্ন দল-সংগঠনে বিহুদল আৰু টাই আহোমসকলৰ পৰম্পৰাগত নৃত্য আৰু অসমীয়া স্বাভিমান গামোচা-জাপিৰে বিপুলভাৱে আদৰণি জনায়৷ ৰাইজৰ বিপুল আদৰণি গ্ৰহণ কৰি বিশেষজ্ঞজনে চৰাইদেউ মৈদামস্থলীত প্ৰৱেশ কৰি চাও চেং ৰেণত মলুংসকলে অনুষ্ঠিত কৰা ফুৰালুং পূজাত অংশগ্ৰহণ কৰে৷ ইয়াৰ পাছতে তেওঁ মৈদামস্থলীত এক বৃক্ষৰোপণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷  ইয়াৰ পাছত মৈদামক্ষেত্ৰ পদব্ৰজে ভ্ৰমণ কৰে আৰু মৈদামক্ষেত্ৰ পৰিভ্ৰমণৰ পাছত পৰ্যৱেক্ষকজন বিশ্ব ঐতিহ্যক্ষেত্ৰ সম্পৰ্কীয় এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত উপস্থিত থাকে৷ উল্লেখ্য, ইউনেস্ক’ৰ বিশেষজ্ঞ প্ৰতিনিধিজনে তিনিটা দিন চৰাইদেউ মৈদামক্ষেত্ৰত বাহৰ পাতি চৰাইদেউ মৈদামস্থলীৰ প্ৰতিটো দিশ তন্ন-তন্নকৈ চোৱা-চিতা কৰি ইউনেস্ক’ক প্ৰতিবেদন দাখিল কৰিব৷ কাইলৈ পুৱাৰেপৰা ইউনেস্ক’ৰ পৰ্যৱেক্ষকজনে বিস্তৃতভাৱে মৈদামক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যৱেক্ষণ কাৰ্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, মৈদামক্ষেত্ৰত উপস্থিত হৈ ড’ছিয়াৰত চিহ্নিত কৰা ক’ৰ জ’নৰ ৯৫.২ হেক্টৰ ভূমি আৰু বাফাৰ জ’নত থকা প্ৰায় ৬০০ বিঘা ভূমিত সিঁচৰতি হৈ থকা আহোম ৰাজত্বকালৰ বিভিন্ন সমল, পুখুৰী আৰু মৈদামসমূহৰ ঐতিহাসিক গুৰুত্ব মূল্যায়ন কৰিব ইউনেস্কৰ বিশেষজ্ঞজনে৷ ৯ অক্টোবৰৰ বিয়লিপৰ্যন্ত বিশেষজ্ঞজনে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ, অধ্যয়ন কৰি চিংগাপুৰলৈ ৰাওনা হ’ব৷ জানিব পৰা মতে, বিশেষজ্ঞজনে মৈদামক্ষেত্ৰৰ ক’ৰ জ’নত থকা বিস্তীৰ্ণ অঞ্চলৰ লগতে বাফাৰ জ’নত থকা ঐতিহাসিক ঠাই, মৈদাম আৰু পুখুৰী আদি পৰিদৰ্শন কৰিব৷  বিশেষকৈ বাফাৰ জ’নত থকা বৰগোহাঁই পুখুৰী, ৪টা কুঁৱৰী মৈদাম, চাংমাই শাল, ৰজামৈদাম, শ-নিয়া আলি, মৈদাম নং ২, ৯, ১৪, ১৫, ১৬, লাংকুৰি দেওশাল, চ্যুকাফা মৈদাম, যুৰীয়া মৈদাম, ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আদি বিশেষজ্ঞজনে পৰিদৰ্শন কৰিব৷ আনহাতে, জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে এইবাৰ ঐতিহাসিক চৰাইদেউক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ টেগৰ বাবে মনোনীত কৰিছে৷ উল্লেখ্য, ইউনেস্ক’ৰ দ্বাৰা চৰাইদেউৱে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ সন্মান লাভ কৰিলে অসমৰ প্ৰথম বিশ্ব ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব চৰাইদেউ৷ উল্লেখ্য, মৈদামক্ষেত্ৰ পদব্ৰজে ভ্ৰমণ কৰাৰ সময়ত বিশেষজ্ঞজনক সংগ দিয়ে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,  প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ, কেন্দ্ৰীয় আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ বিষয়াসকল তথা চৰাইদেউ জিলাৰ উপায়ুক্ত নিবেদন দাস পাটোৱাৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱৰ উপৰি ৱল্ডৰ্ হেৰিটেজৰ অতিৰিক্ত সঞ্চালকপ্ৰধান জাহ্নৱীজ শৰ্মা, সঞ্চালক মদন সিং চৌহান, উপ-অধীক্ষক পুৰাতত্ত্ববিদ ড॰ গজানন এল কাটাদে, সহকাৰী অধীক্ষক পুৰাতত্ত্ববিদ ড॰ কাঞ্চনলতা ৰায়, সহকাৰী পুৰাতত্ত্ববিদ ড॰ নেহা পাণ্ডে, তথা কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ড॰ কে চি নৌৰিয়াল আদিও মৈদামস্থানত উপস্থিত থাকে৷ উল্লেখ্য, দেওবাৰে পুৱাৰ পৰা ইউনেস্ক’ৰ পৰ্যৱেক্ষকজনে বিস্তৃতভাৱে মৈদামক্ষেত্ৰৰ সকলো যাৱতীয় বিষয় সামৰি পৰ্যৱেক্ষণ কাৰ্য সম্পন্ন কৰিব৷