Logo
image

অলপ সাৱধান হ’লেই প্ৰাথমিক পৰ্যায়তে কেঞ্চাৰ ৰুধিব পাৰি

আমাৰ অসম বিশেষঃ কেঞ্চাৰ এনে এবিধ অসুখ যিয়ে চেলিব্ৰেটীৰ পৰা সাধাৰণ মানুহ কাকোৱেই ৰেহাই নিদিয়ে৷ সেয়েহে আৰম্ভণিতে ধৰা পৰিলে সঠিক চিকিৎসাৰ সহায়ত এই ৰোগ ৰোধ কৰি সুস্থ হৈ থাকিব পাৰি৷ এই কথা জনাইছে চিত্তৰঞ্জন নেশ্বনেল কেঞ্চাৰ ইনষ্টিটিউটৰ [চি এন চি আই] মুৰব্বী চিকিৎসক জয়ন্ত চক্ৰৱৰ্তীয়ে৷ তেওঁৰ মতে, কেঞ্চাৰ ৰোগৰ প্ৰাথমিক উপসৰ্গ সম্পৰ্কে সাধাৰণ মানুহৰ সচেতনতা বৃদ্ধি পালে প্ৰাথমিক অৱস্থাতে ৰোগ নিৰ্ণয় কৰা অতি সহজ৷ চি এন চি আইৰ অধীক্ষক ডাঃ শংকৰসেন গুপ্তই জনোৱা মতে– এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ হ’লে যথাসময়ত চিকিৎসাৰ সমান্তৰালকৈ মনোবল হৈছে এটা ডাঙৰ অস্ত্ৰ৷ সাধাৰণ মানুহৰ মাজত কেঞ্চাৰ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু ইণ্টাৰনেশ্বনেল এজেন্সি ফৰ ৰিচাৰ্ছ এণ্ড কেঞ্চাৰে বিশ্ব কেঞ্চাৰ দিৱস পালন কৰে৷ বিগত বৰ্ষত ইউনেস্ক’ৰ উদ্যোগত  ৪ ফেব্ৰুৱাৰীৰ দিনটোক বিশ্ব কেঞ্চাৰ দিৱস হিচাপে ঘোষণা কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ পৰিসংখ্যা অনুসৰি– আমাৰ দেশত ২০১৮ বৰ্ষত ১১ লাখৰো বেছি সংখ্যক লোক নতুনকৈ কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু তাৰে ভিতৰত ৭ লাখ ৮৪ হাজাৰ ৮০০ জনৰ মৃত্যু হৈছে৷ এই ঘটনা যথেষ্ট উদ্বেগজনক৷ চি এন চি আইৰ মুৰব্বী চিকিৎসক জয়ন্ত চক্ৰৱৰ্তীয়ে কয় যে, বয়োজ্যেষ্ঠ লোকসকলৰ মাজত কেঞ্চাৰৰ প্ৰভাৱ তুলনামূলকভাৱে বেছি৷ এতিয়া আমাৰ দেশৰ প্ৰতি ১০০ জন লোকৰ ভিতৰত ১০ জন কেঞ্চাৰত আক্ৰান্ত৷ অনুমান কৰা হৈছে ২০৫০ বৰ্ষত এই সংখ্যা বৃদ্ধি পাই প্ৰতি ১০০ জনৰ ভিতৰত ১৬ জনেই কেঞ্চাৰত আক্ৰান্ত হ’ব৷ বয়োজ্যেষ্ঠ লোকসকলৰ ভিতৰত প্ৰষ্টেট কেঞ্চাৰ, স্তন কেঞ্চাৰ, হাওফাওৰ কেঞ্চাৰ আৰু পেটৰ কেঞ্চাৰ বেছি হোৱা দেখা যায়৷ ৬৫ বছৰৰ ঊধবৰ্ৰ লোক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক৷ কম বয়সীয়াৰ তুলনাত বয়োজ্যেষ্ঠসকল কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১১ গুণ বেছি৷ সেয়েহে কেঞ্চাৰৰ প্ৰাথমিক উপসৰ্গ সম্পৰ্কে সজাগ থাকিলে দ্ৰুতগতিত ৰোগ নিৰ্ণয় কৰিব পৰা যায় বুলি চিকিৎসকে কয়৷ এই ক্ষেত্ৰত কেইবাটাও উপসৰ্গৰ কথা মনত ৰখা দৰকাৰ৷ যিবোৰ অনেক সময়ত কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে৷ এই সকলো উপসৰ্গ দেখিলে অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ 

লক্ষণসমূহ হ’ল–

  • দুসপ্তাহৰ বেছি শুকান কাহ অব্যাহত থাকিলে হাওফাওৰ কেঞ্চাৰৰ উপসৰ্গ হ’ব পাৰে৷
  • স্তনত কোনো টেমুনা বা বিষহীন ফোঁহা থাকিলে সেইটো স্তন কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে৷ বংশগতভাৱে এনে ৰোগৰ প্ৰভাৱ থাকিলে ৩০ ঊধবৰ্ৰ মহিলাই নিয়মিতভাৱে পৰীক্ষা কৰা উচিত৷
  • খাদ্য গিলিবলৈ অসুবিধা হ’লে, সেয়া যদি দুসপ্তাহৰ বেছি দিন  স্থায়ী হয়, তেতিয়া চিকিৎসকৰ পৰামৰ্শ লওঁক৷ ইয়ে বহু সময়ত ডিঙিৰ কেন্সাৰৰ উপসৰ্গ হ’ব পাৰে৷  
  • মেনোপ’জৰ পাছত পেটৰ বিষ কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে৷
  • ধাৰাবাহিকভাৱে পেটৰ অস্বস্তি আৰু গেছ হ’লে নিজে নিজে ঔষধ নাখাব৷ এইবোৰো কেঞ্চাৰৰ উপসৰ্গ হৈ দেখা দিব পাৰে৷ 
  • ডায়েটিং বা কোনো জটিল ৰোগ বাদ দি এনে ওজন কমিবলৈ আৰম্ভ কৰা কেঞ্চাৰৰ অন্যতম লক্ষণ৷
  • প্ৰস্ৰাৱ বা শৌচৰ লগত ৰক্তক্ষৰণ হ’লে আৰু তাৰ লগত জ্বৰ থাকিলে সেইটো কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে৷
  • ধাৰাবাহিক পেটৰ গণ্ডগোল বা কোষ্ঠকাঠিন্য, প্ৰষ্টেট বা ৰেক্টল কেঞ্চাৰৰ উপসৰ্গ হ’ব পাৰে৷ 
  • বাৰে বাৰে জ্বৰ আৰু সংক্ৰমণ  হ’লেও কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে৷

এই সকলোবোৰ উপসৰ্গ দেখিলে নিতান্তই চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷ প্ৰাথমিক পৰ্যায়ত ৰোগ ধৰা পৰিলে সঠিক চিকিৎসাৰ সহায়ত ৰোগীক সুস্থ কৰিব পৰা যায়৷