Logo
image

৬নং দফা, বান, চীনৰ অনুপ্ৰৱেশ সন্দৰ্ভত নিমাত কিয় মোদী

শিৱসাগৰৰ পাছত একেটা পষেকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আকৌ আহিল৷ ঢেকীয়াজুলিত দেওবাৰে জনসভাত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে৷ ভাষণত বহু কথাই ক’লে মোদীয়ে৷ কিন্তু ক’বলগীয়া গুৰুত্বপূৰ্ণ মূল বিষয়বোৰ এৰাই চলিলে প্ৰধানমন্ত্ৰীয়ে৷ পাঁচ বছৰ আগতে অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰা ভিজন ডকুমেণ্টত অসম চুক্তি ৰূপায়ণৰ কথা কোৱা হৈছিল৷ অসম চুক্তি আখৰে আখৰে পালন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া হৈছিল৷ অসমৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে সংপৃক্ত অসম চুক্তি প্ৰসংগত দেওবাৰৰ সভাত প্ৰধানমন্ত্ৰীয়ে একো নক’লে৷ বিগত কাৰ্যকালত অসম চুক্তি ৰূপায়ণৰ বাবে চৰকাৰে কি কি কৰিলে আৰু আগন্তুক দিনত এই দিশত কেনেদৰে আগবাঢ়ি যাব, তাৰ কোনো আভাস পোৱা নগ’ল৷ নিৰ্ধাৰিত সময়ৰ ভিতৰত অসম চুক্তি ৰূপায়ণ কৰাৰ আভাসো পোৱা নগ’ল৷ 

অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একোৱেই নক’লে৷   চৰকাৰে ৬নং দফা ৰূপায়ণৰ বাবে উচ্ছস্তৰীয় সমিতি গঠন কৰি দিছিল৷ সেই সময়ত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে প্ৰতিবেদন পোৱাৰ লগে লগে আখৰে আখৰে কাৰ্যকৰী কৰা হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল যে প্ৰতিবেদন পোৱাৰ লগে লগে দাড়ি, কমাসহ ৰূপায়ণ কৰা হ’ব৷ পৰৱৰ্তী সময়ত প্ৰতিবেদন গ্ৰহণ কৰিবলৈও সময় নহ’ল কেন্দ্ৰীয় চৰকাৰৰ৷ প্ৰতিবেদন দাখিল কৰাৰ প্ৰায় এবছৰ হ’ল৷ এতিয়ালৈকে একো নহ’ল৷ ঢেকীয়াজুলিৰ জনসভাত প্ৰধানমন্ত্ৰীয়ে অসম চুক্তিৰ ৬নং দফা আৰু ৬নং দফা কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত একোৱেই নক’লে৷ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া খিলঞ্জীয়াবিৰোধী, উত্তৰ-পূৰ্বাঞ্চলবিৰোধী, সাম্প্ৰদায়িক, অসম চুক্তি উলংঘাকাৰী, জাতিধবংসী ‘কা’ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে কেতিয়াও নামানে৷ ‘কা’ বাতিলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একোৱেই নক’লে৷ দিল্লীত অহিংস পন্থাৰ কথা আওৰোৱা প্ৰধানমন্ত্ৰীয়ে ‘কা’বিৰোধী আন্দোলনত ফুলকুমলীয়া ছাত্ৰকে ধৰি পাঁচজন নিৰীহক গুলীয়াই শ্বহীদ কৰা ঘটনা সন্দৰ্ভত একোৱেই নক’লে৷

