Logo
image

থাওৰাত 'চাঙে চাঙে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচীত ৰাইজৰ সঁহাৰিঃ কংগ্ৰেছৰ সভালৈ গ’লে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি বিজেপি নেতাৰ ভাবুকি

ডিজিটেল সংবাদ, নিতাইপানীদিহিং আৰু ডিমৌৰ প্ৰতিবেদকঃ আগন্তুক ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ শাসনাধিষ্ঠিত বিজেপি দলৰ লগতে বিৰোধী শিবিৰত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ বিৰোধী কংগ্ৰেছ , ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি তেৰটাকৈ ৰাজনৈতিক দল একত্ৰিত হৈ ঘনে ঘনে বৈঠকত মিলিত হৈছে৷ 

ইফালে ৰাজ্যৰ অন্যতম বিৰোধী দল কংগ্ৰেছে 'চাঙে চাঙে কংগ্ৰেছ' শীৰ্ষক এলানি কাৰ্যসূচী লৈ ৰাইজৰ মাজত সোমাই পৰিছে৷ ইয়াৰ অংশস্বৰূপে বৃহস্পতিবাৰে চাঙে চাঙে কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচী লৈ শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ চৰগুৱা, পানীদিহিং, গোহাঁইপুখুৰী, পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ পাঁচখনকৈ সভাত অংশগ্ৰহণ কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, এটোৱা মুণ্ডা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে সূৰুয দিহিঙীয়া, অজয় কুমাৰ গগৈ, উৎপল গগৈ, পদ্মলোচন দলে, প্ৰাক্তন বিধায়ক ৰাজীৱলোচন পেগু, ভাস্কৰজ্যোতি বৰুৱাসহ কংগ্ৰেছ দলৰ কেইবাজনো হাইপ্ৰফাইল  নেতাই সমষ্টিটোৰ পাঁচখনকৈ জনসভাত অংশগ্ৰহণ কৰে৷ 

উল্লেখ্য যে বিৰোধী দলটোৰ উক্ত কাৰ্যসূচীৰ বিষয়ে চৌদিশে প্ৰচাৰ হোৱাত শাসকীয় বিজেপি দলৰ শিবিৰত ভূমিকম্প সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ প্ৰাপ্ত অভিযোগ অনুসৰি, কংগ্ৰেছৰ সভালৈ মানুহ গ’লে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, পিএম কিষাণৰ ধনৰ কিস্তি কাটি দিয়াৰ ভাবুকি প্ৰদান কৰে বিজেপি দলৰ নেতা-পালিনেতা তথা একাংশ কৰ্মীয়ে৷ এই অভিযোগ কৰিছে খোদ থাওৰা ব্লক কংগ্ৰেছৰ সভাপতি ডম্বৰু টাৱে৷ সভাপতিজনে সংবাদ মাধ্যমৰ আগত কয় যে চৰগুৱা গাওঁ পঞ্চায়তৰ অধীনৰ কৈৱৰ্ত্ত দলনি, পানীদিহিং গাওঁ পঞ্চায়তৰ বৰগুৰি মিচিং গাওঁ, গোহাঁইপুখুৰী গাওঁ পঞ্চায়তৰ লাইবিল মিৰিপথাৰ, পশ্চিম পানীদিহিং গাওঁ পঞ্চায়তৰ শিঙিয়নি, দলপাৰ সভাৰ প্ৰাকক্ষণত নিশা বিজেপি দলৰ নেতা-কৰ্মীয়ে ঘৰে ঘৰে গৈ কংগ্ৰেছৰ সভালৈ যাবলৈ বাধা দিয়ে৷ হাতে-হাতে কাগজ-পত্ৰ লৈ সভালৈ গ’লেই চৰকাৰী সা-সুবিধা কৰ্তন কৰা হ’ব বুলি ভাবুকি দিয়ে৷

আনহাতে প্ৰতিখন সভাৰ আশে-পাশে বিজেপি দলৰ পতাকা লগোৱা হয়৷ ইয়াতে ক্ষান্ত নাথাকি ঘৰৰ চৌহদত বৃহস্পতিবাৰৰ দিনটো বিজেপি পতাকা লগোৱা পৰিলক্ষিত হয়৷ ইফালে গোহাঁইপুখুৰী গাওঁ পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ উপ-সভাপতি যতীন টাইডে সাংবাদিকৰ আগত কয় যে গোহাঁইপুখুৰী গাওঁ পঞ্চায়তৰ সভাপতিৰ নিৰ্দেশত কংগ্ৰেছৰ পতাকা ফালি পেলাই বিজেপি পতাকা লগোৱা হয়৷ এইলৈ লাইবিল-মিৰিপথাৰ মুৰংঘৰত অনুষ্ঠিত সভাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ থাওৰা ব্লক কংগ্ৰেছৰ সভাপতি ডম্বৰু টাৱে পুনৰ কয় যে সভাৰ আগনিশা কংগ্ৰেছৰ সভালৈ গ’লে চৰকাৰী সা-সুবিধা কৰ্তন কৰাৰ ভাবুকি দিয়াৰ বাবেই সভালৈ বহু লোক নগ'ল৷ চাঙে চাঙে কংগ্ৰেছৰ কাৰ্যসূচীত জনগোষ্ঠীয় ৰাইজৰ ব্যাপক সহাঁৰিয়ে আগন্তুক লোকসভা নিৰ্বাচনত যে প্ৰভাৱ পেলাব ই নিশ্চিত৷ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংসদ গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ’ব বুলি কৰা ঘোষণাই নৱপ্ৰজন্মৰ লগতে  ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