Logo
image

মুকেশ আম্বানিক মৃত্যুৰ ভাবুকিঃ ১৯ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানিক মৃত্যুৰ ভাবুকি তথা ধনদাবী কাণ্ডত জড়িতৰ অভিযোগত এজন ১৯ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ শনিবাৰে মুম্বাইৰ গামদেৱী আৰক্ষীয়ে তেলেংগানা পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ অভিযুক্তজনক গণেশ ৰমেশ ভানপৰ্ধি বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত গণেশক ৮ নৱেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে৷ উল্লেখ্য যে যোৱা সপ্তাহত ধনদাবী আৰু মৃত্যুৰ ভাবুকিৰে পাঁচটা ই-মেইল লাভ কৰিছিল মুকেশ আম্বানিয়ে৷ ধন নিদিলে মৃত্যুৰ ভাবুকি দিয়া হৈছিল আম্বানিক৷

ইণ্ডিয়ান এক্সপেছৰ এক প্ৰতিবেদন অনুসৰি, মুম্বাইৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনাইছে যে আম্বানিক ধনদাবী কাণ্ডত কেইবাজনো কিশোৰ জড়িত আছে৷ লগতে আৰক্ষী বিষয়াজনে কয় যে বৰ্তমান তদন্ত চলি আছে আৰু আৰক্ষীয়ে ঘটনাৰ গভীৰতালৈ যাবলৈ চেষ্টা কৰিব৷ উল্লেখ্য যে মুকেশ আম্বানিয়ে পাঁচটা ই-মেইল লাভ কৰিছিল, য'ত তেওঁক চাৰিশ কোটি টকা দাবী কৰা হৈছিল৷ ইয়াৰ পাছত এই কাণ্ডত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷

যোৱা ২৭ অক্টোবৰত মুকেশ আম্বানিয়ে লাভ কৰিছিল প্ৰথমটো ভাবুকি ভৰা ই-মেইল৷ শ্বাদাব খান নামেৰে এটা ই-মেইল আই ডিৰ পৰা প্ৰেৰণ কৰা প্ৰথমটো মেইলটোত লিখা হৈছিল যে যদি ২০ কোটি টকা নিদিয়ে তেন্তে আম্বানিক হত্যা কৰা হ'ব৷ তাৰ পিছত অইন এটা মেইলত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীক অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰি ২০০ কোটি টকা দাবী কৰে৷ এনেদৰে যোৱা সোমবাৰে তৃতীয়টো মেইলত অচিনাক্ত যুৱকে মৃত্যুৰ ভাবুকি দি আম্বানিক ৪০০ কোটি টকা দাবী কৰিছিল৷ পৰৱৰ্তী সময়তো মঙলবাৰ আৰু বুধবাৰে আম্বানিয়ে মৃত্যুৰ ভাবুকিৰে ই-মেইল লাভ কৰিছিল৷