Logo
image

নেতাৰ হাঁহিভৰা মুখ

এতিয়া যিফালেই চোৱা যায় সেইফালেই নেতাৰ ফটোসহ সৰু-ডাঙৰ হ’ৰ্ডিং৷ পথৰ কাষত গছে-গছে, পোষ্টে-পোষ্টে, ঘৰৰ বেৰ-মূধচ আৰু গাড়ী-মটৰৰ আইনা আদিত দেখা যায় ৰাইজক ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনোৱা নেতাৰ হাঁহি থকা মুখ৷ আচলতে এইবোৰ বিভিন্ন দলৰ সম্ভাব্য প্ৰাৰ্থীৰ মুখ৷ ৰাইজক ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা জনাই দীঘলীয়া সময়ৰ কাৰণে বেনাৰ-হ’ৰ্ডিংবোৰ আঁৰি দিয়া হৈছে ৰাইজৰ মাজত নিজক দাঙি ধৰাৰ বাবে৷ হাতযোৰ কৰি থকাৰ ভংগিমাতে বুজা যায় এইসকল নিৰ্বাচন খেলিবলৈ, দলৰ টিকট বিচাৰিবলৈ ধনে-জনে সাজু হোৱা প্ৰাৰ্থী৷

প্ৰথমবাৰৰ বাবে অসমত নিৰ্বাচন ঘোষণা নৌহঁওতেই বিভিন্ন দলৰ, বিশেষকৈ বিজেপি, কংগ্ৰেছ আৰু অগপৰ টিকটপ্ৰত্যাশী প্ৰাৰ্থীসকলে এনেদৰে নিজাববীয়াকৈ প্ৰচাৰত নমা দেখা গৈছে৷ আগতে এনে হোৱা দেখা নগৈছিল৷ দলীয় শৃংখলাৰ কথা কৈ গৌৰৱ কৰা বিজেপিত এতিয়া টিকট বিচৰা প্ৰাৰ্থীৰ ভিৰ৷ প্ৰায় প্ৰতিটো সমষ্টিতে বিজেপিৰ চাৰি-পাঁচজন সম্ভাব্য প্ৰাৰ্থীয়ে উল্লেখিত ধৰণে নিজৰ ফটো আঁৰি দিছে৷ ইফালে হাইকমাণ্ডনিৰ্ভৰ কংগ্ৰেছৰ টিকটপ্ৰত্যাশী প্ৰাৰ্থীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান লিখি হাতযোৰ কৰা ফটো আঁৰি দিছে৷ বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক দেখি অগপৰ প্ৰাৰ্থীসকলো পিছপৰি থকা নাই৷ তাকে দেখি এতিয়া নৱগঠিত দলসমূহতো বেনাৰ-হ’ৰ্ডিং আঁৰি দিয়াৰ প্ৰচেষ্টা চলিছে৷

নিৰ্বাচন আয়োগে জাননী জাৰি কৰাই নাই৷ এনে অৱস্থাত সকলো দলেই নিৰ্বাচনী যুঁজত নামি পৰা দেখা গৈছে৷ নিৰ্বাচন আয়োগে ব্যয়ৰ সীমা ঘোষণা কৰাৰ আগতেই প্ৰাৰ্থীসকলে পুঁজি ব্যয়ত লাগিছে৷ বিজেপি দল সকলোতকৈ এখোপ চৰা৷ চৰকাৰ আৰু দলৰ পাৰ্থক্য নোহোৱা হৈ পৰিছে৷ অনুমান কৰা হৈছে যে এইবাৰ নিৰ্বাচনত টিকট বঞ্চিত প্ৰাৰ্থীসকলৰ ক্ষোভ বাঢ়িব৷ সমান্তৰালভাৱে বাঢ়িব নিৰ্বাচনী ব্যয়৷

প্ৰায় প্ৰতিটো দলেই সভা-সমিতি পাতি শক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ বিজেপি আৰু কংগ্ৰেছ দলে বহুদিন আগৰ পৰা সভা-সমিতিৰ আয়োজন কৰি আহিছে, য’ত মানুহ গোট খুওৱাৰ প্ৰতিযোগিতা চলিছে৷ কেন্দ্ৰীয় মন্ত্ৰীসকলে সঘনে অসম ভ্ৰমণ কৰিছে৷ গৃহমন্ত্ৰীয়ে আমিনগাঁৱত নতুনকৈ স্থাপন কৰা অতিথিগৃহত ৰাত্ৰি যাপন কৰিছে৷ কমদিনৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে দুৱাৰকৈ অসম ভ্ৰমণ কৰিছে৷ প্ৰধানমন্ত্ৰী উপস্থিত থকা শিৱসাগৰৰ সভাত আশা কৰাতকৈ মানুহ কম হোৱা কাৰণে ঢেকিয়াজুলিৰ সভাত বহুত মানুহ গোটোৱা হৈছে৷ দেখা গৈছে বিজেপি দলে হিতাধিকাৰী আৰু চৰকাৰী সুবিধাৰ বাবে আৱেদনকাৰীক দলীয় সভাবোৰলৈ টানিছে৷ বিৰোধী দলত থকাৰ পাছতো কংগ্ৰেছৰ সভাত মানুহ কম নহয়৷ সভা-সমিতিত মানুহ গোটোৱাৰ দায়িত্ব দিয়া হৈছে টিকটপ্ৰত্যাশী প্ৰাৰ্থীসকলক৷ এনেকৈয়ে অসমৰ ৰাজনীতিত এক অশুভ পৰম্পৰা আৰম্ভ হৈছে আৰু নিৰ্বাচনৰ আগতেই দুৰ্নীতিৰ বাট মসৃণ কৰা হৈছে৷ নিৰ্বাচনৰ নামত ধনৰ ব্যয় যিমানে বাঢ়িব, দুৰ্নীতিৰ সম্ভাৱনাও সিমানে বাঢ়িব৷ গছে-গছে, পোষ্টে-পোষ্টে, গাড়ী-মটৰে ইতিমধ্যে নিজৰ পোষ্টাৰ আঁৰি দিয়াসকলে অত্যধিক ব্যয় কৰি ৰাইজক বুজাই দিছে যে তেওঁলোক একো একোজন ক্ষমতাশালী প্ৰাৰ্থী৷ এনে প্ৰাৰ্থীৰ প্ৰতিযোগিতা আৰু সম্ভাব্য সংঘাতে অসমৰ ৰাজনীতিক অহা দুটা-তিনিটা মাহ যে উত্তাল কৰি ৰাখিব, তাৰ প্ৰমাণ ওলাবলৈ আৰম্ভ কৰিছেই৷ এইক্ষেত্ৰত নিৰ্বাচন আয়োগ আৰু সচেতন ৰাইজে দায়িত্ব বহন কৰিব লাগিব৷