Logo
image

উক্তি-বক্ৰোক্তি

চত্তিশগড়ৰ কংগ্ৰেছ পাৰ্টীয়ে আপোনালোকক কাকো লুটিবলৈ এৰা নাই৷ তেওঁলোকে আনকি মহাদেৱৰ নামো কেলেংকাৰীৰ পৰা বাদ নিদিলে৷ দুদিন পূৰ্বে ৰায়পুৰত তালাচীৰ সময়ত বিশাল পৰিমাণৰ টকা ওলাইছিল৷ ৰাইজে কয়– সেই টকা ডুবাইৰ পৰা বেটিং ছিণ্ডিকেট চলাই থকা এজনৰ৷ 
–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আয়োগৰ কথা মতে অভিযুক্ত এপিএছচি-কেলেংকাৰীৰ বিষয়াসকলৰ চাকৰি খাৰিজ কৰাটো জটিল৷ মই মুখ্যমন্ত্ৰী হিচাপে মানৱীয় দৃষ্টিকোণৰ পৰাও বিষয়টো বিবেচনা কৰিব লাগিব৷ তেওঁলোকৰো পৰিয়াল আছে, সন্তান আছে৷ 
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী দুয়োজনেই ভাৱৰীয়া৷ স্ক্ৰিপ্ট ৰাইটাৰ এজন৷ দুয়োৰে একেখনে স্ক্ৰিপ্ট, যিখন মুখ্যমন্ত্ৰীয়ে লিখে৷ 
–কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

মোৰ ল’ৰাৰ ৰাজহুৱা জীৱনৰ কথা শুনি এতিয়া এনে লাগিছে মই অৱসৰ ল’ব পৰা হৈছোঁ৷ আপোনালোকে মোৰ ল’ৰাক ভালদৰে শিকাই-বুজাই লৈছে৷ মই ভাবোঁ এতিয়াৰ পৰা সি ৰাজহুৱা জীৱন সঠিকভাৱে আগবঢ়াই নিব পাৰিব৷ মই নিশ্চিন্তে অৱসৰ ল’ব পাৰিম৷ 
– ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্দৰা ৰাজে

কংগ্ৰেছৰ কোনো নেতাই মোক ধুবুৰীত পৰাজিত কৰিব নোৱাৰে৷ 
– এআইইউডিএফৰ সাংসদ বদৰুদ্দিন আজমল

আমি ছেমি-ফাইনেলত বুলি চৰকাৰীভাৱে হোৱা ঘোষণা শুনি খুব ভাল লাগিছে৷ গোটেই দলটোৱেই অসাধাৰণ ক্ৰিকেট খেলিছে৷ চেন্নাইৰ পৰা আৰম্ভ হৈছিল৷ তেতিয়া আমাৰ লক্ষ্য আছিল ছেমি-ফাইনেল৷ প্ৰথম লক্ষ্য পূৰণ হৈছে৷ এতিয়া পৰৱৰ্তী লক্ষ্য স্থিৰ কৰাৰ দিশে আমি আগবাঢ়িছোঁ৷ 
–টীম ইণ্ডিয়াৰ কেপ্টেইন ৰোহিত শৰ্মা

ৰাইজে মোক ভাল পায় কাৰণে মোৰ প্ৰতি ক্ষোভ, অভিমানো বেছি৷ ঘৰৰ ল’ৰা বুলি ভাবি অভিমান ত্যাগ কৰি ‘ৰাঘৱ’ চাবলৈ সকলো আহক৷ 
– অভিনেতা যতীন বৰা

মহুৱা মৈত্ৰৰ জনপ্ৰিয়তা বেছি৷ সেয়ে তেওঁক বিজেপিয়ে লক্ষ্য কৰি লৈছে৷ মহুৱা মৈত্ৰ খুব দৃঢ় চৰিত্ৰৰ মহিলা৷ তেওঁ সাংসদ হিচাপেও দক্ষ আৰু কঠোৰ৷ এথিক্স কমিটীয়ে যি প্ৰশ্ন কৰিছে সেয়া শুনি কেৱল মহুৱাই আপত্তি কৰা নাই, বিৰোধী দলৰ সাংসদো বৈঠকৰ পৰা ওলাই আহিছে৷ তেওঁক কৰা প্ৰশ্ন অনৈতিক৷
– তৃণমূল কংগ্ৰেছৰ সাংসদ শতাব্দী ৰায়

মিঞা নোহোৱাকৈ লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়াই মোগলক পৰাজিত কৰিছিল৷
– বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী