Logo
image

কৃত্ৰিম বুদ্ধিমত্তাই সকলো কৰিব, আপুনি একো কৰাৰ দৰকাৰ নাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ নৱেম্বৰঃ এ আই অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অথবা কৃত্ৰিম বুদ্ধিমত্তাই ভৱিষ্যতে সকলো কাম কৰিব৷ তেনেক্ষেত্ৰত মানুহে কৰিবলগীয়া কোনো কামেই নাথাকিব৷ টেছলা গাড়ীৰ নিৰ্মাতা প্ৰতিষ্ঠানৰ স্বত্তাধিকাৰী আৰু শেহতীয়াকৈ টুইটাৰো হস্তগত কৰা এলন মাস্কে ব্ৰিটেইনৰ ভাৰতীয় বংশোদ্ভৱ প্ৰধানমন্ত্ৰী ঋষি ছুনকক কৰা এই মন্তব্যই প্ৰধানমন্ত্ৰীজনক আশ্বস্ত কৰাৰ পৰিৱৰ্তে উদ্বিগ্নহে কৰি তুলিছে৷  ব্ৰিটেইনৰ ব্লেছলে পাৰ্কত অনুষ্ঠিত ‘এ আই ছেফটি ছামিট’ অনুষ্ঠানত উভয়ে ভাগ লৈছিল, য’ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক এলন মাস্কে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে পৰিচালিত হ’ব পৰা ভৱিষ্যতৰ পৃথিৱীখনৰ এক চিত্ৰ দাঙি ধৰে৷ এলন মাস্কে তেওঁক কয়, ভৱিষ্যতে তেওঁ অথবা আন কোনো লোকে একো কামেই কৰিবলগীয়া নহ’ব পাৰে৷ কিয়নো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে সকলো কাম সম্পাদন কৰা সম্ভৱ হৈ উঠিব৷ এতিয়াই মাথোঁ কেইবছৰমান আগলৈকে কল্পনা কৰিব নোৱাৰা কেতবোৰ কাম এ আইৰ জৰিয়তে সম্পাদন হৈছে৷ এ আইৰ সেই কাম-কাজ দেখি অনেকেই স্তম্ভিত হৈছে৷ বিভিন্ন খণ্ডত ভৱিষ্যতে যদিহে এইদৰে এ আই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কাম সম্পাদন কৰা হয় তেন্তে মানুহৰ কামেই নোহোৱা হৈ পৰিব৷ মানুহৰ চাকৰি বোলা কোনো কাম নোহোৱা হ’ব৷ তেতিয়াৰ পৰিস্থিতি কি হ’ব? এলন মাস্কৰ ওচৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনকেও সেই সমস্যা উত্থাপন কৰে৷ কিয়নো দেশত কৰ্মসংস্থাপনহীনতাই ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ব্ৰিটেইনে অৰ্থনৈতিক সংকটত ভোগাৰ সময়তে দেশখনৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্ব লৈছে ঋষি ছুনকে৷ সেই দিশৰ পৰা তেওঁ প্ৰচণ্ড চাপৰ মাজত আছে৷ এনে পৰিস্থিতিত অনুষ্ঠিত এ আই নিৰাপত্তা শীৰ্ষক সন্মিলনৰ এলন মাস্কে এ আই বা কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত ভৱিষ্যতৰ যি চিত্ৰ ঋষি ছুনকৰ সন্মুখত দাঙি ধৰিলে সেয়া দেখি স্বাভাৱিকতে বিতত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী৷ পিছে এই দিশত টেছলা আৰু এক্স হেণ্ডলৰ (পূৰ্বৰ টুইটাৰ) মালিক এলন মাস্ক নিৰুদ্বিগ্ন৷ তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰকৃত ছবিখনেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত সেই সন্মিলনত দাঙি ধৰে আৰু ভৱিষ্যতে মানুহে কোনো কাম কৰিবলগীয়া নহ’ব বুলি আত্মবিশ্বাসী মন্তব্য কৰে৷