Logo
image

ভোট প্ৰচাৰতে ৮০ কোটি লোকলৈ বিনামূলীয়া ৰেচন ঘোষণা কৰিলে মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বভাৱগত ভংগীৰে শনিবাৰে ছত্তীশগড়ৰ এখন নিৰ্বাচনী সভাত ঘোষণা কৰিছে, অহা ৫ বছৰলৈ তেওঁ দেশৰ ৮০ কোটি নাগৰিকক বিনামূলীয়াকৈ ৰেচন দিয়াৰ সিদ্ধান্ত লৈছে৷ অহা সপ্তাহত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছত্তীশগড়ত কৰা এই ঘোষণা পবিত্ৰ সিদ্ধান্ত বুলিও দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ছত্তীশগড়ৰ দুৰ্গত আয়োজিত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়–‘মই সিদ্ধান্ত লৈছো, দেশৰ ৮০ কোটি নাগৰিকক আৰু ৫ বছৰৰ বাবে বিনামূলীয়া খাদ্যশস্য বা ৰেচন যোগান দিম৷ যি বিনামূলীয়া প্ৰকল্প চলি আছিল, সেই প্ৰকল্প আৰু ৫ বছৰলৈ বৃদ্ধি কৰিম৷ মানুহৰ ভালপোৱা আৰু আশীৰ্বাদে সকলো সময়তে মোক এনে পৱিত্ৰ সিদ্ধান্ত ল’বলৈ বাধ্য কৰে৷’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা কোনো বিশেষ নিৰ্বাচনী চমক নহ’লেও ৰাজনৈতিক বিশ্লেষকে তেওঁৰ ঘোষণাত তাৎপৰ্য বিচাৰি পাইছে৷ চৰ্চা হৈছে, মোদীয়ে এই ঘোষণাৰ জৰিয়তে এটা গুলীত দুটা চিকাৰ কৰিলে৷ কিয়নো অহা ৫ বছৰলৈ কেন্দ্ৰৰ বিজেপি চৰকাৰে ৮০ কোটি নাগৰিকক বিনামূলীয়া ৰেচন দিব বুলি কৰা ঘোষণাৰ দ্বাৰা তেওঁ বিজেপি চৰকাৰ পুনৰ ৫ বছৰৰ বাবে কেন্দ্ৰত শাসনত থাকিব, অন্যাৰ্থত পুনৰ বিজয়ী হ’ব বুলি দেশবাসীক বুজাই দিলে৷ একেটা ঘোষণাৰে তেওঁৰ চৰকাৰ আহিলেই দেশবাসীৰ খাদ্যৰ অভাৱ নহ’ব বুলিও মোদীয়ে আশ্বস্ত কৰিলে৷ অন্ততঃ তেওঁ পৃথকে বুজাই দিবলগীয়া নহ’ল যে সাধাৰণ নিৰ্বাচনতো বিজেপিয়েই বিজয়ী হ’ব৷ মোদীয়ে ইমান সহজে এই ঘোষণা কৰিলে, যাৰ অৰ্থ তেওঁৰ মতে, বিজেপি চৰকাৰ কেন্দ্ৰৰ শাসনত থকাটো এতিয়া অব্যাহত প্ৰক্ৰিয়া, যাৰ বাবে নিৰ্বাচনৰ পূৰ্বেই তেওঁ ঘোষণা কৰিব পাৰিছে পৰৱৰ্তী ৫ বছৰৰ কেন্দ্ৰীয় প্ৰকল্প৷

নৰেন্দ্ৰ মোদীক স্বপ্ন বিক্ৰীৰ ফেৰীৱালা বুলি কিয় আখ্যা দিয়া হয়, তেওঁৰ এই ঘোষণাই পুনৰ প্ৰমাণ কৰিছে৷ কিয়নো মোদীয়ে ছত্তীশগড়ৰ দুৰ্গত যি ঘোষণা কৰিলে সেয়া বিগত বহুবছৰ ধৰি চলি থকা প্ৰকল্প৷ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ কাৰ্যকালত যেতিয়া দেশত ধানৰ উৎপাদন প্ৰয়োজনাধিক হৈছিল, তেতিয়া কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰে ন্যূনতম মূল্যৰ বিনিময়ত দেশৰ দৰিদ্ৰ জনতাক চাউল যোগান ধৰিছিল৷ পৰৱৰ্তী সমত বিজেপি নেতৃত্বাধীন চৰকাৰে সেই প্ৰকল্পকে অব্যাহত ৰাখে আৰু চাউলৰ মূল্য প্ৰতি কিলোগ্ৰামত ২ টকালৈ হ্ৰাস কৰে৷ একেটা প্ৰকল্পই ক’ভিড অতিমাৰীৰ পৰা বিনামূলীয়া হয় আৰু চৰকাৰে সেই সিদ্ধান্ত প্ৰতি ৬ মাহৰ মূৰত নৱীকৰণ কৰি আছে৷ সেই দিশৰ পৰা আজি ছত্তীশগড়ত প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণা তেনেই সাধাৰণ মানৰ আৰু চলি থকা এটা কেন্দ্ৰীয় প্ৰকল্প৷ তাকেই তেওঁ ডাঙৰকৈ ঘোষণা কৰি এটা পৃথক ৰূপ দিলে ভোটাৰৰ মাজত৷