Logo
image

সমীক্ষাক প্ৰত্যাহ্বান মন্দিৰে মন্দিৰে মোদী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইকেইদিন উশাহ ল’বলৈকো সময় নাই৷ ৰাজধানী দিল্লী এৰি মোদীয়ে এতিয়া মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ মাজত তাঁতবাতি কৰিছে৷ অহা মঙলবাৰে ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ’ব ছত্তীশগড়ত আৰু একেদিনাই মিজোৰামত এটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব৷ মিজোৰামত মোদীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী প্ৰতিবাদৰ বাবে শেষমুহূৰ্তত বাদ দিলেও ছত্তীশগড়, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তেওঁ অহৰ্নিশে প্ৰচাৰত ব্যস্ত হৈ আছে৷ এদিন পূৰ্বে কেইবাটাও ৰাষ্ট্ৰীয় টিভি চেনেল আৰু অন্যান্য সংস্থাই প্ৰকাশ কৰা প্ৰাক নিৰ্বাচনী ভৱিষ্যদ্বাণীত বিজেপি শংকিত হৈ পৰিছে আৰু হাতৰ পৰা মধ্যপ্ৰদেশ যাব পাৰে বুলি আগজাননী পাই বিতত হৈছে৷ পিছে তাৎপৰ্যপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰৰ প্ৰত্যেকখন নিৰ্বাচনী সভাতে বিজেপিৰ বিৰুদ্ধে যোৱা প্ৰাক নিৰ্বাচনী সমীক্ষাক প্ৰত্যাহ্বান জনাইছে৷ উল্লেখ্য, শনিবাৰে প্ৰকাশ পোৱা প্ৰায় সকলো সমীক্ষাতে বিজেপিক এখনো ৰাজ্যত বিজয়ী হ’ব বুলি কোৱা হোৱা নাই৷ নিৰ্বাচন হ’বলগীয়া ৫ খন ৰাজ্যৰ ভিতৰত কেৱল মধ্যপ্ৰদেশতহে বিজেপিৰ চৰকাৰ আছে৷ তাৎপৰ্যপূৰ্ণভাৱে মধ্যপ্ৰদেশতো বিজেপিয়ে ৫ বছৰ পূৰ্বে সংখ্যাগৰিষ্ঠ কংগ্ৰেছৰ বিধায়ক ভাঙি নি চৰকাৰ গঠন কৰিছিল৷ এইবাৰ কোনো সমীক্ষাতে মধ্যপ্ৰদেশ বিজেপিক দিয়া নাই৷ দুই এটা সমীক্ষাত বিজেপি ৰাজস্থানত বিজয়ী হ’ব বুলি ক’লেও অধিকাংশ সমীক্ষাই বিজেপিৰ বিপৰীতে গৈছে৷ পিছে প্ৰধানমন্ত্ৰী মোদীয়ে এই সমীক্ষাক প্ৰত্যাহ৩ান জনাই ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিয়েই বিজয়ী হ’ব বুলি দাবী কৰিছে৷

সৰ্বদিশৰ পৰা চাপত পৰা মোদীয়ে বিজেপিৰ হাতত পূৰ্বৰ দৰে জনসমৰ্থন নথকা বুলি একপ্ৰকাৰ নিশ্চিত হৈছে আৰু তেওঁ প্ৰচাৰৰ শেষ মুহূৰ্তত এতিয়া মন্দিৰকে আশ্ৰয় কৰি লৈছে৷ দেওবাৰে তেওঁ ছত্তীশগড়ত এজন দিগম্বৰ জৈনগুৰুৰ পৰা আশীৰ্বাদ লয়৷ ডোংগাৰগড়ত থকা চন্দ্ৰগিৰি জৈন মন্দিৰলৈ গৈ মোদীয়ে ১০৮ সংখ্যক বিদ্যাসাগৰজী আচাৰ্যক সাক্ষাৎ কৰি আশীৰ্বাদ লয়৷ তাৰ পূৰ্বে তেওঁ বেল্বেশ্বৰী মন্দিৰত পূজা অৰ্চনা কৰে৷ ছত্তীশগড়ৰ পৰা ৰাওনা হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশত নিৰ্বাচনী সভাত ভাষণ দিয়াৰ পূৰ্বে জনজাতি মন্দিৰত সেৱা আগবঢ়ায়৷ মন্দিৰত প্ৰাৰ্থনা কৰি প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জনজাতি ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলায়৷