Logo
image

যুদ্ধবিৰতি নামানে ইজৰাইলে গাজাত নৰসংহাৰ অব্যাহত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ নৱেম্বৰঃ মুৰ্হূমুহু বোমাবৰ্ষণ আৰু স্থলভাগেৰে টেংক, বুলডজাৰেৰে এফালৰ পৰা ধবংস কৰি নিয়া পেলেষ্টাইনৰ গাজাত পৰমাণু বোমা পেলোৱাৰ হুংকাৰ দিছে ইজৰাইলৰ এজন মন্ত্ৰী আমিচাই ইলিয়াহুৱে৷ ৰেডিঅ’ কল বেৰামাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ইজৰাইলৰ অতি সোঁপন্থী নেতাজনে দিয়া এই হুংকাৰে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইজৰাইলে এফালৰ পৰা নিৰপৰাধী পেলেষ্টাইনীক বোমাবৰ্ষণেৰে নিৰ্মমভাৱে হত্যা কৰি যোৱাৰ ঘটনাত বিশ্বৰ অলেক ৰাষ্ট্ৰই আপত্তি আৰু প্ৰতিবাদ কৰি থকাৰ মাজতে ইজৰাইলী মন্ত্ৰী আমিচাই ইলিয়াহুৰ মন্তব্যই আক্ৰমণকাৰী দেশখনকো শলঠেকত পেলাইছে৷ মন্ত্ৰী ইলিয়াহুৱে আনকি পেলেষ্টাইনৰ সাধাৰণ নাগৰিকক সাহায্য সামগ্ৰী প্ৰদান কৰাৰো বিৰোধিতা কৰে৷ ইজৰাইলৰ মন্ত্ৰীজনে পেলেষ্টাইনীক নাৎসি বুলি অভিহিত কৰি গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণৰো বিৰোধিতা কৰে৷ আমিচাই ইলিয়াহুৱে কয়–‘আমি নাৎসিবোৰক মানৱীয় সাহায্য নিদিওঁ৷ তাত সন্ত্ৰাসত জড়িত হোৱা বৰ্বৰ লোকৰ বাহিৰে আন কোনো নাই৷’ অৱশ্যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ কেবিনেট সতীৰ্থজনৰ বক্তব্য সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলি মন্তব্য কৰি কয় যে ইজৰাইলে যুদ্ধৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিধি সৰ্বোচ্চ পৰ্যায়ত পালন কৰি আৰু মানৱীয় প্ৰমূল্য ৰক্ষা কৰি যুদ্ধ চলাই আছে৷ ইজৰাইলৰ সেনাই নিৰপৰাধীৰ কোনো ক্ষতি কৰা নাই৷

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এই বক্তব্য যে ঘৰিয়ালৰ চকুপানী, সেয়া বুজিবলৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায় কাৰো বাকী নাই৷ কিয়নো শেহতীয়াকৈ আমেৰিকা আৰু অন্যান্য দেশৰ যুদ্ধবিৰতিৰ বাবে জনোৱা আবেদন উপেক্ষা কৰি ইজৰাইলে গাজাত পূৰ্বৰ গতিত নৰসংহাৰ অব্যাহত ৰাখিছে৷ যুদ্ধ চলাকালীন তৃতীয়বাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰা আমেৰিকাৰ বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেনে ইজৰাইলক শনিবাৰে পুনৰ যুদ্ধবিৰতিৰ বাবে আবেদন জনায়৷ পিছে মাৰ্কিন বৈদেশিক মন্ত্ৰী এণ্টনি ব্লিংকেনৰ আবেদন প্ৰত্যাখান কৰি ইজৰাইলে কয় যে, হামাছে পনবন্দী কৰি ৰখা সকলোকে মুকলি কৰি নিদিয়ালৈকে তেওঁলোকে গাজাত আক্ৰমণ অব্যাহত ৰাখিব৷ ইয়াৰ প্ৰতিবাদত আমেৰিকাই একো নামাতিলেও তুৰস্কই ইজৰাইলৰ পৰা তেওঁলোকৰ ৰাষ্ট্ৰদূতক ঘূৰাই নি কূটনৈতিক সম্পৰ্ক ছিন্ন কৰাৰ দিশে আগবাঢ়িছে৷ আৰৱৰ অন্যান্য দেশ ক্ৰমে নিৰপেক্ষ জৰ্ডান আৰু ইজৰাইলৰ মিত্ৰদেশ মিছৰেও যুদ্ধবিৰতিৰ আহ্বান জনাই আমেৰিকাৰ ওপৰত হেঁচা দিছে৷ দুয়োখন দেশে কৈছে, ইজৰাইলে শেহতীয়াকৈ হাস্পতাল আৰু এম্বুলেন্স আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ আল ছিফা হাস্পতালত এখন এম্বুলেন্সত আক্ৰমণ কৰি ১৫ জনক হত্যা আৰু আন এখন হাস্পতালত বোমাবৰ্ষণ কৰি ৬৮ জনক হত্যা কৰাৰ উদাহৰণ দাঙি ধৰিছে জৰ্ডান আৰু মিছৰে৷ তদুপৰি শেহতীয়াকৈ ইজৰাইলে শৰণাৰ্থী শিৱিৰত বাৰম্বাৰ আক্ৰমণ কৰি নিৰপৰাধী পেলেষ্টাইনীক হত্যা কৰাৰ ঘটনাত যে তেওঁলোক উদ্বিগ্ন তাকো জনাইছে আমেৰিকাক৷ পিছে মধ্যপ্ৰাচ্যৰ সকলো দেশ আৰু আনকি আমেৰিকাৰ অনুৰোধকো আওকান কৰি যুদ্ধবিৰতিৰ প্ৰস্তাব প্ৰত্যাখান কৰা ইজৰাইলে ব্যাপক হাৰত নৰসংহাৰ অব্যাহত ৰাখিছে৷