Logo
image

‘পোষ্টাৰ অ’মেন’ ব’হাগীয়ে নাপালে অৰুণোদয়ৰ সুবিধা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ অক্টোবৰঃ দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণেৰে সামাজিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰৰ আটাইতকৈ সফল হিতাধিকাৰী আঁচনিখন হৈছে অৰুণোদয় আঁচনি৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ভোটবেংকৰ ৰাজনীতিৰ মূল অস্ত্ৰ হিচাপেও চিহ্নিত হৈছে এই অৰুণোদয় আঁচনি৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে দলীয় ভেটি সুদৃঢ় কৰাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে এতিয়া অৰুণোদয়  হিতাধিকাৰীৰ সংখ্যা ২৭.৭০ লাখলৈ বৃদ্ধি কৰিছে৷ হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে সম্প্ৰতি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ মাহিলী আৰ্থিক সাহায্য ১২৫০ টকালৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে৷ চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অৰুণোদয়-২.০ মুকলি কৰি নতুনকৈ ১০.৫৮ লাখ হিতাধিকাৰী অন্তৰ্ভুক্তিৰ বাবে বিজ্ঞাপন প্ৰচাৰ চলোৱাও দেখা গৈছে ৰাজ্য চৰকাৰক৷ ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনিৰ পোষ্টৰ অৰ্থাৎ বিজ্ঞাপনত স্বভাৱসিদ্ধ গুৰু গম্ভীৱ ভাৱনাত থকা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ফটোৰ লগতে ‘ৰ’ল মডেল’ তথা পোষ্টাৰ অ’মেন হিচাপে মুখত মিচিকীয়াই হাঁহি থকা এগৰাকী মহিলাৰো ফটো প্ৰচাৰ কৰিছে৷ নক’লেও হ’ব যে চৰকাৰী বিজ্ঞাপনত মহিলাগৰাকীৰ ফটো ব্যৱহাৰ কৰি অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে মহিলাগৰাকীৰ দৰিদ্ৰতা দূৰ কৰি সবলীকৰণেৰে সামাজিক সুৰক্ষা দিয়াৰ বাবেই মুখত এনে হাঁহি বিৰিঙিছে বুলিও প্ৰচাৰ কৰিব বিচাৰিছে৷ চৰকাৰে ৰাইজৰ আগত এনে দৰিদ্ৰতা দূৰীকৰণৰ ছবি প্ৰচাৰ কৰিব বিচাৰিলেও বাস্তৱত সেয়া হৈছে ভুৱা৷ কিয়নো অৰুণোদয় আঁচনিৰ বিজ্ঞাপনত মুখ্যমন্ত্ৰীৰ সৈতে হাস্যবদনে থকা যিগৰাকী মহিলাৰ ফটো ব্যৱহাৰ কৰিছে, সেইগৰাকী দৰিদ্ৰ মহিলাই আজিলৈকে পোৱা নাই অৰুণোদয় আঁচনিৰ কোনো ধন৷ চৰকাৰী আঁচনিৰ সুবিধা লাভ নকৰা মহিলাকে হিতাধিকাৰী সজাই প্ৰচাৰ চলোৱা যেন চেষ্টা চলাইছে চৰকাৰে৷ অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সভাই-সমিতিয়ে মঞ্চৰ বাহিৰে-ভিতৰে আনকি হিতাধিকাৰীৰ সৈতে ছেল্‌ফি উঠি অৰুণোদয় আঁচনিৰ সফলতাৰ ঢাক-ঢোল বজাই আহিলেও বাস্তৱত বিজ্ঞাপনত আলোকচিত্ৰ ব্যৱহাৰ কৰা দৰিদ্ৰ মহিলাগৰাকীয়েই অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে৷ মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন পোৱা বুলি দাবী কৰিলেও তৃণমূল পৰ্যায়ত ৰাজনীতিকৰণ হোৱাৰ বাবেই যে প্ৰকৃত যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে সেয়া স্পষ্ট হৈ পৰিছে৷ অভিযোগ অনুসৰি অৰুণোদয় আঁচনিৰ প্ৰচাৰৰ বিজ্ঞাপনত যিগৰাকী মহিলাৰ ফটো ২০২০-২১ চনৰ পৰা ব্যৱহাৰ কৰি আহিছে, তেওঁ হৈছে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াৰ ধোপগুৰি পঞ্চায়তৰ অন্তৰ্গত বাঁহতলা গাঁৱৰ নিৱাসী ব’হাগী দৈমাৰী৷ কিন্তু আশ্বৰ্যকৰ কথাটো হ’ল এইগৰাকী আৰ্থিকভাৱে দুৰ্বল মহিলাই এইপৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই৷ মহিলাগৰাকীয়ে সদৰি কথা মতে দুবছৰ পূৰ্বে কোনো চৰকাৰী সভাত অংশগ্ৰহণ কৰাৰ সময়ত হয়তো তেওঁৰ আলোকচিত্ৰ উঠাই এনেদৰে  অনুমতিবিহীন ভাৱে বিজ্ঞাপনত ব্যৱহাৰ কৰা হৈছে৷ অৰুণোদয় আঁচনি বাদেই চৰকাৰৰ পৰা আজিলৈকে ঘৰ এটাও পোৱা নাই বুলিও অভিযোগ কৰিছে ব’হাগী দৈমাৰীয়ে৷ আঁচনিৰ ‘ৰ’লমডেল’গৰাকীয়েই স্থানীয় পঞ্চায়ত তথা প্ৰশাসনে এইপৰ্যন্ত গুৰুত্ব প্ৰদান নকৰাত মহিলাগৰাকীৰ লগতে আত্মীয়-স্বজনো ক্ষুব্ধ হৈ পৰিছে৷ আত্মীয়ই অভিযোগ কৰিছে যে আঁচনিৰ বিজ্ঞাপনত ফটো ব্যৱহৃত মহিলাগৰাকীয়েই যদি আঁচনিৰ ধন নাপায়, তেন্তে বাকী কোন মহিলাই পাব৷ মহিলাগৰাকী আৰু তেওঁৰ আত্মীয়ৰ অভিযোগৰ পৰা এইটো কথা স্পষ্ট যে অৰুণোদয় আঁচনিৰ সুবিধা নোপোৱা মহিলাক হিতাধিকাৰী সজাই ভুৱা প্ৰচাৰ চলাইছে হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰে৷