Logo
image

৫ মাহে মণিপুৰলৈ যোৱা নাই কিয় মোদী? মিজোৰামত ৰাহুলৰ প্ৰশ্ন

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ অক্টোবৰঃ ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিয় যোৱা ৫ মাহে মণিপুৰলৈ যোৱা নাই মই সঁচাকৈয়ে বুজিব পৰা নাই৷ এখন দেশৰ নেতাৰ বাবে এয়া লজ্জাজনক ঘটনা৷’–দুদিনীয়া ভ্ৰমণসূচীৰে মিজোৰাম ভ্ৰমণলৈ অহা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ এনেদৰে সমালোচনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক৷ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি মন্তব্য কৰিছিল যে মণিপুৰত চলি থকা হিংসাত্মক ঘটনাতকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ইজৰাইল-হামাছৰ যুদ্ধহে বেছি গুৰুত্বপূৰ্ণ কথা৷ ইজৰাইলকৈ প্ৰধানমন্ত্ৰী যিমান আগ্ৰহী, মণিপুৰকলৈ মুঠেই আগ্ৰহী নহয়৷’ উল্লেখ্য যে ৰাহুল গান্ধীয়ে মংগলবাৰে চান্দমাৰিৰ পৰা ৰাজভৱনলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে৷  এই কাৰ্যসূচীৰ পাছতে মণিপুৰ প্ৰসংগত পুনৰ সৰৱ হৈ ৰাহুল গান্ধীয়ে কয় যে বিজেপিৰ আমোলত দেশত জনজাতি, সংখ্যালঘু, দলিত কোনো সুৰক্ষিত নহয়৷ মণিপুৰৰ ঘটনাএক লক্ষণহে৷ আজি মণিপুৰত যি ঘটিছে সেই ঘটনাই দেশৰ আন অংশকো প্ৰতিফলিত কৰিছে৷

পাছত এক সংবাদ মেলত ৰাহুল গান্ধীয়ে কয় যে এইবাৰ মিজোৰামত কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈছে৷ বিজেপি-আৰএছএছৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজখন বহু পুৰণি৷ মিজোৰামবাসীয়ে আৰ এছ এছে মিজোৰাম শাসন কৰাটো নিবিচাৰে৷ ৰাহুল গান্ধীয়ে এম এন এফ আৰু জে পি এমকো আৰএছৰ এণ্ট্ৰি পইণ্ট আখ্যা দিয়ে৷ তেওঁ কয় যে কংগ্ৰেছ দলে দেশৰ ফাউণ্ডেশ্বন নিৰ্মাণ কৰিছে৷ বিজেপি আৰএছএছে এই ফাউণ্ডেশ্বন ধবংসৰ বাবে কাম কৰি আছে৷ কংগ্ৰেছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে৷ বিজেপিয়ে ক্ষমতাৰ একত্ৰীকৰণৰ ওপৰত বিশ্বাস কৰে৷ উল্লেখ্য ৰাহুল গান্ধীয়ে মংগলবাৰে স্কুটীত উঠিও টিকট বঞ্চিত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লাল থানহাওলাৰ ঘৰলৈ যায়৷ মিজোৰামত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুদিনীয়া কাৰ্যসূচীৰে আইজললৈ অহা ৰাহুল গান্ধীৰ আছিল মিজোৰাম ভ্ৰমণৰ অন্তিমটো দিন৷ সোমবাৰে পদযাত্ৰা আৰু অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত নিশাটো তেওঁ আইজল ক্লাবত কটায়৷ মঙলবাৰে পুৱা ৯.৩০ বজাত কংগ্ৰেছৰ নেতা কৰ্মীসকলৰ সৈতে ৰাহুল গান্ধীৰ এখন বৈঠক অনুষ্ঠিত কৰে৷ মিজোৰাম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব লাভ কৰা কংগ্ৰেছৰ নেতাসকলো এই বৈঠকত উপস্থি্‌ত আছিল৷ প্ৰায় এক ঘণ্টা এই বৈঠকত অংশ লোৱাৰ অন্তত ৰাহুল গান্ধীয়ে আইজল ক্লাবতে এক সংবাদ মেল সম্বোধন কৰে৷ ইয়াৰ মাজতে তেওঁ পদযাত্ৰাত অংশগ্ৰহণ কৰে৷ তাৰ পাছত তেওঁ হেলিকপ্টাৰৰে লুংলেলৈ যায় আৰু দুপৰীয়া এখন জনসভাত ভাষণ দিয়ে৷ বিয়লি ২.৫০ বজাত হেলিকপ্টাৰেৰে আগৰতলা অভিমুখে উৰা মাৰে ৰাহুল গান্ধীয়ে৷ আগৰতলাৰ পৰাই বিশেষ বিমানেৰে বিয়লি ৩.৪৫ বজাত দিল্লী অভিমুখে উৰা মাৰে ৰাহুল গান্ধীয়ে৷