Logo
image

কৃষক আন্দোলনে কিয় ল’লে হিংসাত্মক ৰূপ

... আন্দোলনকাৰীয়ে বিদ্ৰোহ কৰিলে বুলিয়ে ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰিব কিয়? তেওঁলোকক অধিকাৰ দিলে কোনে? তদুপৰি দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কৃষি আইন সন্দৰ্ভত বিভিন্ন দিশ চালি-জাৰি চাবলৈ এখন কমিটী গঠন কৰি দিয়াৰ পাছতো আন্দোলনকাৰী কৃষকসকলে ২৬ জানুৱাৰীত হিংসাত্মক কাৰ্যকলাপত কিয় লিপ্ত হ’ল, তাৰ উত্তৰ কৃষক সংগঠন আৰু নেতাসকলে দেশবাসীক দিব পাৰিবনে? কৃষক আন্দোলনৰ আঁৰত তৃতীয় শক্তিৰ হাত আছে নেকি তাৰহে তদন্ত হ’ব লাগে ...

হিংসাত্মক কাৰ্যকলাপেৰে সমস্যা সমাধান হোৱাৰ নজিৰ বিচাৰি পাবলৈ টান৷ উত্তেজনাৰ বশৱৰ্তী হৈ যিকোনো কাম কৰিলে ইয়াৰ পৰিণতিও ভয়াৱহ হয়৷  শান্ত পৰিৱেশৰ মাজেদি আগবাঢ়ি গ’লে সন্মুখৰ সকলো দুৱাৰ খোলা থাকে৷ যেতিয়াই-তেতিয়াই প্ৰৱেশ কৰাৰ অনুমতি পোৱা যায়৷ মাৰ্টিন লুথাৰ কিঙৰ পৰা আৰম্ভ কৰি মহামানৱ মহাত্মা গান্ধী, নেলছন মেণ্ডেলালৈকে এইসকল নেতৃবৃন্দই এটা কথা স্পষ্ট কৰি গৈছে যে অহিংস পথেৰে আগুৱাই গ’লেহে সমস্যা নহয়৷ এনে উদাহৰণ সোণোৱালী আখৰেৰে জিলিকি থকাৰ পাছতো মহাত্মা গান্ধীৰ দেশত উদণ্ড কৃষকে দেশৰ আকৰ্ষণৰ অন্যতম লালকিল্লাত বিদ্ৰোহী কৃষকে অপমান কৰিলে ভাৰতীয় জাতীয় পতাকাক৷ লালকিল্লাত ত্ৰিৰংগ উৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্জ্বল কাহিনীৰ সাক্ষী হৈ থাকোঁতে বিদ্ৰোহী কৃষকে পতাকাখনক অপমানিত কৰি ‘নিচান চাহিব’ৰ পতাকা উত্তোলন কৰাটো উচিত আছিল নে নাই সেয়া সময়েহে উত্তৰ দিব৷

গণতান্ত্ৰিক দেশত সকলোৰে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ অধিকাৰ আছে৷ সংবিধানপ্ৰদত্ত অধিকাৰ আৰু প্ৰাপ্য তথা কোনো বিষয়ক কেন্দ্ৰ কৰি আন্দোলন-প্ৰতিবাদ কৰিব পৰাৰ অধিকাৰ দেশৰ সংবিধানখনে প্ৰদান কৰিছে৷ শান্তিপূৰ্ণভাৱে সমৱেত হোৱাৰো অধিকাৰ প্ৰতিজন ভাৰতীয় লোকেই উপভোগ কৰিব পাৰে৷ পিছে শান্তিপূৰ্ণ আন্দোলনক প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰোৱাৰ অধিকাৰ সংবিধানে কোনো লোককে দিয়া নাই৷ ৰাজহুৱা সম্পত্তি কোনেও ধবংস কৰিব নোৱাৰে৷

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইন বাতিলৰ দাবীত বিগত দুমাহে হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ মাজতে হঠাতে ট্ৰেক্টৰ ৰেলীৰে দিল্লীৰ লালকিল্লাত ধৰ্মীয় পতাকা উৰুওৱা, আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হোৱাৰ লগতে ৰাজহুৱা সা-সম্পত্তিৰ ক্ষতি কৰাৰ পাছত এতিয়া কৃষক আন্দোলনক লৈ চলিছে ব্যাপক চৰ্চা৷ ২৬ জানুৱাৰীত দেশবাসীয়ে যেতিয়া গণৰাজ্য দিৱস পালনেৰে জাতীয় পতাকা উৰুওৱাত ব্যস্ত হৈ আছিল, সেই সময়তে একাংশ বিদ্ৰোহী কৃষকে লালকিল্লাত উৰুৱালে ‘নিচান চাহিব’৷ কৃষক আন্দোলনক লৈ বিগত দুমাহে বিশ্বৰ বিভিন্ন দেশৰ নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত আৰু সমৰ্থন জনোৱাৰ পাছতো আন্দোলনে হঠাতে হিংসাত্মক ৰূপ ধাৰণ কৰে৷ শতাধিক আৰক্ষী আহত হোৱা ঘটনাটো এতিয়া কোনেও সহজভাৱে ল’ব পৰা নাই৷

