Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত গছ কাটি তহিলংঃ গছ কটা কাৰ্যক গৰিহণা শিক্ষাৰ্থীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ যি সময়ত অসম চৰকাৰে গোলকীয় উত্তাপ, জলবায়ুৰ পৰিৱৰ্তন ৰোধ, পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰখাৰ বাবে কিছুদিন পূৰ্বে একেদিনাই এক কোটি গছপুলি ৰোপণ কৰি গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত স্বীকৃতি লাভ কৰিলে, সেই সময়ত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পূজাৰ বন্ধত চৌহদত শিক্ষাৰ্থী নথকাৰ সুযোগ লৈ ডাঙৰ-ডাঙৰ গছবোৰ কাটি একপ্ৰকাৰ ধ্বংসযজ্ঞ চলালে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিদ্যুৎ পৰিবাহী তাঁৰৰ নিৰাপত্তা আৰু চৌহদৰ সৌন্দৰ্যবৰ্ধন কৰাৰ নামত গছবোৰ কটা হ'ল বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। কিন্তু এইখিনিতে উল্লেখ্য কৰিব লাগিব যে বিশ্ববিদ্যালয়খনৰ সৌন্দৰ্য দুগুনে বৃদ্ধি কৰি আহিছিল চৌহদত থকা এই গছসমূহে । অতি পুৰণি আৰু মূল্যবান এই গছসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ প্ৰাকৃতিক সৌন্দৰ্যতাত অপৰিসীম অৱদান আগবঢ়াই আহিছে । প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে বিশ্ববিদ্যালয় চৌহদত থকা আঁহত, কৃষ্ণচূড়া, বটগছ আৰু ৰেইন ট্ৰি বা ছিৰিজৰ ডালসমূহ কাটিছিল । কিন্তু শুকুৰবাৰে দিনৰ প্ৰায় ১০ বজাত ১০ ডালকৈ গছ মেচিন আৰু জেচিবিৰ সহায়ত কটাৰ পিছত বিশ্ববিদ্যালয়ৰ আৱাসত থকা গৱেষক শিক্ষাৰ্থীসকল ওলাই আহি গছ কটা কাৰ্যত বাধা আৰোপ কৰাত কৰ্তৃপক্ষই গছ কটা কাৰ্য বন্ধ ৰাখে। প্ৰাপ্ত অভিযোগ মতে বিশ্ববিদ্যালয়ৰ দাস উপাধিৰ ৰাজ সম্পত্তি প্ৰাধিকাৰী বিষয়াগৰাকীয়ে নিজস্ব মইমতালিৰে এই গছসমূহ কাটিছে৷ যাৰ বাবে গৱেষক শিক্ষাৰ্থীসকলে ইয়াৰ পিছত পুনৰ বিশ্ববিদ্যালয় চৌহদৰ অইন গছসমূহ নাকাটিবলৈ কৰ্তৃপক্ষই দাবী জনাইছে। অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয় ঊৰ্ধতন কৰ্তৃপক্ষক সকীয়াই দিয়ে। ইফালে বিশ্ববিদ্যালয়খনৰ নৱনিৰ্বাচিত আৰু বিদায়ী স্নাতকোত্তৰ ছাত্ৰ সন্থায়ো এই গছ কটা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে।