Logo
image

ছমাহত এক ডজন ৰে’ল দুৰ্ঘটনা বহু হতাহত, দায়িত্ব নলয় কোনেও

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ অক্টোবৰঃ ওড়িশাৰ বালাচোৰৰ পাছত সংঘটিত হ’ল আৰু এটা বৃহৎ ৰে’ল দুৰ্ঘটনা, য’ত যাত্ৰীৰ মৃত্যুৰ সংখ্যা বাঢ়ি ১৩ জন হৈছেগৈ৷ আহতৰ সংখ্যা ৫০ ৰো অধিক আৰু কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হোৱাৰ ফলত নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ এইবাৰ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত৷ যোৱানিশা বিজয়নগৰম  জিলাৰ কোট্টাভালম্ব জংছনৰ সমীপত বিশাখাপট্টনম-ৰায়গড়া ৰে’লখনে কণ্টকপল্লীত ৰৈ থকা এখন যাত্ৰীবাহী ৰে’লত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ ৰে’ল বিভাগৰ পৰা জনোৱা মতে ৰে’লপথৰ কাম চলি থকাৰ বাবে পলাছাগামী যাত্ৰীবাহী ৰে’লখন ৰে’লপথৰ ওপৰতে ৰখাই থোৱা হৈছিল৷ সেই ৰে’লগাড়ীখনত বিশাখাপট্টনম ৰে’লখনে পিছফালৰ পৰা খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয়৷ ৰে’ল বিভাগৰ মতে ৰঙা লাইটৰ ছিগনেল উপেক্ষা কৰি বিশাখাপট্টনম-ৰায়গড়া ৰে’লৰ চালকে বেছি গতিবেগত গৈ খুন্দা মৰাত দুয়োখন ৰে’লৰ কেইবাটাও দবা লাইনচ্যুত হয়৷ বিশাখাপট্টনম-ৰায়গড়া ৰে’লৰ চালকজনৰ ঘটনাত মৃত্যু হয়৷ নিশাই আৰম্ভ হোৱা উদ্ধাৰ কাৰ্য এতিয়াও অব্যাহত আছে৷ চলিত বছৰৰ প্ৰথম ১০ মাহতে দেশত মুঠতে ১৫টা ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে, য’ৰ একডজন দুৰ্ঘটনা মজলীয়াৰ পৰা বৃহৎ৷ এই একডজন দুৰ্ঘটনাত ৪০০ ৰো অধিক যাত্ৰী নিহত হৈছে আৰু ১,৫০০ ৰো অধিক আহত হৈছে৷ আহতৰ অনেকেই চিৰজীৱনৰ বাবে পংগু হৈছে৷ পিছে চৰম পৰিতাপৰ কথা এয়াই যে মোদী চৰকাৰৰ শাসনকালত বৃহৎ ৰে’ল দুৰ্ঘটনা সংঘটিত হ’লেও কেন্দ্ৰীয় ৰে’লমন্ত্ৰী, কেন্দ্ৰ চৰকাৰ কোনেও দায়িত্ব গ্ৰহণ নকৰে৷ ৰে’লমন্ত্ৰীৰ পদত্যাগ দূৰতম স্বপ্ন ৷ মোদী চৰকাৰৰ ৰে’ল মন্ত্ৰণালয়ে সকলো দোষ জাপি দিয়ে ৰে’ল বিভাগৰ ওপৰত৷ উল্লেখ্য, বালাচোৰৰ ৰে’ল দুৰ্ঘটনাৰ তদন্ত চিবিআইক দিলেও বিগত জুনৰ পৰা এই পৰ্যন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দুৰ্ঘটনাৰ কাৰণকে উলিয়াব নোৱাৰিলে৷ চলিত বছৰত প্ৰথমটো ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছিল ২ জানুৱাৰীত মাৰৱাৰত৷ সেইদিনা সূৰ্যনগৰী এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ পাছত ৩ এপ্ৰিলত এখন এক্সপ্ৰেছ ৰে’লত জুই লাগে, ১৫ মে’ত চেন্নাই-বেংগালুৰু ডাবল ডেকাৰ এক্সপ্ৰেছ লাইনচ্যুত হয়, ২ জুনত ওড়িশাৰ বালাছোৰত কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰু হাওৰা এক্সপ্ৰেছ তথা এখন মালবাহী ৰে’লৰ মাজত ত্ৰিমুখী সংঘৰ্ষ হয়৷ ভয়ংকৰ এই দুৰ্ঘটনাত ২৯৬ জন নিহত আৰু ১,২০০ জন আহত হয়৷ ইয়াৰ পাছত ৮ জুনত নীলগিৰি মাউণ্টেইন ৰে’ল লাইনচ্যুত হয়, ৯ জুনত বিজয়ৱাড়া-চেন্নাই জনশতাব্দী ৰে’ল লাইনচ্যুত হয়, ১১ জুনত চেন্নাই লোকেল লাইনচ্যুত হয়, ২২ জুনত লোকমান্য তিলক এক্সপ্ৰেছত জুই লাগে, ২৫ জুনত বাঁকুৰাত দুখন মালবাহী ৰে’লৰ সংঘৰ্ষ হয়, ৭ জুলাইত ফলকনামা এক্সপ্ৰেছত জুই লাগে, ২৬ আগষ্টত ভাৰত গৌৰৱ এক্সপ্ৰেছত জুই লাগে, ২৩ ছেপ্টেম্বৰত শ্ৰীগংগানগৰ হামছফৰ এক্সপ্ৰেছ লাইনচ্যুত হয়, ২৬ ছেপ্টেম্বৰত মথুৰা এক্সপ্ৰেছ লাইনচ্যুত হয়, ১১ অক্টোবৰত নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হয়৷ ইয়াৰ এপষেক অতিক্ৰম কৰোতেই দেওবাৰে নিশা বিশাখাপট্টনমত সংঘটিত হয় এই দুৰ্ঘটনা৷