Logo
image

বিচিপিএলৰ নতুন পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১১ অক্টোবৰঃ দেশৰ ৰাজহুৱা খণ্ডৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ [বিচিপিএল] মুখ্য পৰিচালন সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত দায়িত্বভাৰ ল’লে আন এজন অসমীয়া সন্তানে৷ কালি আনুষ্ঠানিকভাৱে বিচিপিএলৰ মুখ্য পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ডিব্ৰুগড়ৰ  সু সন্তান প্ৰাঞ্জল চাংমায়ে৷ বিদায়ী পৰিচালন সঞ্চালক কিপ হাজৰিকাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিলে ইতিপূৰ্বে কেমিকেল বিভাগৰ মুখ্য প্ৰবন্ধক হিচাপে দায়িত্ব গ্ৰহণ কৰা প্ৰাঞ্জল চাংমায়ে৷ ডিব্ৰুগড়ৰ সু-সন্তান চাংমায়ে বি চি পি এলৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু বহনক্ষম বৃদ্ধিৰ কৌশল উদ্ভাৱন কৰাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল৷ ডিব্ৰুগড় চৰকাৰী ল’ৰা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৮৫চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ১৯৯২ চনত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে৷ ২০১১ চনৰ ৫জুলাইত বি চি পি এলত মুখ্য প্ৰবন্ধক হিচাপে যোগদান কৰা প্ৰাঞ্জল চাংমায়ে প্ৰকল্পটোৰ ৰূপায়ণত আৰম্ভণিৰে পৰা সক্ৰিয়ভাৱে জড়িত হৈ আছিল৷ ডিব্ৰুগড় চহৰৰ মিলন নগৰৰ নিৱাসী চাংমাইৰ পিতৃ গুণকান্ত চাংমাই আৰু মাতৃ সাবিত্ৰী চাংমাই৷ ১৯৯৩ চনত হিন্দুঃস্থান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেডৰ মেনেজমেণ্ট ট্ৰেইনি হিচাপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰাঞ্জল চাংমায়ে ১৯৯৬ চনৰ পৰা ২০১১ চনলৈ গুজৰাটৰ হাজিৰাত অৱস্থিত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ মহাপ্ৰবন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁৰ কৌশলগত দৃষ্টিভংগী আৰু উদ্ভাৱনী চিন্তাধাৰাই বি চি পি এলক এক নতুন গতি দিব বুলি আশা কৰা হৈছে৷ প্ৰাঞ্জল চাংমাইৰ নেতৃত্বত অন্য এক সফলতাৰ দিশে গতি কৰিব বি চি পি এলে৷