Logo
image

‘মিঞা বিতৰ্ক’ৰে জুই লগাইছে আজমলে, ঘিউ ঢালিছে বিজেপিয়েও

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ৪ নৱেম্বৰঃ ক্ৰমাৎ দুৱাৰদলিত ২০২৪ৰ লোকসভাৰ নিৰ্বাচন৷ যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই তুংগত হৈছে এ আই ইউ ডি এফৰ চুপ্ৰিম’ তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ জৰা-ফুকা, ৰাজনীতি তথা মিঞাকেন্দ্ৰিক বিতৰ্ক৷ এক কথাত ক’বলৈ গ’লে মিঞা বিতৰ্কেৰে যেন জুইহে লগাইছে আজমলে৷ এতিয়া আজমল য’লৈকে যায় তাতেই তাতেই উত্থাপিত কৰে মিঞাৰ প্ৰসংগ৷ শুকুৰবাৰে হঠাৎ মিঞাৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো চেলেঞ্জ দিলে মৌলানা বদৰুদ্দিন আজমলে৷ দহ বছৰলৈ বিজেপিক মিঞাৰ ভোট নালাগে বুলি অলপতে এক ৰাষ্ট্ৰীয় চেনেলৰ সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱা বক্তব্যৰ প্ৰত্যুত্তৰ দি আজি বৰপেটাত মৌলানা আজমলে কয়– ‘তিনিদিন গুৱাহাটীত মিঞা নাথাকিলেই কবৰস্থান হ’ব৷ মাছৱালা, শাকৱালা, নিৰ্মাণ শ্ৰমিক সকলোৱেই আমাৰ মিঞাৰ ভাই-ভনী৷ মিঞা নহ’লেই গুৱাহাটীত হাহাকাৰ লাগিব৷ দহ বছৰলৈ কিয় এশ বছৰলৈ মিঞাই বিজেপিক ভোট নিদিয়ে৷’ ইফালে মুখ্যমন্ত্ৰীৰ গইনা লৈ কংগ্ৰেছকো তুলাধুনা দিয়ে আজমলে৷ আজমলে কয় ‘ৰাতি হিমন্ত বিশ্ব শৰ্মাই যি শিকায়, সেয়াই দিনত আওৰায় কংগ্ৰেছৰ ভূপেন বৰা, ৰফিকুল হুছেইন, দেৱব্ৰত শইকীয়াৰ টীমে৷ পইচা নিদিলেই, গালি বন্ধ হৈ পৰে৷ অসম কংগ্ৰেছত চব হিমন্তৰ চাকৰ৷’ ইয়াতকৈ এখোপ ওপৰলৈ গৈ আজমলে কয়– ‘আমাৰ কোনো মালিক নাই৷ আমি নিজেই মালিক৷ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা দহজন আৰু ভূপেন বৰাৰ নিচিনা এশজন মই কিনিব পাৰোঁ৷’ লক্ষণীয় যে মৌলানা আজমলৰ এনে প্ৰৰোচনামূলক, উদ্দেশ্যপ্ৰণোদিত আৰু উত্তেজিত ভাষণ শুনি হাজাৰ লোকে আজি বৰপেটাৰ সভাত হাততালিৰে গিৰ্জনি তোলে৷ লক্ষণীয় যে দিন চেৰেক পূৰ্বেও আজমলে মিঞাৰ মাজতে চোৰ-ডকাইত, লকআপ-জেল-ফেৰৎ, প্ৰৱঞ্চক, ধৰ্ষক বেছি বুলি আন এক চাঞ্চল্যকৰ মন্তব্য কৰিছিল৷ সমগ্ৰ মুছলমান সমাজখনকে মিঞাৰে লেটিয়াই তেওঁ কলুষিত কৰিছিল৷ লক্ষণীয় লোকসভাৰ নিৰ্বাচনৰ দিন চাপি অহাৰ লগে লগে ক্ৰমাৎ তুংগত হোৱা মৌলানা বদৰুদ্দিন আজমলৰ এই মিঞা বিতৰ্কত ঘিউ ঢালিছে বিজেপিয়েও৷ আজমলৰ মন্তব্যৰ পাছতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে ইজনৰ পিছত বিজেপি নেতাই মিঞা টিপ্পনি কৰি চৰ্চা লভিছে৷ ৰাজনৈতিক ভাষ্যকাৰসকলৰ মতে শিৱসাগৰত এক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত মিঞা চাফা কৰি দিম বুলি মন্তব্য কৰি উজনি অসমৰ যুৱকক গুৱাহাটীৰ বজাৰ দখলৰ বাবে আহ্বান জনোৱাৰ পাছতেই মৌলানা আজমলে মিঞা বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ অম্লজান বিচাৰি পোৱা বুলি অভিযোগ উঠিছে৷ আজিৰ আজমলৰ মিঞা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– মিঞাই নিজে নিজৰ কাম কৰি থাকক৷ মাথোন আমাৰ মাটি, জীয়ৰী-বোৱাৰীত হাত নিদিলেই হ’ল৷’ মিঞাক প্ৰতিহত কৰিবলৈ লাখ লাখ অসমীয়া ল’ৰা ওলাই আহিব লাগে৷’ অ’লা-ওবেৰ অসমীয়া ল’ৰাই চলাব লাগে বুলিও কলিতাই মতপোষণ কৰে৷