অবৈধ বাংলাদেশী প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে ঢেকীয়াজুলিৰ সভাত একো নক’লে৷ অসম চুক্তি মৰ্মে অবৈধ বাংলাদেশী বহিষ্কাৰ কৰা সন্দৰ্ভত বাংলাদেশৰ চৰকাৰৰ সৈতে দ্বিপাক্ষিক চুক্তিৰ দাবী দীৰ্ঘদিনে উত্থাপিত হৈ আহিছে৷ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো নক’লে৷ ভাৰত-বাংলাদেশ সীমান্ত এতিয়ালৈকে ছীল হোৱা নাই৷ ভাৰত-পাকিস্তান সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ অতি সজাগ আৰু সচেতন৷ কিন্তু এই সজাগতা আৰু সচেতনতা ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ ক্ষেত্ৰত দেখা নাযায়৷ দেওবাৰৰ সভাত মোদীয়ে এই বিষয়ে একোৱেই নক’লে৷ অবৈধ বাংলাদেশীমুক্ত নিখুঁত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একো নক’লে৷ অথচ অবৈধ বাংলাদেশী, এন আৰ চি আৰু ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰসংগ অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ অশোক কাগজ কল কেতিয়া খোলা হ’ব সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে একো নক’লে৷ অশোক কাগজ কল সন্দৰ্ভত ইতিপূৰ্বে নিজে দিয়া প্ৰতিশ্ৰুতিৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে একো নক’লে৷ 

অবৈধ বাংলাদেশী আৰু অসম চুক্তিৰ দৰেই অৰ্থনৈতিক দিশৰ মূল বিষয়বোৰো এৰাই চলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অসমৰ অৰ্থনীতিৰ ভেটি ভাঙি চূৰমাৰ কৰি পেলোৱা  বানপানী আৰু খহনীয়া সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টু শব্দও উচ্ছাৰণ নকৰিলে– ঢেকীয়াজুলিৰ জনসভাত৷ অসমৰ বান-খহনীয়া সমস্যাক কেতিয়া ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা হ’ব, সেই বিষয়েও উল্লেখ নকৰিলে প্ৰধানমন্ত্ৰীয়ে৷ পাছিঘাটত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে বৃহৎ নদীবান্ধ বেয়া৷ গেৰুৱামুখত ৰাজনাথ সিঙে কৈছিল যে বৃহৎ নদীবান্ধ বন্ধ হ’ব৷ দেওবাৰে ঢেকীয়াজুলিত অনুষ্ঠিত জনসভাত এই বিষয়ে একোৱেই নক’লে প্ৰধানমন্ত্ৰীয়ে৷ সমগ্ৰ অসম সামৰি চাৰিশৰীয়া পথ নিৰ্মাণৰ কথা উল্লেখেই নকৰিলে প্ৰধানমন্ত্ৰীয়ে৷ অসমৰ বিভিন্ন ঠাইত লেহেমীয়া গতিত চলি থকা চাৰিশৰীয়া পথৰ নিৰ্মাণকাৰ্য কেতিয়া সম্পন্ন হ’ব সেই বিষয়েও একো নক’লে প্ৰধানমন্ত্ৰীয়ে৷ সমগ্ৰ অসম সামৰি দ্বৈত ৰে’লপথ নিৰ্মাণৰ কথা নক’লে প্ৰধানমন্ত্ৰীয়ে৷ নগাঁও আৰু কাছাৰ কাগজ কল কেতিয়া খোলা হ’ব সেই বিষয়েও ভাষণত উল্লেখ নকৰিলে প্ৰধানমন্ত্ৰীয়ে৷ অসম চুক্তিৰ ৭নং দফাত উল্লেখ থকা অৰ্থনৈতিক ৰক্ষাকৱচৰ কথা একোৱেই নক’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰৰ প্ৰসংগতো একো নক’লে প্ৰধানমন্ত্ৰীয়ে৷ 

অৰুণাচলৰ পাদদেশৰ ঢেকীয়াজুলিত অনুষ্ঠিত জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাগ ল’লে– কিন্তু অৰুণাচলত চীনে গাঁও পতা প্ৰসংগত, দেশৰ সুৰক্ষাৰ প্ৰতি অহা ভাবুকিৰ প্ৰসংগত একোৱেই নক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ অসমলৈ আহিল যদিও অসমৰ মূল বিষয়বোৰ এৰাই চলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