Logo
image

নাচিকত বৰষুণ, পিঁয়াজৰ মূল্যবৃদ্ধিৰ কাৰণ জনাই দিলে মন্ত্ৰী ৰঞ্জিত দাসে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ পাছতেই পিয়াঁজৰ মূল্যই প্ৰায় চেঞ্চুৰী মাৰিলে৷ মাত্ৰ দুটা দিনৰ ভিতৰতে প্ৰতি কেজি পিয়াজৰ দাম গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত ৮০ টকা পৰ্যন্ত হৈছেগৈ৷ নিশাটোৰ ভিতৰতে পিঁয়াজৰ দাম ২০-৩০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ কেৱল পিয়াঁজেই নহয় বজাৰত শাক-পাচলিৰ দামো অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ৬০ টকাৰ তলত এতিয়া বজাৰত কোনো পাচলি পাবলৈ নাই৷ কুন্দলীৰ কেজি ৮০ টকা, পতলৰ কেজি ৬০ টকা, ফুলকবিৰ কেজি ১০০ টকা, জলকীয়া, বীনৰ কেজি ১৬০ টকা হৈছেগৈ৷ মুঠতে এক কথাত ক’বলৈ গ’লে ‘মূল্যবৃদ্ধি এতিয়া খোলা মঞ্চ, চলিছে উদ্দাম নৃত্য৷’ ইয়াৰ মাজতে অৱশ্যে পিঁয়াজৰ মূল্যবৃদ্ধিকলৈ মাত মাতিছে যোগানমন্ত্ৰী ৰঞ্জিত দাসে৷ আজি শিলচৰত মন্ত্ৰী দাসে পিঁয়াজৰ দাম বৃদ্ধি সন্দৰ্ভত এনেদৰেই কয়–‘নাচিকত বৰষুণৰ বাবেহে পিঁয়াজৰ মূল্যবৃদ্ধি হৈছে৷ বৰষুণত নাচিকৰ পৰা পিঁয়াজ আহিব পৰা নাই৷  পিঁয়াজ পানীত নষ্ট হৈছে৷ বাৰিষাৰ সময়ত নাচিকত বহু পিয়াঁজ পচি যোৱাৰ বাবেই পিঁয়াজৰ দাম বৃদ্ধি পাইছে৷ ইয়াৰ বাবে বজাৰত পিঁয়াজৰ আমদানিও হ্ৰাস পাইছে৷ ইয়াৰ বাবেই এতিয়া পুৰণি পিয়াঁজ অধিক দামত বিক্ৰী কৰা হৈছে৷ সেইবাবেই পিঁয়াজৰ দাম ইমান বাঢ়িছে৷’ লক্ষণীয় যে মন্ত্ৰীৰ এই ভাষ্যক লৈ মুঠেই পতিয়ন যাব পৰা নাই গ্ৰাহক৷ নিশাৰ ভিতৰতে পিঁয়াজৰ দাম বঢ়োৱাৰ গোপন অনুমতি দিবলৈ মন্ত্ৰী দাসে ফাঁচী বজাৰৰ পৰা কিমান কমিচন ল’লে বুলি বহু ক্ষুব্ধ গ্ৰাহকে অভিযোগ কৰিছে৷

নগাঁৱৰ বজাৰত প্ৰতি কিলোৰ দাম ৭০ টকা

‘আমাৰ অসম’ৰ বেবেজীয়া আৰু বটদ্ৰৱাৰ প্ৰতিবেদকঃ ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে পুনৰ বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য৷ নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ বিভিন্ন বজাৰত বৃহস্পতিবাৰে পিঁয়াজৰ মূল্য ৭০ৰ পৰা ৮০ টকা হোৱাত গ্ৰাহকেৰ মাজত হাহাকাৰ লাগে৷ উল্লেখ্য, নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ কেইখনমান গুৰুত্বপূৰ্ণ বজাৰ হৈছে শান্তিজান বজাৰ, কহিগুৰি বজাৰ, বৰি বজাৰ, কদমনি বজাৰ, ডুমডুমীয়া বালিসত্ৰ বজাৰ, ধূপগুৰি বজাৰ, আলিটাঙনি বজাৰ, ধিং বজাৰ, জাজৰি বজাৰ৷ এই বজাৰকেইখনৰ পৰা প্ৰতিদিনে  জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ব্যৱসায়ীসকলে শাক-পাচলিকে ধৰি পিঁয়াজ, জলকীয়া আদি কেঁচা সামগ্ৰী ক্ৰয় কৰি খুচৰা বজাৰত বিক্ৰী কৰাৰ বিপৰীতে একাংশই এনে শাক-পাচলি যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ আদি স্থানলৈ নিয়ে৷ ইফালে বৃহস্পতিবাৰে বজাৰকেইখনত বিশেষকৈ পিঁয়াজৰ দাম ৭০ টকালৈ বৃদ্ধি হয়৷ পিঁয়াজৰ দাম হঠাত বৃদ্ধি পোৱাৰ পাছত ক্ষুদ্ৰ ব্যৱসায়ীসকল জাঙুৰ খাই উঠিছে৷ একাংশ ব্যৱসায়ীয়ে পিঁয়াজ বিক্ৰী বন্ধ কৰি আন সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে দুই-চাৰিজনে অধিক পাইকাৰী মূল্যতে পিঁয়াজ ক্ৰয় কৰি ৭০ টকা দৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে৷

