Logo
image

অসমৰ দুটাকৈ নিউজ চেনেল বয়কট বিৰোধীৰঃ বয়কটৰ তালিকাত থকা সংবাদ মাধ্যমে বিৰোধীক উপলুঙাৰ অভিযোগ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই৷ শাসন-বিৰোধীৰ এতিয়া আহৰি নাই৷ ইতিমধ্যে নিৰ্বাচনী ডংকা বাজিবলৈ আৰম্ভ কৰিছে৷ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত একলগ হৈছে বিৰোধী৷ লোকসভা নিৰ্বাচনত বিজোপিক শাসনৰ পৰা ওফৰাবলৈ বিৰোধীয়ে গঠন কৰিছে 'ইণ্ডিয়া' মহাজোঁট৷ অসমতো বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থ ১৫টা বিৰোধী দল একত্ৰিত হৈ বিৰোধী ঐক্য গঠন কৰিছে৷ 

'ইণ্ডিয়া' মহাজোঁট গঠন হোৱাৰ পাছতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৪ জনকৈ নিউজ এংকৰক বয়কট কৰাৰ সিদ্ধান্ত লয় বিৰোধীয়ে৷ বয়কট কৰাৰ নিউজ এংকৰসকলৰ অনুষ্ঠানত উপস্থিত নাথাকে বিৰোধী নেতা বা 'ইণ্ডিয়া' মহাজোঁটৰ মুখপাত্ৰ৷ সাম্প্ৰদায়িকতাৰ বীজ ৰোপণৰ অভিযোগত নিউজ এংকৰক বয়কট কৰিছে বিৰোধীয়ে৷

'ইণ্ডিয়া' মহাজোঁটৰ পিছত অসমতো বিৰোধী ঐক্যই বয়কট কৰিছে দুটাকৈ নিউজ চেনেল৷ নিউজ চেনেল বয়কটৰ কথা ৰাজহুৱা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ভূপেন বৰাই কয় যে সংবাদ মাধ্যমৰ নীতিৰ বাহিৰলৈ গৈ তেওঁলোকে বিজেপিৰ অপকৰ্ম ঢাকিবলৈ চেষ্টা কৰে৷ ১৫টা বিৰোধী দলক তুচ্ছ্য-তাচ্ছিল্য কৰি উপলুঙা কৰে৷ যোৱা ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হোৱা বিৰোধীৰ বৈঠকত ১৫ দলৰ বিৰোধী নেতাই নিউজ চেনেল বয়কটৰ সিদ্ধান্ত লৈছিল৷ সংবাদ মাধ্যমৰ একপক্ষীয় ভূমিকাৰ বাবে দুটাকৈ নিউজ চেনেল বয়কটৰ সিদ্ধান্ত লয়৷ লগতে ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ তোষামোদত তেওঁলোকে চৰকাৰৰ দুৰ্নীতি, প্ৰতিশ্ৰুতি ভংগৰ অপৰাধ ঢাকিবলৈ চেষ্টা কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ ভূপেন বৰাই কয় যে এটা নিউজ চেনেল সম্পূৰ্ণৰূপে বয়কট কৰাৰ লগতে এটা চেনেলৰ মুখ্য সম্পাদকজনক বয়কট কৰাৰ সিদ্ধান্ত লৈছে বিৰোধীয়ে৷  

বিৰোধী ঐক্যৰ নিউজ চেনেল বয়কটৰ পিছত কি ক'লে শাসকীয় পক্ষই?

যোগানমন্ত্ৰী ৰঞ্জিত কুমাৰ দাসঃ সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ নেতাই বা শাসকীয় পক্ষই ভুল কৰিলে শুধৰাই দিয়াৰ দায়িত্ব সংবাদ মাধ্যমৰ থাকে৷ সাংবাদ মাধ্যমক যি সংগঠনে নামানে, সি সমাজৰ কাৰণে যে কিবা কাম কৰিব পাৰিব তাত সন্দেহ আছে৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাঃ সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ৷ সংবাদ মাধ্যমে ৰাইজৰ পক্ষে বিভিন্ন খবৰ প্ৰকাশ কৰে৷ বিৰোধী দলে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰিব নাজানে৷ বিৰোধীয়ে বয়কট কৰা চেনেল কেইটা ৰাইজৰ পক্ষত চলি থাকিব৷ ৰাইজৰ ইচ্ছ্যু চৰকাৰৰ কাষলৈ লৈ যাব চেনেলকেইটাই৷

ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাঃ সংবাদ মাধ্যম বয়কট কৰাটো পলায়নবাদ৷ বিৰোধীক অসমবাসীয়ে বয়কট কৰিছে, তেওঁলোকে কাক বয়কট কৰিব৷ তেওঁলোকৰ সভা-সমিতিত ২০০-৩০০ মানুহ হয়৷ যাক অসমবাসীয়ে বয়কট কৰি থৈছে, তেওঁলোক চেনেলক বয়কট কৰাটো হাস্যকৰ কথা৷

পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাঃ হতাশা ভুগিলে মানুহে যিকোনো কাম কৰিবলৈ আৰম্ভ কৰে৷ গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক বয়কট কৰা মানে হতাশাৰ বহিঃপ্ৰকাশ হোৱা৷ আজিৰ তাৰিখত অসমত চাৰে এঘাৰটা সমষ্টিত বিজেপি মিত্ৰজোঁট জিকিব আৰু আঢ়ৈটা সমষ্টিত বিৰোধী৷ গতিকে হতাশা হোৱাটো স্বাভাৱিক৷