Logo
image

‘এটিটিউড’ দেখুৱাই মহকুমাধিপতিৰ ক্ষমা প্ৰাৰ্থনা, হেৰুৱালে দেহৰক্ষী, নিলম্বনৰো দাবী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ নৱেম্বৰঃ ‘কথাত বঁটা পায়, কথাত গতা খাই৷’ এই আপ্তবাক্যশাৰী আখৰে আখৰে সত্য প্ৰমাণিত হ’ল এটিটিউড দেখুওৱা এচিএছ বিষয়া দ্বীপন বৰ্মনৰ ক্ষেত্ৰত৷ এককথাত ‘এটিটিউডে’ই কাল হ’ল মহকুমাধিপতি দ্বীপন বৰ্মনৰ৷ এটিটিউডৰ ব্যাখ্যা দিবলৈ গৈ দেহৰক্ষী হেৰুৱালে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মনে৷ অসম আৰক্ষী সন্দৰ্ভত অপমানসূচক মন্তব্য কৰাৰ বাবে কুখ্যাত ৰাকেশ পালৰ আমোলত বাছনি লাভ কৰা এচিএছ বিষয়া দ্বীপন বৰ্মনৰ হাউছগাৰ্ডসহ ৫ দেহৰক্ষীক প্ৰত্যাহাৰ কৰিছে গৃহ বিভাগে৷ ইউপিএছচি প্ৰত্যাশী ছাত্ৰ-ছাত্ৰীক অনুপ্ৰেৰণামূলক বক্তৃতা দিবলৈ গৈ এছডিঅ’ (চিভিল) দ্বীপন বৰ্মনে এটিটিউডৰ ব্যাখ্যা দাঙি ধৰাৰ নামত আৰক্ষীৰ প্ৰতি অপমানসূচক মন্তব্য কৰিছিল৷ সংবাদ মাধ্যমত দ্বীপন বৰ্মনৰ এই বক্তব্য প্ৰচাৰ হোৱাৰ পাছতেই খৰ্গহস্ত হৈ পৰে আৰক্ষী বাহিনী৷ যাৰ পৰিপ্ৰেক্ষিততেই কামৰূপ জিলা আৰক্ষী অধীক্ষকে মঙলবাৰে পুৱাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰে৷ আনকি চৰকাৰী আৱাসত বৰ্মনৰ বাবে ভাত ৰান্ধি থকা অৱস্থাতে বাংলো ত্যাগ কৰিবলৈ বাধ্য হয় হাউছ গাৰ্ডো৷ উল্লেখ্য, ৰঙিয়া মহকুমা প্ৰশাসনে তক্ষশীলা নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে ইউপিএছচি প্ৰত্যাশী ছাত্ৰ-ছাত্ৰীৰ বাবে ছুপাৰ-৪০ শীৰ্ষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত সোমবাৰে এছডিঅ’ (চিভিল) দ্বীপন বৰ্মনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণমূলক ভাষণ প্ৰদান কৰিছিল৷ কিন্তু ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ দিবলৈ গৈ মুখৰ কথাই এতিয়া কাল হৈ পৰিল এচিএছ বিষয়া দ্বীপন বৰ্মনৰ৷ বিতৰ্কিত ভাষণটোত দ্বীপন বৰ্মনে কৈছিল এইদৰে– ‘মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া আৰচিচি-৩ হোষ্টেলত আছিলোঁ৷ বিশ্ববিদ্যালয়ৰ আমাৰ সন্মুখত ফৰেষ্ট গেট আছিল৷ ফৰেষ্ট গেটত পুলিচৰ বেৰিকেড থাকে৷ এদিন ৰাতি স্ফূৰ্তি কৰি আহোঁতে পুলিচৰ লগত আমাৰ কাজিয়া হ’ল৷ তেতিয়া আমি দম দিলোঁ৷ বেছি হাল্লা নকৰিব দেই, কাইলৈ-পৰহিলৈ ছেল্যুৎ মাৰিব লাগিব৷ ডেট ইজ কল এটিটিউড৷ কনফিডেন্স আছিল যে কিবা নহয় কিবা এটা হ’মেই৷’ লক্ষণীয়ভাৱে দ্বীপন বৰ্মনে আৰক্ষীৰ প্ৰতি কৰা এই অপমানসূচক বক্তব্যক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া হোৱাত অসম আৰক্ষী বাহিনী খৰ্গহস্ত হৈ পৰে৷ যাৰ বাবে