Logo
image

নিৰ্বিচাৰ বনধবংস, বিশ্বনাথ-ধিং-গোৱালপাৰাত বিষম পৰিস্থিতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ নৱেম্বৰঃ অমৃত বৃক্ষ ৰোপণৰে অসমে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ সময়তে এতিয়া ৰাজ্যৰ চৌদিশে চলিছে অবাধ বন ধবংস৷ উন্নয়নৰ দোহাই দি চৰকাৰে বৃহৎ বৃহৎ গছ কাটি জৈৱ বৈচিত্ৰলৈ কাৰ্যতঃ ভাবুকি নমাই আনিছে৷ কামৰূপৰ বকোৰ পৰা গোৱালপাৰাৰ কৃষ্ণাইলৈ যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ ফ’ৰলেনযুক্ত কৰাৰ নামত এশ-ডেৰশ বছৰীয়া বৃহৎ বৃহৎ গছ কাটি তহিলং কৰিছে বন বিভাগে৷  ৰাষ্ট্ৰী পদকপ্ৰাপক ছবি নিৰ্মাতা ৰীমা দাস আৰু বিশিষ্ট অভিনেতা আদিল হুছেইনে গছ কাটি প্ৰকৃতি ধবংস নকৰিবলৈ হাতযোৰ কৰি জনোৱাৰ আহ্বানকো কোনো গুৰুত্ব নিদিলে অসম চৰকাৰে৷ ইয়াৰ বিপৰীতে, ৰংজুলি বনাঞ্চল আৰু বৰঝাৰ বনাঞ্চলত ৰাষ্ট্ৰী ঘাইপথ নিৰ্মাণৰ নামত ইতিমধ্যে চিহ্নিত কৰি ৰখা ১৮ হাজাৰ জোপা গছ কটাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ মঙলবাৰৰ পৰা বন বিভাগে এই গছ কটাৰ কাম আৰম্ভ কৰিছে৷ পূৰ্বতে গছ কটাক লৈ প্ৰতিক্ৰিয়া হোৱাত সাময়িকভাৱে স্থগিত ৰাখিছিল যদিও এতিয়া পূৰ্ণোদ্যমে বন ধবংসত নামি পৰিছে ৰাষ্ট্ৰী ঘাইপথ প্ৰাধিকৰণৰ লগতে বন বিভাগ৷ বিগত দুদিন ধৰি কামৰূপৰ বকোৰ ১৭নং ৰাষ্ট্ৰী ঘাইপথৰ দুয়োকাষৰ বোন্দাপাৰা, শাখাটি, শিংৰা, চুকুনীয়াপাৰাত শ শ জোপা মূল্যবান এজাৰ, সোণাৰু, কৃষ্ণচূড়া, শিমলু আদি গছ কাটি পেলাইছে৷ একেদৰে গোৱালপাৰাৰ কৃষ্ণাইৰ বৰঝাৰ আৰু বৰমটিয়া বনাঞ্চলৰ মাজেৰে যোৱা ৰাষ্ট্ৰী ঘাইপথটোৰ দুয়ো কাষৰ বৃহৎ বৃহৎ শালগছ কাটি পেলোৱা পৰিলক্ষিত হৈছে৷ কৃষ্ণাই আৰু ৰংজুলি ৰেঞ্জৰ প্ৰায় ১৮ হাজাৰ গছ কাটিব বুলিও বন বিভাগে নিশ্চিত কৰিছে৷ শ শ বছৰ পুৰণি বৃহৎ বৃহৎ গছসমূহ কাটি পেলোৱাত জীৱকুলৰ প্ৰতিও এতিয়া ভাবুকি নামি আহিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ৰাষ্ট্ৰী ঘাইপথ নিৰ্মাণৰ নামত বৰঝাৰ বনাঞ্চলৰ ভিতৰত ১৭ মিটাৰ দূৰত্ব পৰ্যন্ত গছসমূহ কাটি পেলোৱা হ’ব৷ ইতিপূৰ্বে পথ নিৰ্মাণৰ নামত গোৱালপাৰা জিলাত প্ৰায় ৯ হাজাৰজোপা গছ কাটি পেলোৱা হৈছে৷ কেৱল ১৭ নম্বৰ ৰাষ্ট্ৰী ঘাইপথতে নহয়, শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰ এতিয়া চলিছে গছ কটাৰ অভিযান৷ ইফালে, পাৱাৰগ্ৰীডে বিদ্যুৎ পৰিবাহী লাইন সংস্থাপনৰ নামত গছ কটাক লৈ বৃহস্পতিবাৰে গহপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একেদৰে চৰাইদেউ জিলাৰ লাইচেং গাঁৱতো বিদ্যুৎ যোগানৰ নামত পথৰ দাঁতিৰ গছ কাটি তহিলং কৰাত স্থানীয় ৰাইজে অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰকৃতি সংৰক্ষণৰ দাবীত সমগ্ৰ বিশ্বতে প্ৰকৃতিপ্ৰেমীয়ে ৰাজপথলৈ ওলাই অহাৰ সময়তে জীৱশ্ৰেষ্ঠ মানুহৰ অবিবেচক কাৰ্যৰ বাবে পক্ষীকুলৰ বাবে বিপদ নামি আহিছে৷ বিশ্বনাথত জাক জাক বৰটোকোলাই আশ্ৰয় লোৱা কেইবাডালো বৃহৎ গছ গৰাকীয়ে কাটি পেলোৱাৰ বাবে দুষ্প্ৰাপ্য পক্ষীবিধ ঠিকনাবিহীন হৈ পৰিছে৷ বিশ্বনাথ চহৰৰ লিচুবাৰীৰ মাজমজিয়াত থকা মাটিৰ গৰাকীয়ে বহুকেইডাল গছ কাটি পেলোৱাত আশ্ৰয়বিহীন হৈ পৰিছে বৰটোকোলাৰ জাকটো৷ ইফালে, নগাঁও আৰু ধিং সংযোগী গড়কাপ্তানি পথত থকা দুজোপা আহত গছত বাহ সজা বৰ মৌমাখিৰ এটা জাকে সোণত সুৱগা চৰাইছিল৷ কিন্তু পথটো বহলোৱাৰ নামত শেহতীয়াকৈ কাটি পেলোৱা হ’ল গছজোপা৷ ফলত ধিং আৰু নগাঁওবাসীৰ বাবে সৌন্দৰ্যৰ আকৰ হৈ পৰা মৌমাখিৰ জাকটো নোহোৱা হৈ পৰিল৷

