Logo
image

ইজৰাইলত অব্যাহত আছে 'অপাৰেচন অজয়': এইপৰ্যন্ত ৯১৮ জন ভাৰতীয়ক উদ্ধাৰ

ডিজিটেল ডেস্কঃ ইজাৰাইলত হামাছৰ আকস্মিক আক্ৰমণৰ পিছত বিধ্বস্ত হৈ পৰিছে ইজৰাইল৷ বৃহৎ বৃহৎ অট্টালিকা এতিয়া ধ্বংসস্তুপত পৰিণত হৈছে৷ হামাছৰ আকস্মিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইজৰাইলে৷ গাজাত অহৰহ ৰকেট নিক্ষেপ অব্যাহত ৰাখিছে ইজৰাইলে৷ এই ভয়াৱহ যুদ্ধৰ ফলত ১,৪০০ৰো অধিক লোক নিহত হৈছে৷

পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপৰ পৰা হামাছে ইজৰাইলৰ ওপৰত ধাৰাসাৰ ৰকেট আক্ৰমণ কৰাৰ পাছতেই যুদ্ধবিধবস্ত ৰাষ্ট্ৰখনত আৱদ্ধ হৈ পৰিছে শ শ ভাৰতীয় নাগৰিক৷ যাৰ বাবে বিধ্বস্ত ইজৰাইলত ‘অপাৰেচন অজয়’ৰ জৰিয়তে ভাৰতীয়  নাগৰিকক উদ্ধাৰ অভিযান অব্য়াহত ৰাখিছে ভাৰত চৰকাৰে৷ ইয়াৰ মাজতে বৈদিশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্স'ত (টুইটাৰ) কয় যে দেওবাৰৰ দিনটোতে ইজৰাইলৰ পৰা ভাৰতলৈ ৰাওনা হৈছে দ্বিতীয়খন বিমান। কেৱল দেওবাৰৰ দিনটোতে ৪৭১ গৰাকী প্ৰবাসী ভাৰতীয় ইজৰাইলৰ পৰা ভাৰতত উপস্থিত হৈছে।

উল্লেখ্য যে ইজৰাইলত থকা প্ৰায় ১৮ হাজাৰ ভাৰতীয়ক ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰত চৰকাৰে আৰম্ভ কৰিছে 'অপাৰেচন অজয়' অভিযান। বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰা হৈছে এই অভিযান। এই পৰ্যন্ত ইজৰাইলৰ পৰা ভাৰত চৰকাৰে মুঠ ৯১৮ গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে।