Logo
image

চিনেমা হল মুকলি হ’ল, ভ্ৰাম্যমাণত বাধা কিহৰ

ঘোপমৰা অন্ধকাৰৰ মাজতো দেখিছোঁ আশাৰ ৰেঙণি৷ কৰ’না আৰু লকডাউনে আমাক সকলোকে জোলোকা জোলোকে পানী খুৱালে৷ প্ৰায় সকলো ধৰণৰ ব্যৱসায়-বাণিজ্য বন্ধ হৈ গ’ল৷ সীমিত হৈ গ’ল মানুহৰ আহ-যাহ৷ কেৱল অসম বা ভাৰততে নহয়, পৃথিৱীজুৰি সৃষ্টি হ’ল অনাহূত, অবাঞ্ছিত, অভাৱনীয় পৰিস্থিতিৰ৷ সাংস্কৃতিক জগতখনতো পৰিল বিৰূপ প্ৰভাৱ৷ গান গোৱা মানুহজনৰ পৰা আৰম্ভ কৰি নাটক কৰা ছোৱালীজনীলৈকে, চিনেমাৰ পৰিচালকৰ পৰা স্পট বয়লৈকে, এমেছাৰ আৰু ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলীৰ পৰা আৰম্ভ কৰি নৃত্যশিল্পীগৰাকীলৈকে– সাংস্কৃতিক জগতৰ মানুহখিনিক কৰ’না ধুমুহাই বাৰুকৈয়ে জোকাৰি গ’ল৷ সামগ্ৰিকভাৱে সকলো শ্ৰেণীৰ লোককে কোবাই গ’ল কৰ’না আৰু লকডাউনে৷ এতিয়া পৰিস্থিতি কিছু উন্নত হৈছে যদিও আশংকাৰ অন্ত পৰা নাই৷ এনে সময়তে চিনেমা হল আৰু থিয়েটাৰ হলত এশ শতাংশ আসনত দৰ্শক বহিবৰ বাবে চৰকাৰে অনুমতি প্ৰদান কৰিছে৷ এয়া অত্যন্ত ভাল কথা৷ চিনেমা হলবোৰ যদি নচলে তেন্তে চিনেমা কোনে নিৰ্মাণ কৰিব? যদি চিনেমা নিৰ্মাণ কৰা নহয়, তেন্তে চিনেমাৰ সৈতে জড়িত লোকসকল কেনেকৈ চলিব? গোটেই কথাবোৰ এটাৰ লগত আনটো সংপৃক্ত৷ এমেছাৰ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰতো একে কথাই খাটে৷ চিনেমা আৰু থিয়েটাৰ হল সম্পূৰ্ণৰূপে খুলি দিবৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ৷ একে সময়তে আমি ৰাইজকো কৰযোৰে মিনতি জনাইছোঁ যাতে ৰাইজে কৰ’না শেষ হোৱা বুলি ভাবি নলয়৷ সকলোৱে মাস্ক পৰিধান কৰি হললৈ আহক৷ থিয়েটাৰ-চিনেমা চাওক৷ কিন্তু শাৰীৰিক ব্যৱধান বৰ্তাই ৰাখক৷ সঘনে ছেনিটাইজাৰ ব্যৱহাৰ কৰক৷ হস্তপ্ৰক্ষালনৰ অভ্যাস গঢ়ি তোলক৷ কৰ’না এতিয়াও আঁতৰি যোৱা নাই, সেই কথাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখক৷  জীৱিকাৰ স্বাৰ্থত আমি সকলোৱে কাম কৰিবই লাগিব৷ কিন্তু সেয়া জীৱনৰ বিনিময়ত নহয়৷ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবই লাগিব৷ ক’ভিড নীতি সম্পূৰ্ণৰূপে মানি চলা দৰকাৰ৷ থিয়েটাৰ হল বন্ধ হৈ থকাৰ বাবেও সাংঘাতিক সমস্যা হৈছে৷ বহু মানুহৰ অসুবিধা হৈছে৷ ভ্ৰাম্যমাণ বন্ধ হৈ থকাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ শ শ পৰিয়ালে জীয়াতু ভুগিছে৷ এইবাৰ আমি ভ্ৰাম্যমাণ থিয়েটাৰ পুনৰ আৰম্ভ কৰিম৷ এবছৰৰো অধিককাল ভ্ৰাম্যমাণ উদ্যোগটো বন্ধ হৈ থাকিল৷ বহুজনৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল৷ এইবাৰ যিহেতু চিনেমা আৰু থিয়েটাৰ হল খুলি দিয়া হৈছে, গতিকে আমি ভ্ৰাম্যমাণো আৰম্ভ কৰিব পাৰিম বুলি