ধূপধৰাত নিশাৰ ভিতৰতে নোহোৱা হ’ল পিঁয়াজ

‘আমাৰ অসম’ৰ ধূপধৰাৰ প্ৰতিবেদকঃ  নিশাৰ ভিতৰতে পিঁয়াজৰ মূল্য হোৰাহোৰে বৃদ্ধি পোৱাত বিপাঙত পৰিছে বিভিন্ন স্থানৰ লগতে গোৱালপাৰা জিলাৰ ধূপধৰাৰ সাধাৰণ ৰাইজ৷ সৌ-সিদিনালৈ ৪০ টকাৰ পিঁয়াজ দাম ধূপধৰাৰ বজাৰত আজি ৬০ৰ পৰা ৭০ টকা পৰ্যন্ত হোৱা পৰিলক্ষিত হৈছে৷ গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা চহৰৰ আলু-পিঁয়াজৰ পাইকাৰী দোকানত আজিৰ তাৰিখত এক কিলো পিঁয়াজো মজুত নাই৷ ইয়াৰে দুই-এখন তেনে দোকানত কিছু পৰিমাণে মজুত আছে যদিও ৬২ টকাৰ পৰা বিক্ৰী কৰি আছে৷ অঞ্চলটোৰ একাংশ খুচুৰা ব্যৱসায়ীযে দাম সুধি ক্ৰয় নকৰাকৈ উভতিবলগা হৈছে৷ ইপিনে ব্যৱসায়ীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, উৎসৰ পৰাই পিঁয়াজ আমদানি নোহোৱাত মূল্যবৃদ্ধি হৈছে৷ এনেদৰে নিশাৰ ভিতৰতে পিঁয়াজৰ মূল্যবৃদ্ধিয়ে ৰাইজক বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে৷

নলবাৰীতো পিঁয়াজৰ দাম কন্দুৱাইছে গ্ৰাহকক

‘আমাৰ অসম’ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদকঃ ৰাজ্যত মূল্যবৃদ্ধিয়ে ৰাইজৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰাৰ সময়তে বজাৰত এতিয়া হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ মূল্য৷ বিভিন্ন অজুহাতত এচাম অসাধু ব্যৱসায়ীয়ে যথে-মধে দাম বৃদ্ধি কৰাৰ পাছতো জিলা প্ৰশাসন, যোগান বিভাগৰ কোনো ভ্ৰূক্ষেপেই নাই৷ বজাৰত এতিয়া প্ৰতি কিলোগ্ৰাম পিঁয়াজ ৭০-৮০ টকা দৰত বিক্ৰী হৈছে৷ কালিলৈকে নলবাৰীৰ বজাৰত কিলোগ্ৰামে প্ৰতি ৪০-৪৫ টকা দামত বিক্ৰী হোৱা পিঁয়াজ আজি ৭০-৮০ টকা দৰত বিক্ৰী হৈছে৷ এনে দাম বৃদ্ধিৰ পাছতো যেন কাৰো ভ্ৰূক্ষেপ নাই৷ লক্ষণীয়ভাৱে নলবাৰী চহৰৰ এচাম সুযোগসন্ধানী পাইকাৰী ব্যৱসায়ীয়ে বিভিন্ন অজুহাতত সামগ্ৰীৰ দাম সময়ে সময়ে বৃদ্ধি কৰাৰ পাছতো জিলা প্ৰশাসন, যোগান বিভাগৰ কোনো কাণসাৰ নাই৷