Logo
image

মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকত বৃহৎ বিত্তীয় কেলেংকাৰিৰ অভিযোগ

ডিজিটেল ডেস্কঃ তেজপুৰস্থিত মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত বিত্তীয় খেলিমেলিৰ কথা পোহৰলৈ আহে। এই নিৰ্দেশৰ পিছতেই গ্ৰাহক সকলৰ মাজত চৰম অনিশ্চয়তাই বিৰাজ কৰিছে৷

উল্লেখযোগ্য যে বেংকটোৱে প্ৰায় আঠ কোটিৰ অধিক টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে ১৩ অক্টোবৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ মুঠ ৪৫ দিনলৈ কোনোধৰণৰ ধন সংগ্ৰহ বা জমা বা আদায় দিব নোৱাৰিব মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংকে। বেংকটোত সংঘটিত প্ৰায় আঠকোটি টকাৰ খেলিমেলিত যে বেংকটোৰে একাংশ কৰ্মচাৰীও জড়িত আছে সেয়া পুনৰ এবাৰ প্ৰতিপন্ন হৈছে৷ বেংকটোৰ এগৰাকী গ্ৰাহক বুল কেওঁটৰ একাউন্টৰ পৰা হঠাতে অন্তৰ্ধান হ’ল আঠ লাখ ১৫হাজাৰ টকা৷ গ্ৰাহকজনক তেওঁৰ একাউণ্টত ধন নাই বুলি জনোৱাৰ পাছত গ্ৰাহকজনে যেতিয়া ইয়াকেলৈ প্ৰতিবাদ কৰে তেতিয়াই তেওঁৰ একাউন্টত পুনৰ জমা হয় উক্ত ধনৰাশি৷ এতিয়া আকৌ এই ধন এবাৰ হৰলুকিহৈ পুনৰ কিদৰে জমা হ’ল সেই বিষয়ে কোনো উত্তৰ দিব পৰা নাই বেংকটোৰ একাংশ কৰ্মচাৰীয়ে৷