Logo
image

তিনি কিশোৰ, তিনিটা মাছঃ দুটা পুঠি, এটা মিৰিকাৰ বাবেই থানাত গোচৰ

ডিজিটেল সংবাদ, তেজপুৰঃ বৰশী বাই মহা বিপদত পৰিছে তিনিজনকৈ কিশোৰ ছাত্ৰ৷ বৰশীত উঠা দুটা পুঠি মাছ আৰু এটা মিৰিকা মাছেই বিপদ মাতি আনিছে ছাত্ৰকেইজনৰ বাবে৷ তিনিটা মাছৰ বাবে থানালৈ যাবলগীয়া হৈছে ছাত্ৰকেইজন৷ দুটা পুঠি মাছ আৰু এটা মিৰিকাৰ বাবদ ছাত্ৰকেইজনৰ পৰা দাবী কৰা হৈছে ৫০ হাজাৰ টকা ৷ তেজপুৰৰ পৰ্বতীয়াত সংঘটিত এই ঘটনাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, সপ্তম আৰু অষ্টম শ্ৰেণীৰ তথা তেজপুৰৰ পৰ্বতীয়া নিবাসী তিনিজন ছাত্ৰই মঙলবাৰে বিদ্যালয়ৰ পৰা আহি ঘৰৰ সমীপতে থকা এটা পুখুৰীত বৰশী বাই উঠাইছিল তিনিটা মাছ৷ ইয়াৰে দুটা পুঠি মাছ আৰু এটা আছিল মিৰিকা মাছ৷ বৰশী বাই মাছ উঠোৱাৰ পিছতেই সমগ্ৰ ঘটনাৰ সূত্ৰপাত ঘটিছে৷

তিনি কিশোৰে ঘৰুৱা পুখুৰীত মাছ মৰা বুলি কোৱাৰ বিপৰীতে এজন লোকে দাবী কৰিছে যে কিশোৰ কেইজনৰ ঘৰৰ পুখুৰীৰ বিপৰীতে তেওঁৰহে পুখুৰীত বাইছিল বৰশী৷  প্ৰণৱ পটংগীয়া নামৰ লোকজনে দাবী কৰিছে যে কিশোৰ তিনিজনে তেওঁৰ পুখুৰীতহে বৰশী বাই সেই মাছ তিনিটা ধৰিছে৷

ইয়াৰ বাবে প্ৰণৱ পটংগীয়াই তিনি কিশোৰৰ পৰিয়ালক ৫০হাজাৰ টকা ক্ষতিপূৰণ হিচাপে দাবী কৰিছে৷ ইয়াৰ উপৰি পটংগীয়াই স্থানীয় লালমাটি আৰক্ষী চকীত ঘটনাক লৈ এজাহাৰো দাখিল কৰে৷ এই এজাহাৰৰ পিছতেই লালমাটি আৰক্ষীয়ে বিদ্যালয়ত ছমহীয়া পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰকেইজনক আটক কৰে ৷ 

এই খবৰ বিয়পি পৰাৰ লগে লগে লালমাটি আৰক্ষী চকী ঘেৰাও কৰে একাংশ স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ লালামাটি আৰক্ষী চকীৰ বিষয়াজনে পটংগীয়াৰ স’তে বুজাবুজি কৰি ছাত্ৰকেইজনক আটক কৰিছে৷ সেয়ে পটংগীয়াৰ বিৰুদ্ধেও এজাহাৰ দাখিল হৈছে যদিও এইপৰ্যন্ত তেওঁক আৰক্ষীয়ে সোধ-পোচ কৰা নাই৷ ইপিনে আৰক্ষীয়ে আটক কৰাৰ বাবে বুধবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত বহিব নোৱাৰিলে ছাত্ৰ কেইজন ৷