তিনি দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হ’বঃ আজমল

‘আমাৰ অসম’ৰ মন্দিয়াৰ প্ৰতিবেদকঃ ‘কংগ্ৰেছৰ দিনত আমাৰ হাজাৰ হাজাৰ মানুহক হত্যা কৰিছে, আমি আজিলৈকে ন্যায় পোৱা নাই৷ তিনি দিন মিঞা নাথাকিলে গুৱাহাটী কবৰস্থান হ’ব৷’ –বৃহস্পতিবাৰে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বামুণ দংৰাত এআইডিইউএফৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু বাঘবৰ সমষ্টি কমিটীৰ সহযোগত জিলা কমিটীৰ সভাপতি ছামচুদ্দিন কাচিমীৰ পৌৰোহিত্যত অনুষ্ঠিত দলীয় কৰ্মীসভাত মুখ্য অতিথিৰ ভাষণ প্ৰসংগত উক্ত মন্তব্য কৰে দলটোৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ আমাৰ মিঞাসকলে বিজেপিক এটা ভোটো নিদিয়ে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷ সাংসদ হিচাপে নিৰ্বাচিত হৈ বামুণ দংৰাৰ পৰা আলোপতি মাজৰচৰ হৈ নগৰবেৰালৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলঙ নিৰ্মাণ কৰিব বুলিও এআইডিইউএফৰ চুপ্ৰিম’জনে বক্তব্যত প্ৰকাশ কৰে৷  উক্ত সভাত উপস্থিত থাকি সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনীয়া সমষ্টিৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলাম আদিয়েও কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কংগ্ৰেছৰ দিনত ডি ভোটাৰ, ডিটেনচন কেম্প আদিৰ দ্বাৰা সংখ্যালঘু মুছলমানসকলক হাৰাশাস্তি কৰি আহিছে বুলি ভাষণত উল্লেখ কৰে৷ কংগ্ৰেছে সংখ্যালঘু মুছলমানসকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, দীৰ্ঘদিন শাসনৰ বাঘজৰী হাতত ৰখা কংগ্ৰেছে চৰৰ মাটিৰ পট্টা ব্যৱস্থা নকৰা বুলিও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে৷ উক্ত দলীয় কৰ্মীসভাত এআইডিইউএফৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি দেলুৱাৰ হুছেইন, সাধাৰণ সম্পাদক খন্দকাৰ আশ্ৰাফুল মামুন, প্ৰাক্তন জিলা পৰিষদৰ সদস্য ফিৰোজ আহমেদ, বাঘবৰ সমষ্টি কমিটীৰ সভাপতি মিৰ্জা নেৱাজ শ্বৰিফ, সাধাৰণ সম্পাদক প্ৰচাৰ দেলুৱাৰ ৰহমান আদি নেতৃবৃন্দ উপস্থিত থাকে৷