দুধনৈ আৰু কৃষ্ণাইত বন ধবংসযজ্ঞ অব্যাহত

‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদকঃ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যখনত চৰকাৰী, বেচৰকাৰী সংস্থা তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জৰিয়তে লাখ, লাখ গছপুলি ৰোপণেৰে যি চমক সৃষ্টি কৰি বাহ! বাহ! ল’ব বিচাৰিছিল তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰু কৃষ্ণাইত৷ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণৰ নামত কালিৰ পৰা জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লাঙ্কি সংৰক্ষিত বনাঞ্চলৰ দুধনৈৰ ফফল আৰু কৃষ্ণাই মধ্য বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰঝাৰ আৰু বৰমাটিয়া সংৰক্ষিত বনাঞ্চলত আজি দ্বিতীয় দিনাও হাজাৰ হাজাৰ মূল্যবান শাল গছ কাটিবলৈ লোৱা হৈছে৷ বন বিভাগৰ পৰা জানিব পৰা মতে, প্ৰথম পৰ্যায়ত ৪ জুলাইৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে পথৰ দুয়োকাষে থকা শাল গছসমূহ কাটিবলৈ আৰম্ভ কৰা হৈছিল; কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকৃতিপ্ৰেমী লোকসকলে ইয়াৰ প্ৰতিবাদ কৰাত মুখ্যমন্ত্ৰীয়ে গছকটা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সাময়িকভােৱ গছকটা বন্ধ কৰে৷ তাৰ পাছতে কিছুদিনৰ বাবে পথৰ দুয়োকাষে থকা সৰু সৰু গছ পুলিবোৰ উঠাই ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাঠিয়া পাৰা সংৰক্ষিত বনাঞ্চলত ৰোপণৰ ব্যৱস্থা কৰা বুলি জনিবলৈ দিয়ে৷ ইপিনে পুনৰ তিনিমাহৰ পাছত আকৌ গছ কাটিবলৈ নিৰ্দেশ পোৱাত কালিৰ পৰা গছ কাটিবলৈ আৰম্ভ কৰা হৈছে বুলি এজন বন বিষয়াই জানিবলৈ দিয়ে৷  জানিব পৰা মতে, ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দুধনৈৰ পৰা ধূপধৰালৈ প্ৰায় ২৮কিলোমিটাৰ পথৰ দুয়োকাষে থকা ৮,৭২৬ জোপা শাল গছ কটা যাব বুলি জানিব পৰা গৈছে৷ একেদৰে কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত ৮৮২১ জোপা আৰু গোৱালপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত ৪৪৪ জোপা গছ কটা যাব বুলি জানিব পৰা গৈছে৷ তদুপৰি, পাইকানৰ ১৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেঘালয়লৈ যোৱা ২১৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কুকুৰকাটালৈ পথচোৱাৰ দুয়োকাষে থকা শাল গছসমূহো কটাত মুঠতে জিলাখনত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰায় ১৮হাজাৰ গছ কটা যাব৷

