Logo
image

পৰিয়ালসহ পুনৰ অসমলৈ আহিব অভিভূত ভূটান নৃপতি

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক,৬ নৱেম্বৰঃ ভূটানৰ ৰজা জিগমে খেচাৰ নামগায়েল ৱাংচুকে ৰাজসভাৰ বিষয়ববীয়াৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি মুগ্ধ হৈ পুনৰ পৰিয়ালৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ আশাৰে দেওবাৰে কাজিৰঙাৰ পৰা প্ৰস্থান কৰে৷ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজাই দুদিনীয়া কাৰ্যসূচীৰে শনিবাৰে বিয়লি কাজিৰঙাত উপস্থিত হৈছিল৷ কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কহঁৰাৰ মিহিমুখৰ প্ৰৱেশ দ্বাৰেদি ৰাষ্ট্ৰীয় উদ্যানত সোমাই উদ্যান দৰ্শন কৰি নিশা অতিবাহিত কৰে কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত এখন ব্যক্তিগত পৰ্যটন নিবাসত৷ ইফালে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত জীপ ছাফাৰী কৰাৰ পিছত আজি পুৱা এলিফেণ্ট ছাফাৰী কৰাৰ কথা আছিল যদিও কাৰ্যসূচী বাতিল কৰে বুলি জানিব পৰা গৈছে৷ বিশ্বৰ সৰ্বাধিক এটা খড়গ থকা গড়ঁৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আনন্দিত হৈ পৰা ভূটানৰ ৰজা ৱাংচুকে অসমৰ আতিথ্যক ভূয়সী প্ৰশংসা কৰি দেওবাৰে দুপৰীয়া কাজিৰঙা ত্যাগ কৰে৷ আজি ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ, গোলাঘাটৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি উচ্ছপদস্থ বিষয়াই কাজিৰঙাৰ বগৰীজুৰিত অৱস্থিত আয়ৰা পৰ্যটন নিবাসত আনুষ্ঠানিকভাৱে ভূটানৰ ৰজাক বিদায় সম্ভাষণ জনায়৷ ৰজা ৱাংচুকে আজি গাড়ীৰে কাজিৰঙাৰ পৰা যোৰহাটলৈ গৈ উৰাজাহাজেৰে দিল্লীলৈ গমন কৰে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ উল্লেখ্য ভূটানৰ ৰজাৰ আতিথ্যৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়োৱা ভোজমেলৰ পূৰ্বে ৰজা ৱাংচুকৰ সৈতে এক আলোচনাত মিলিত হৈ সাংবাদিকক জানিবলৈ দিয়া মতে  অসমৰ বিভিন্ন ক্ষেত্ৰত হোৱা পৰিবৰ্তনত ৰজা ৱাংচুক যথেষ্ট উৎসাহী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মধ্যমৰ আগত প্ৰকাশ কৰা মতে অসম-ভূটানৰ সম্পৰ্ক অতি পুৰণি৷ গতিকে এই সম্পৰ্ক গতিশীল আৰু মধুৰ তথা সুদীৰ্ঘ কৰিব লাগে৷ ভূটানৰ ৰজা অসমলৈ অহাটো অসমৰ কাৰণে এটা সন্মান৷ ৰাজ্যৰ তিনি কোটি জনসাধাৰণৰ বাবে এইটো এটা সন্মাজনক কথা৷ ভূটানৰ ৰজা অসম আগমনৰ পৰা আমি কোনো লাভ বিচাৰ নাই৷ অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান৷ কিন্তু ইয়াৰ পূৰ্বে কেতিয়াও অসম ভ্ৰমণলৈ অহা নাছিল ভূটানৰ ৰজা৷ গতিকে ভূটানৰ ৰজাৰ অসম ভ্ৰমণে অসমক গৌৰৱান্বিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে৷ অন্যহাতে ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক বিদেশ নীতিৰ দৃষ্টিত অতি নিবিড়৷ ভাৰত আৰু ভূটান দুখ আৰু সুখৰ দুয়োটাৰে সমভাগী৷ ভূটান ৰজাৰ এই ভ্ৰমণে সদায় ভাৰতবাসীক সন্তুষ্টি প্ৰদান কৰি থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷ অন্যহাতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বাৰ্থত প্ৰসংগক্ৰমে উল্লেখ কৰা মতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা এনিমেল কৰিডৰত অৰ্থাৎ বন্যপ্ৰাণী অহা যোৱা কৰা বুলনিত নিৰ্মাণ কৰিবলগীয়া উৰণীয়া সেতুৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব৷ ইতিমধ্যে ভাৰত চৰকাৰে কাজিৰঙাৰ উৰণীয়া সেতু চৰকাৰীভাৱে মঞ্জুৰি কৰিছে৷ গড়কাপ্তানি বিভাগে ইতিমধ্যে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন চমুকৈ ডি পি আৰ প্ৰস্তুত কৰিছে৷ এই ডি পি আৰ বিবেচনাৰ বাবে ৰাজ্যিক বন্যপ্ৰাণী পৰিষদ আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদলৈ প্ৰেৰণ কৰা হব৷ উল্লেখ্য এই প্ৰকল্পটোৰ চিত্ৰ ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তুত কৰিছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত এই প্ৰকল্পটোৰ সৈতে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানো জড়িত হৈ আছে৷ গতিকে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ পৰা অনুমতি পোৱাৰ সম্ভাৱনা আছে৷ উক্ত পৰিষদৰ পৰা আপত্তি বিহীন অনুমতি পালেই আগন্তুক বৰ্ষৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত উৰণীয়া সেতু নিৰ্মাণ কামৰ নিবিদা কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