কৃষক আন্দোলনে হঠাতে কিয় হিংসাত্মক ৰূপ ল’লে? এয়া কৃষকৰ পূৰ্বপৰিকল্পিত আক্ৰমণ আছিল নেকি? যদি আছিল তেনেহ’লে আৰক্ষী-চোৰাংচোৱা বিভাগে কিয় একো সংকেত নাপালে? এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি এতিয়া সকলোৰে মনত কৌতূহল সৃষ্টি হৈ আছে৷ বিক্ষিপ্ত ঘটনাৰ পাছত এতিয়া দিল্লী-হাৰিয়ানাৰ সিংঘু ব’ৰ্ডাৰৰ সমীপতে এতিয়া স্থানীয় ৰাইজে কৃষক আন্দোলনস্থলীৰ সমীপতে আন্দোলনকাৰীৰ বিৰুদ্ধে ধৰ্ণা দিছে, ৰাজপথ মুকলি কৰি দিয়াৰ দাবীত৷ এখন আইন বাতিলৰ দাবীত হিংসাত্মক আন্দোলন চলোৱা এইসকল কৃষকৰ মাজত এতিয়া বিভাজন হোৱাটো প্ৰকট হৈ পৰিছে৷ কেৱল সেয়াই নহয়, আন্দোলনত অংশগ্ৰহণ কৰা কৃষকৰ বহুতেই যে প্ৰকৃত কৃষক নহয় সেয়াও স্পষ্ট হৈছে৷ এই আন্দোলনৰ আঁৰত থকা তৃতীয় শক্তিয়ে আন্দোলনকাৰী কৃষকৰ কান্ধত বন্দুক থৈ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত লিপ্ত হ’বলৈ সুযোগ গ্ৰহণ কৰিছে৷ কাৰণ আইন বাতিলৰ বাবে কৰা আন্দোলনত অংশগ্ৰহণ কৰা একাংশ লোকৰ হাতত থকা তৰোৱাল আদিয়ে এই কথাকে প্ৰমাণ কৰিছে৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই যে আন্দোলনে হিংসাত্মক ৰূপ ল’ব লাগিব, তাৰ কোনো যুক্তি থাকিব নোৱাৰে৷

কৃষক আন্দোলনটোৰ উদ্দেশ্য যুক্তিসংগত আছিল যদিও দিন বাগৰাৰ লগে লগে ইয়াক লৈ একাংশ ৰাজনৈতিক দলে যেতিয়াৰে পৰা ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰপৰাই আন্দোলনটোৱে অন্যফালে গতি কৰিলে৷ একাংশ তথাকথিত ৰাজনৈতিক নেতাই নিজৰ নিজৰ উদ্দেশ্যত উপনীত হৈ মুনাফা লুটিবলৈ আন্দোলনকাৰীৰ স’তে মিলিত হোৱা আৰু সমৰ্থন আগবঢ়োৱাৰ পাছতেই এই আন্দোলনৰ বাবে যে একাংশ লোকে প্ৰৰোচনা কৰিছে, সেই কথা লাহে লাহে ৰাইজে বুজি পালে৷ চৰকাৰেও অপেক্ষা কৰিছিল এই আন্দোলনকাৰীয়ে ধৈৰ্যৰ বান্ধ ছিঙি হিংসাত্মক কাৰ্যত লিপ্ত হওক৷ ছমাহৰ বাবে ট্ৰাক-ট্ৰেক্টৰত খাদ্যসামগ্ৰী মজুত ৰাখি আন্দোলনত নমা লোকসকলে ৰাজপথত যিধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে, সেই দৃশ্য দেখাৰ পাছত সৰ্বসাধাৰণৰ মাজত এটা প্ৰশ্ন উদয় হ’ল– এনে বিলাসিতা আন্দোলন কেৱল কৃষি আইন বাতিল কৰিবলৈ কৰিছে নে তৃতীয়পক্ষক লাভৰ বাবে সুযোগ দিবলৈ অব্যাহত ৰাখিছে?

