Logo
image

এইবাৰ শদিয়াৰ পৰা পদযাত্ৰা কৰিব ৰাইজৰ দলেঃ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অখিলৰ নেতৃত্বত আৰম্ভ হ'ব 'ৰাইজৰ দল ৰাইজৰ মাজলৈ' শীৰ্ষক অভিযান

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছ , অসম জাতীয় পৰিষদৰ দৰে এইবাৰ পদ যাত্ৰা কাৰ্যসূচী হাতত লৈছে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে। বিৰোধী ঐক্য মঞ্চত ভাঙুন অনাৰ বাবে বিজেপিয়ে চলোৱা চক্ৰান্তৰ বিৰুদ্ধে ৰাইজক সজাক কৰাৰ উদ্দেশ্যে ৰাইজৰ দলে আৰম্ভ কৰিব পদযাত্ৰা কাৰ্যসূচী। শদিয়াৰ পৰা পদযাত্ৰা কৰিব ৰাইজৰ দলে৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ১৫ নৱেম্বৰত শদিয়াৰ পৰা আৰম্ভ হ'ব ৰাইজৰ দলৰ পদযাত্ৰা কাৰ্যসূচী। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰম্ভ হ'ব 'ৰাইজৰ দল ৰাইজৰ মাজলৈ' শীৰ্ষক গণসংযোগ অভিযান। 

যোৱা তিনি নৱেম্বৰত অনুষ্ঠিত হোৱা সভাই নৱেম্বৰ মাহৰ মাজভাগৰ পৰা অসমৰ প্ৰতিখন গাওঁ, চহৰ, বাগান তথা প্ৰতিটো অঞ্চল সামৰি এক গণ সংযোগ কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। বিজেপিক পৰাভূত কৰি গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজৰ মাজত জনমত গঢ়াৰ  লগতে উক্ত গণসংযোগ কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হ'ব জনগণক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক অধিকাৰৰ প্ৰতি সজাগ কৰা, জনগণৰ মাজত বিশ্বাস আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰা আৰু অসমত প্ৰগতিশীল আঞ্চলিকতাবাদৰ এক নতুন ধাৰাৰ সৃষ্টি কৰা।

'ৰাইজৰ দল ৰাইজৰ মাজলৈ' শীৰ্ষক এই গণসংযোগ কাৰ্যসূচী চলিত মাহৰ মাজভাগৰ পৰা সভাপতি অখিল গগৈৰ নেতৃত্বত শদিয়াৰ পৰা আৰম্ভ হ'ব। ৰাইজৰ দলে উক্ত কাৰ্যসূচীত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে অসমক ভালপোৱা, গণতন্ত্ৰক ভালপোৱা সকলো লোকৰে সহযোগিতা কামনা কৰিছে।