গৃহ বিভাগৰ নিৰ্দেশত কামৰূপৰ আৰক্ষী অধীক্ষকে মঙলবাৰে পুৱাই দ্বীপন বৰ্মনৰ দেহৰক্ষীৰ লগতে চৰকাৰী আৱাসৰ হাউছ গাৰ্ডো প্ৰত্যাহাৰ কৰে৷ পুৱাই টালি-টোপোলা বান্ধি বেৰেকলৈ ৰাওনা হয় ৫ দেহৰক্ষী তথা হাউছ গাৰ্ড৷ খাকী পোছাকত অসন্মান কৰি সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱাত মহকুমাধিপতি দ্বীপন বৰ্মনে অৱশেষত ক্ষমা প্ৰাৰ্থনা খুজিবলৈ বাধ্য হয়৷ দেহৰক্ষী প্ৰত্যাহাৰ হোৱাৰ পাছতেই মহকুমাধিপতিজনে সংবাদ মাধ্যম আগত কয়– ‘ইউপিএছচি প্ৰত্যাশী শিক্ষাৰ্থীক মটিভেশ্বনেল ভাষণ দিওঁতে অনাকাংক্ষিতভাৱে মোৰ এনে কিছু শব্দ ওলাই গৈছিল৷ এনে বক্তব্যত পুলিচৰ মানুহখিনিয়ে দুখ পালে ক্ষমা কৰি দিব৷ মোৰ উদ্দেশ্য আৰক্ষীক অপমান কৰাৰ নাছিল৷’ অৱশ্যে এটিটিউড দেখুওৱাই দ্বীপন বৰ্মনে ক্ষমা বিচাৰিলেও এচিএছ বিষয়াজনৰ নাম নোলোৱাকৈ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে সকীয়াই দিয়াৰ পৰাও বিৰত নাথাকিল৷ সামাজিক মাধ্যমত জিপি সিঙে কয় এইদৰে– ‘অসমৰ জনসাধাৰণৰ প্ৰতি ২০০ বছৰীয়া সেৱাৰ গৌৰৱোজ্জ্বল  ইতিহাস থকা আমাৰ অসম আৰক্ষীক লৈ কুৎচিত আৰু শ্লেং ভাষা ব্যৱহাৰ নকৰিব৷ অনুগ্ৰহ কৰি মই অনুৰোধ কৰিছোঁ৷’ ইফালে, মহকুমাধিপতি দ্বীপন বৰ্মনৰ এই বক্তব্যৰ পাছতেই সেৱাবিধি উলংঘনৰ অভিযোগত সৰ্বত্ৰে এতিয়া এচিএছ বিষয়াজনক নিলম্বনৰ দাবী উঠিছে৷ দ্বীপন বৰ্মনক শাস্তিমূলক বদলিৰ দাবী জনাইছে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই৷ দ্বীপন বৰ্মনে নিজক জাহিৰ কৰিবলৈ এনে ধৰণৰ মন্তব্য কৰা বুলিও ক্ষোভ ব্যক্ত কৰিছে ৰঙিয়াৰ সচেতন মহলে৷ লক্ষণীয়ভাৱে আৰক্ষীক এটিটিউড দেখুওৱা দ্বীপন বৰ্মনে পৰপত্নীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰৰ ভয়ত আদালতৰ পৰা জামিন লোৱাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ঘৰত অকলে থকাৰ সুবিধা লৈ পৰপত্নীক ধৰ্ষণৰ অভিযোগত দ্বীপন বৰ্মনৰ বিৰুদ্ধে গুৱাহাটীৰ সমূহ মহিলা থানাত ৫৩/২০২২ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে৷ এই গোচৰটোত দ্বীপন বৰ্মনে জামিন লাভ কৰিছে যদিও তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে চলিত বৰ্ষৰ ৩ জানুৱাৰীত অভিযোগনামাও দাখিল কৰিছে৷ আনকি দ্বীপন বৰ্মনে অভিযোগকাৰী মহিলাগাকীৰ পৰা বাসুগাঁৱত ঘৰ নিৰ্মাণ কৰাৰ নামত ব্লেকমেইল কৰি প্ৰায় ৩৪ লাখ টকা সৰকাই নিয়াৰো অভিযোগ কৰিছিল৷ আশ্চৰ্যজনকভাৱে ধৰ্ষণ আৰু প্ৰৱঞ্চনাৰ গোচৰত অভিযোগনামা দাখিল হোৱা এচিএছ বিষয়াজনৰ দিছপুৰৰ সৈতে সু-সম্পৰ্ক থকাৰ বাবেই বিভাগীয় শাস্তিৰ কথা বাদেই, আজিলৈকে নিলম্বনো নহ’ল৷