কৃষক আন্দোলনে সংগঠিত ৰূপত চৰকাৰৰ আগত দাবী উত্থাপন কৰিবলৈ চেষ্টা কৰিলে যদিও উপযুক্ত কৃষক নেতাৰ অভাৱত শান্তিপূৰ্ণভাৱে চলি থকা আন্দোলনে হঠাতে ভয়াৱহ ৰূপ ধাৰণ কৰিলে৷ আন্দোলন সফল হ’বলৈ হ’লে উপযুক্ত নেতাৰ প্ৰয়োজন৷ ইতিহাসৰ পৃষ্ঠ মেলি চালে এই কথাকে প্ৰমাণ কৰে৷ মহামানৱ মহাত্মা গান্ধীয়ে শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতিৰে আন্দোলন কৰিছিল৷ মাৰ্টিন লুথাৰ কিঙে কৃষ্ণাংগৰ বাবে কৰা আন্দোলন আছিল অহিংস নীতিৰ আধাৰত প্ৰতিষ্ঠিত৷ দক্ষিণ আফ্ৰিকাৰ নেলছন মেণ্ডেলাই অহিংস পথেৰেই আন্দোলন চলাইছিল৷ সফলো হৈছিল৷ এনে আদৰ্শৰ বিপৰীতে দেশৰ একাংশ বিদ্ৰোহী কৃষকে কৃষি আইন বাতিলৰ বাবে ল’লে হিংসাৰ পথ৷ কাৰণ এই আন্দোলন কেইবাটাও সংগঠনে আৰম্ভ কৰিছিল যদিও নেতাসকলৰ নাই আদৰ্শ৷ কেৱল চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে বুলিয়েই এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে৷ কোনো নেতাৰ নিয়ন্ত্ৰণত নাই আন্দোলনকাৰী৷ একাংশৰ বাবে ‘মোদীবিৰোধী’ শ্লোগান দিয়াটোৱেই যেন কৃষক আন্দোলনৰ লক্ষ্য কৰি ল’লে৷ তদুপৰি আন্দোলনকাৰীৰ প্ৰকৃতি লক্ষ্য কৰিলে সন্দেহ হয় তেওঁলোকে যেন কাৰোবাৰ নিৰ্দেশতহে প্ৰতিবাদ কৰিছে৷ ক’ৰবাত যদি ম’বাইল টাৱাৰ ভাঙিছে, আন ক’ৰবাত আকৌ যোগাযোগ বিচ্ছিন্ন কৰিছে৷ যেন উৰহৰ খং ভগা ঢাঁৰিতহে জাৰিছে৷

কোনোবাই আন্দোলন কৰে কৰি থাকক৷ অধিকাৰ সাব্যস্ত কৰিবলৈ আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে৷ পিছে সেই অধিকাৰে দেশৰ অখণ্ডতা, স্বাভিমান আৰু গৌৰৱক ধূলিসাৎ কৰিব নোৱাৰে৷ ঐতিহাসিক সম্পদ ধবংস বা ক্ষতি, ৰাষ্ট্ৰীয় সম্পদ, ধবজা আদিক অসন্মান কৰাটো কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ জাতীয় পতাকাক ভাৰতীয়ই সদায় সন্মান দি আহিছে৷ গতিকে আন্দোলনকাৰীৰ দৃষ্টিত এইখন এখন কেৱল গেৰুৱা, শুকুলা আৰু শ্যামল বৰণৰ কাপোৰ হ’ব নোৱাৰে৷ যদি কোনোবাই এই ত্ৰিৰংগক কেৱল এখন খাদী কাপোৰ বুলি ভাবে, তেনেহ’লে তেনে ব্যক্তি কেতিয়াও ক্ষমাৰ যোগ্য হ’ব নোৱাৰে৷ তদুপৰি দেশৰ সুৰক্ষাৰ বাবে দিনে-নিশাই অতন্দ্ৰ প্ৰহৰী হৈ থকা আৰক্ষী-নিৰাপত্তাৰক্ষীৰ ওপৰত দেশৰ জনগণে আন্দোলনৰ নামত আক্ৰমণ কৰাটোও গ্ৰহণযোগ্য নহয়৷ আন্দোলনকাৰীয়ে বিদ্ৰোহ কৰিলে বুলিয়ে ৰাজহুৱা সম্পত্তিৰ ক্ষতি কৰিব কিয়? তেওঁলোকক অধিকাৰ দিলে কোনে? তদুপৰি দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কৃষি আইন সন্দৰ্ভত বিভিন্ন দিশ চালি-জাৰি চাবলৈ এখন কমিটী গঠন কৰি দিয়াৰ পাছতো আন্দোলনকাৰী কৃষকসকলে ২৬ জানুৱাৰীত হিংসাত্মক কাৰ্যকলাপত কিয় লিপ্ত হ’ল, তাৰ উত্তৰ কৃষক সংগঠন আৰু নেতাসকলে দেশবাসীক দিব পাৰিবনে? কৃষক আন্দোলনৰ আঁৰত তৃতীয় শক্তিৰ হাত আছে নেকি তাৰহে তদন্ত হ’ব লাগে৷ নহ’লে এনেদৰে আন্দোলনকাৰীয়ে এদিন তৃতীয় শক্তিৰ সহায়ত দেশত বিভাজনৰ সৃষ্টি কৰিব৷ দেশৰ অখণ্ডতাৰ প্ৰতি আহি পৰিব চৰম ভাবুকি?

ফোনঃ ৯৪৩৫১-০৩৯৭৭