ভাবিছোঁ৷ জুলাইৰ পৰা আখৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ৷ ভ্ৰাম্যমাণত প্ৰত্যক্ষভাৱে বহু মানুহ জড়িত হৈ থাকে৷ চিনেমাত কিছুমান পৰোক্ষভাৱে জড়িত হৈ থাকে৷ ভ্ৰাম্যমাণত পোনপটীয়াকৈ জড়িত হৈ থাকে৷ আমাৰ সৰু-বৰ ভ্ৰাম্যমাণ থিয়েটাৰত জড়িত হৈ থকা লোকসকলৰ বহুদিন ধৰি কোনো ‘এনগেইজমেণ্ট’ নাই৷ চিনেমাৰ ক্ষেত্ৰত কিছুদিন আগৰে পৰা নীতি-নিয়ম কিছু শিথিল কৰি দিয়া হৈছিল৷ হলত পঞ্চাছ শতাংশ দৰ্শকৰ প্ৰৱেশত অনুমতি দিয়া হৈছিল৷ শ্বুটিঙৰ বাবেও চৰ্তসাপেক্ষে অনুমতি দিয়া হৈছে৷ ফলত চিনেমাৰে জড়িত শিল্পী, কলা-কুশলীসকলে কিছু হ’লেও সকাহ পাইছে৷ কিন্তু ভ্ৰাম্যমাণত সেইবোৰ একোৱেই হোৱা নাই৷ সেইবাবেই ভ্ৰাম্যমাণৰ সৈতে জড়িত লোকসকলৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে৷ মাৰ্চৰ পৰা প্ৰায় ডেৰবছৰ থিয়েটাৰ জগত বন্ধ হৈ আছে৷ সকলো স্তব্ধ হৈ পৰিছে৷ থিয়েটাৰৰে জড়িত লোকসকলৰ অধিকাংশৰে বেলেগ কামত জড়িত হোৱাৰ কোনো অৱকাশ নাই৷ ভ্ৰাম্যমাণ চিনেমাৰ দৰে নহয়৷ ইয়াত আগতীয়াকৈ একো কাম কৰি থ’ব নোৱাৰি৷ এইটো এটা ‘অনগয়িং প্ৰছেছ’৷ আমি সেই বাবেই ভ্ৰাম্যমাণ আকৌ আৰম্ভ কৰিবৰ বাবে আগ্ৰহেৰে ৰৈ আছোঁ৷ এই মানুহখিনিয়ে চৰকাৰৰ মুখলৈ চাই আছে৷ চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ বাবে বিশেষ পেকেজ ঘোষণা কৰক– এয়া আমাৰ বিনম্ৰ অনুৰোধ৷ চৰকাৰে ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলীসকলক এককালীন সাহায্য দিব বুলি শুনিছোঁ৷ সেয়া অতি সোনকালে দিবৰ বাবে আমি চৰকাৰক অনুৰোধ জনাইছোঁ৷ চৰকাৰে আমাক জুলাইৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰসমূহ মুকলি কৰিবলৈ দিয়ক৷ ইয়াত যাতে কোনোধৰণৰ বেলেগ কথা নাহে৷ সেয়া আমি আন্তৰিকতাৰে বিচাৰিছোঁ৷ আমি নিজে জড়িত বাবে অনুভৱ কৰিব পাৰিছোঁ যে কৰ’না আৰু লকডাউনে ভ্ৰাম্যমাণৰে জড়িত লোকসকলক কোঙা কৰি পেলালে, ৰাজহাড় ভাঙি পেলালে৷ ৰাজনৈতিক সভা-সমিতিৰ ক্ষেত্ৰত চৰকাৰক ‘লিবাৰেল’ হোৱা দেখা যায়৷ চিনেমা হল এতিয়াহে খুলিছে৷ চৰকাৰৰ কথা মতেই চিনেমা, থিয়েটাৰ বন্ধ হৈছিল৷ এতিয়া যিহেতু লাহে লাহে সকলো খুলি দিয়া হৈছে, গতিকে থিয়েটাৰবোৰো মুকলি কৰি দিব লাগে৷ কেৱল সাহায্য দি কাকো সম্পূৰ্ণৰূপে আৰু বহুদিনলৈ বচাই ৰাখিব নোৱাৰি৷ মূল কামটো কৰিবলৈ সুযোগ পাব লাগে৷ অসমৰ সংগীত জগত, চিনেমা জগত আৰু থিয়েটাৰ জগতকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনে আকৌ যাতে ঠন ধৰি উঠিব পাৰে তাৰ বাবে চৰকাৰে পৰিৱেশ ৰচনা কৰক, ৰাইজে সহযোগ কৰক৷ সকলোৱে সমিলমিলেৰে কাম কৰিলে কালৰাত্ৰি এদিন নিশ্চয় আঁতৰি যাব, আকৌ নতুন প্ৰভাত হ’ব৷