‘কংগ্ৰেছে লোকসভা নিৰ্বাচনত ডাঙৰ এটা হাঁহৰ কণী পাব’

‘আমাৰ অসম’ৰ কলগাছিয়াৰ প্ৰতিবেদকঃ মন্দিয়া সমষ্টিৰ জনতা বেকি ভেলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জনতাত আজি বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু পূৰ্বৰ জনীয়া সমষ্টি কমিটীৰ সহযোগত অনুষ্ঠিত হয় এ আই ইউ ডি এফৰ দলীয় কৰ্মীসভা৷ কৰ্মীসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এ আই ইউ ডি এফ দলৰ চুপ্ৰিমো মৌলানা বদৰউদ্দিন আজমল৷ বৰপেটা জিলা সমিতিৰ সভাপতি মুফতি ছামচুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকি বক্তব্য ৰাখে সোণাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা, জনীয়া সমষ্টিৰ বিধায়ক ড॰ হাফিজ ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে৷ সাংসদ বদৰউদ্দিন আজমলে সংসদ নিৰ্বাচিত হোৱাৰ লগে লগেই বৰপেটা জিলাৰ বহৰি, চেঙা, নগৰবেৰা, বাঘবৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন দলং নিৰ্মাণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিব বুলি কয়৷ লগতে কংগ্ৰেছ দলে দীৰ্ঘদিন শাসনত থকাৰ পাছতো সংখ্যালঘু চৰ-চাপৰি ৰাইজৰ কোনো সমস্যা সমাধান কৰা নাই বুলি কঠোৰ সমালোচনা কৰে৷ কংগ্ৰেছে সংখ্যালঘু ৰাইজৰ পিঠিত ডি লগাইছে, এন আৰ চিৰ নাম কাটিছে তৰুণ গগৈ, ডি লগাইছে তৰুণ গগৈ, কংগ্ৰেছে সংখ্যালঘুৰ কপালত বাংলাদেশীৰ ছাপ লগাইছে বুলি অভিযোগ উত্থাপন কৰে৷ কংগ্ৰেছ যেতিয়া পাৱাৰত নাথাকে, বাহিৰত থাকে তেতিয়া কয় আমাক পাৱাৰ দিয়া আমি কাম কৰিম কিন্তু পাৱাৰত আহিলে নকৰে৷ সেয়ে এইবাৰ কংগ্ৰেছ ফিল্ডৰ বাহিৰতে থাকিব৷ এইবাৰ ভূপেন বৰা ডাঙৰ এটা হাঁহৰ আণ্ডা (কণী) পাব৷ এইদৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে আজমলে৷ আনহাতে, বিজেপিকো কঠোৰ সমালোচনা কৰি কয় যে  ‘নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মা সকলোকে ভোটৰ জৰিয়তে একেলগে বান্ধি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া হ’ব৷ আগন্তুক লোকসভা নিৰ্বাচনত আমি ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ সমষ্টিত নিৰ্বাচন খেলিম’ বুলি কয়৷ সভাত উপস্থিত থাকে স্থানীয় নেতা মজিবৰ ৰহমান খান, সিৰাজ খান, দিদাৰ হুছেইন, ফাতিমা বেগম, যুৱনেতা খন্দকাৰ আশ্ৰাফুল মামুন, আব্দুল আৱাল আদিকে ধৰি গণ্যমান্য নেতা-কৰ্মীসকল উপস্থিত থাকে৷ সন্ধিয়া এ আই ইউ ডি এফৰ দলীয় কৰ্মীসভা স্থগিত ৰাখি আজমলে মঞ্চতে আদায় কৰে মগৰিবৰ নামাজ৷