Logo
image

কলৰ বাকলি পেলাই নিদিব, আছে উপকাৰী গুণ

কল স্বাস্থ্যৰ বাবে উপকাৰী৷ কল এনে এবিধ ফল যে ই ভোক আঁতৰোৱাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ কিন্তু বহুতেই নাজানে যে কলৰ লগতে ইয়াৰ বাকলিও উপকাৰী৷ কলৰ বাকলি ঘৰৰ বিভিন্ন কামৰ উপৰি  আনকি সৌন্দৰ্য চৰ্চাতো ব্যৱহাৰ কৰিব পাৰি৷ উল্লেখ কৰা হ’ল কলৰ বাকলিৰ উপকাৰী গুণসমূহ–
(১) কাঁচকলৰ বাকলি পেলাই নিদি সৰু সৰুকৈ কাটি সিজাই লওক৷ এইবাৰ ইয়াৰ সৈতে কলা জিৰা, জালুকৰ গুড়ি, পিয়াঁজ, নহৰু আৰু তেলেৰে ভাজি লওক৷ এই ব্য?ন অতি সোৱাদযুক্ত হয়৷ এইবিধ ব্য?নৰ সৈতে মিছামাছো খাব পাৰি৷
(২) চামৰাৰ জোতাৰ দাগ আঁতৰোৱাৰ ক্ষেত্ৰত কলৰ বাকলি অতি কাৰ্যকৰী৷ ইয়াৰ বাবে পকা কলৰ বাকলিৰ ভিতৰৰ অংশৰে জোতাৰ দাগত ঘঁহি পাতল কাপোৰেৰেমচক৷ দেখিব, দাগ আঁতৰাৰ লগতে জোতাৰ উজ্জ্বলতা বৃদ্ধি পাইছে৷
(৩) কলৰ বাকলিত থকা পটাছিয়াম আৰু ছ’ডিয়ামে বায়’ডিগ্ৰেডেবল এজেণ্ট হিচাপে কাম কৰে৷ বাগিচাত থকা ফুলগছত ইয়াক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷
(৪) দাঁতৰ বৰণ হালধীয়া হ’লে কলৰ বাকলিৰে ঘঁহক৷ পুৱাই কলৰ বাকলিৰে দাঁত ঘঁহিহে টুথপেষ্ট ব্যৱহাৰ কৰক৷ এই উপায়েৰে এসপ্তাহৰ ভিতৰত দাঁতৰ হালধীয়া দাগ আঁতৰ হোৱাৰ লগতে উজ্জ্বলতা বাঢ়ে৷
(৫) কলৰ বাকলিৰে ছালৰ যতনো ল’ব পৰা যায়৷ ইয়াৰ বাবে কলৰ বাকলি বতি লৈ সামান্য গাখীৰ মিহলাই মুখত ঘঁহক৷ এই উপায়েৰে মুখৰ দাগ তথা বয়সৰেখা আঁতৰ কৰিব পৰা যায়৷