গছ কটাৰ ফলত আশ্ৰয়হীন বৰটোকোলাৰ বৃহৎ পৰিয়াল

‘আমাৰ অসম’ৰ বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদকঃ মানৱ জীৱ শ্ৰেষ্ঠ৷ জীৱশ্ৰেষ্ঠ মানৱৰ কাণ্ডজ্ঞানহীন এক কৰ্মৰ বাবেই আজি ঠিকনা হেৰুৱাইছে বিপদাপন্ন প্ৰজাতিৰ বৰটোকোলা চৰায়ে৷ উল্লেখ্য, শতাধিক বিপদাপন্ন বৰটোকোলাৰ আৱাসস্থলী এই বিশ্বনাথ৷ ওখ গছত আৱাস সজা এই প্ৰাণীকুল এতিয়া নীড়হাৰা অঘৰী বিহংগ৷ কাৰ্যতঃ বিশ্বনাথ নগৰত যি স্থানত এই বৰটোকোলাই বাস কৰিছিল সেই বিয়াগোম গছকইজোপা কাটি পেলোৱাৰ ফলতেই আজি উচ্ছেদিত হৈছে বৰটোকোলা চৰাইবোৰ৷ বৰটোকোলাৰ বাসভূমি বিশ্বনাথ চহৰৰ এই ঘটনাই এতিয়া ব্যথিত কৰাৰ লগতে মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক৷ ২০১৫চনৰ পৰাই বৰটোকোলা সংৰক্ষণৰ এটা সঁচা কাহিনী আৰম্ভ হৈছিল৷ বিশ্বনাথত জীৱ বৈচিত্ৰ্য অধ্যয়নৰ কাম আৰম্ভ কৰিছিল এটা প্ৰকৃতিপ্ৰেমী যুৱদলে৷ বৰটোকোলাৰ পৰ্যৱেক্ষণৰ কাম ‘ৱাইল্ড হাৰ্ট ফাউণ্ডেশ্যন’ নামৰ চৰাইৰ পৰ্যৱেক্ষণৰ এটা দলে বিশ্বনাথত আৰম্ভ কৰিছিল৷ তেওঁলোকে বৰটোকোলাবোৰে ক’ত বাহ সাজে, প্ৰজনন কেনেধৰণৰ, কণীপৰাৰ সময়, আদি সকলোবোৰ তথ্য পৰ্যৱেক্ষণ কৰে৷ বৰটোকোলাবোৰ হৈছে এটা বিপদাপন্ন প্ৰজাতিৰ চৰাই৷ বিশ্বজুৰি মাত্ৰ ৫,০০০টা আছে৷ ভাৰতত ১২০০টাৰ ভিতৰত ২০১৫চনত ৱাইল্ড হাৰ্ট ফাউণ্ডেছনে বিশ্বনাথ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ৬১টা বৰটোকোলা গণনা কৰিছিল আৰু তেওঁলোকৰ প্ৰচেষ্টাত ২০২৩চনত এই অঞ্চলত বৰটোকোলাৰ সংখ্যা ১২১ৰ অধিক হৈছেগৈ৷ ৱাইল্ড হাৰ্ট ফাউণ্ডেছনৰ স্বেচ্ছাসেৱকসকলে ঠাইখনৰ পৰা ১০টাতকৈয়ো অধিক বৰটোকোলাৰ পোৱালি উদ্ধাৰ কৰি মুকলি কৰিছে৷ ক’ভিডৰ সময়তো বৰটোকোলাৰ বাবে তেওঁলোকে খাদ্যৰ যোগান ধৰিছিল৷ ২০২১ চনত ৰাজ্যৰ বন বিভাগৰ সহযোগত ‘বৰটোকোলা চাবলৈ যাওঁ আহা’ নামৰ এক অনুষ্ঠান আয়োজন কৰি স্থানীয় ৰাইজক একত্ৰিত কৰি ইয়াৰ সজাগতা সৃষ্টি কৰে৷ ইয়াৰ পাছত ২০২৩চনত ‘বৰটোকোলা চাবলৈ যাওঁ আঁহা -২.O’ আয়োজন কৰা হয়৷  য’ত ১০০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয়৷  তাৰ পাছত বৰটোকোলাৰ বাসস্থান থকা গছবোৰৰ স্বত্বাধিকাৰসকলক সন্মান জনোৱা হয়৷ তেওঁলোকেও গছবোৰ কেতিয়াও নকটাৰ বাবে সন্মতি প্ৰকাশ কৰে৷ কিন্তু বৰটোকোলাই বাসকৰা গছ কেইজোপাই সম্প্ৰতি কাটি পেলালে জীৱশ্ৰেষ্ঠ মানৱে৷ এতিয়া প্ৰকৃতিপ্ৰেমীসকলে এই বৰটোকোলাৰ বাহত থকা পোৱালিবোৰ কি হ’ল, ক’লৈ গ’ল, তাক লৈ চিন্তিত হৈ পৰিছে৷ এই সমস্ত ঘটনাক লৈ ইতিমধ্যে ৱাইল্ড হাৰ্ট ফাউণ্ডেছনে বিভাগীয় কতৃৰ্পক্ষক জনোৱাৰ লগতে মেনকা গান্ধী, ৰাষ্ট্ৰীয় জীৱ বৈচিত্ৰ্য পৰিষদ আদিলৈ লিখিত অভিযোগ প্ৰদান কৰিছে৷