Logo
image

ভূপেনদা বিহীন ১২টা বছৰঃ ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, জালুকবাৰীত শাসক-বিৰোধীয়ে একেলগে জনালে শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰতৰত্ন , সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যুবাৰ্ষিকীত দেওবাৰে ৰাজ্যজুৰি চৰকাৰী-বেচৰকাৰীভাৱে বিশ্ববন্দিত শিল্পীগৰাকীক গীতে-মাতে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৰাজ্যবাসীয়ে। সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শেষ ঠিকনা জালুকবাৰীৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ উদ্যোগত পুৱাৰে পৰা অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু বিশিষ্ট লোকে শ্ৰদ্ধা তৰ্পণ কৰে। সমান্তৰালভাবে বিশ্বৰত্ন ড° ভূপেন হাজৰিকা সাহিত্য সভা, জালুকবাৰী নাগৰিক সমিতি, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা, আইন মহাবিদ্যালয় ছাত্ৰ একতা সভাকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে শ্ৰদ্ধা তৰ্পণ কৰে। ইফালে মৃত্যু দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত গীত-মাত, বক্তৃতা, আলোচনা চক্র, ভূপেন্দ্র সংগীত প্রতিযোগিতা আদিও অনুষ্ঠিত হয়। আনকি  সমাধিক্ষেত্ৰত স্মৃতিচাৰণ সভা আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্রী বিমল বড়া,  বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখক উপেন বৰুৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ উপস্থিত থাকে। দুপৰীয়াৰ পৰা  অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত ন-পুৰণি শিল্পীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কেবাটাও কালজয়ী গীত পৰিবেশন কৰে। তেনেদৰে  বিশ্ববন্দিত শিল্পীগৰাকীৰ দীঘলীপুখুৰীৰ পাৰত থকা প্ৰতিমূৰ্ত্তিস্থলীত সন্ধিয়া সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত সন্ধিয়া ১০ হাজাৰ বন্তি জ্বলাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই জানিবলৈ দিয়া মতে ছাত্ৰ সন্থাৰ শাখা আৰু আঞ্চলিক সমিতিসমূহৰ উদ্যোগত ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। সন্ধিয়া দীঘলীপুখুৰী পাৰত থকা  প্ৰতিমূৰ্ত্তিস্থলীত  শিল্পী, সাহিত্যিক, বিশিষ্ট নাগৰিকৰ উপস্থিতিত শিল্পী কৈলাস ৰাভাৰ নেতৃত্বত বাদ্যযন্ত্ৰী কলে চেক্স'ফোনত ড° ভূপেন হাজৰিকাৰ যুগমীয়া গীতৰ ঝংকাৰ তুলি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে।

ইফালে জালুকবাৰীৰ সমাধি ক্ষেত্ৰত ডঃ ভূপেন হাজৰিকাৰ প্রতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহি ৰাজ্যৰ শাসক-বিৰোধী দল ক্ৰমে বিজেপি আৰু কংগ্ৰেছ দলৰ মাজত হোৱা অভিযোগ- প্ৰতিঅভিযোগক কেন্দ্ৰ কৰি ৰাইজৰ মাজত আমোদৰ সৃষ্টি হয়। সমাধি ক্ষেত্ৰত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত বিজেপি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰি কয় বিজেপি দলৰ চৰকাৰৰ ড০ ভূপেন হাজৰিকাৰ প্ৰতি আন্তৰিকতা নাই। ভূপেন হাজৰিকাৰ প্ৰতি তেওঁলোকৰ আনুষ্ঠানিকতাহে আছে, আন্তৰিকতা নাই। তেওঁলোকৰ আন্তৰিকতা আছে পণ্ডিত দীনদয়াল উপাধ্যায়, ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী আদিৰ প্ৰতিহে। মানৱতাৰ জয়গান গোৱা শিল্পী গৰাকীৰ জন্মভূমি অসম আজি মানৱতাৰ বধ্যভূমিলৈ পৰিণত হৈছে। এইক্ষেত্ৰত শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগ উনকিয়াই ভূপেন হাজৰিকাৰ কেবাটাও গীতৰ কলিৰে বিজেপি দলৰ লগতে চৰকাৰক কঠোৰ সমালোচনা কৰে।

ইফালে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদ্‌যাপনক লৈ ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰী বিমল বৰাই। সমাধিক্ষেত্ৰত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বিমল বৰাই কয় -  কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই 'বিজেপিয়ে আনুষ্ঠানিকতাহে কৰিছে, আন্তৰিকতা নাই' বুলি কোৱা ভূপেন বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে।  মন্ত্ৰী বৰাই কয় যে সমগ্ৰ অসমৰ ৰাইজেই ভাৰতৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছে। চৰকাৰৰ ফালৰ পৰাও সুধাকণ্ঠৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সুধাকণ্ঠৰ 'ব’হাগ মাথোঁ এটি ঋতু নহয়’ শীৰ্ষক গীতটিৰ প্ৰসংগ উত্থাপন কৰি কয় যে ভূপেনদাৰ এটি গীত বাস্তৱায়িত কৰাৰ বাবে বহু কোটি টকা ব্যয় হৈছিল। যাৰ ফলত যোৱা ১৩ আৰু ১৪ এপ্ৰিলত বিশ্ব ৰেকৰ্ডেৰে বিহুক বিশ্ব দৰবাৰলৈ নিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াস সফল হৈছিল। মহান শিল্পীগৰাকীৰ প্ৰতি আমাৰ চৰকাৰৰ আন্তৰিকতা নাথাকিলে এয়া সম্ভৱ হ’লহেঁতেন নে বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে। ব’হাগক ভূপেনদাই গীতৰ মাধ্যমেৰে যিদৰে উপস্থাপন কৰি থৈ গ’ল, সেই উপস্থাপনক চিত্ৰায়িত কৰিবৰ কাৰণে আমাৰ চৰকাৰখনৰ যি সদিচ্ছা তাতকৈ আৰু কি লাগে বুলি প্ৰশ্ন কৰে মন্ত্ৰী বিমল বৰাই। আনহাতে ৰাজধানী নতুন দিল্লীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাদশ পুণ্যতিথি উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ  চৰকাৰী বাসভৱনত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে আৰু সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।