Logo
image

শংকৰ সংঘৰ মঞ্চত আজমল

ধূপধৰাৰ পৰা নীলমণি শৰ্মা (আমাৰ অসম), ৬ নৱেম্বৰঃ তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ৩ নৱেম্বৰৰ পৰা গোৱালপাৰা জিলাৰ ধূপধৰা জগতগুৰু সমম্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ ৩০সংখ্যক কেন্দ্ৰীয় যুৱ-শিশু আৰু আইমাতৃ সমাৰোহৰ আজি সামৰণি পৰে৷  আজি অন্তিম দিনাও পুৱাৰে পৰা হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ উপস্থিতিয়ে দ্বিতীয় বৈকুণ্ঠধামত পৰিনত হয় সমাৰোহস্থলী৷ নাম-প্ৰসংগ তথা গুৰুজনাৰ সৃষ্টিৰাজিৰ বন্দনাৰে ভক্তিৰ অমিয়া ৰসত বুৰ যায় সমগ্ৰ অঞ্চল৷ পুৱা ৬ বজাত প্ৰাতঃ প্ৰসঙ্গৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ  ৬-৩০ বজা পৰিৱেশ নিকাকৰণ, ৮ বজাত নাম-প্ৰসঙ্গ৷ ৯ বজাত অন্তৰঙ্গ আলাপৰ আঁত ধৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা-বাহিনীৰ মুখ্য অধিয়ানক সঞ্জীৱ বৰা আৰু সচিৱ বসন্ত কলিতাই৷ দিনৰ ১২ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ¸ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই৷ সভাপতিৰ ভাষণত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই কয় যে নৈতিক আৰু আধ্যাত্মিক জ্ঞানে মানুহক নৈতিকতা আৰু মনুষ্যত্বৰ জ্ঞান দিয়ে৷ পৃথিৱীত ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী ব্যক্তি বহুত আছে কিন্তু বহুতৰে নৈতিক আৰু আধ্যাত্মিক জ্ঞান নাই৷ যাৰ ফলত দেশত চলি আহিছে অৰাজক, চৌদিশে হিংসা তথা ব্যভিচাৰ৷ যাৰ ফলত বিচলিত হৈছে সমাজ ব্যৱস্থা৷ সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে গুৰুজনাৰ সৃষ্টিৰাজিক আমি সকলোৱে মিলি বিশ্বাবাসীৰ আগত উপস্থাপন কৰি অসমীয়াৰ দ্বায়িত্ববোধৰ পৰিচয় দিব লাগে, আমি আনৰ বাবে ত্যাগ কৰিব লাগিব৷ আল্লা-ঈশ্বৰ অকল মন্দিৰ মছজিদত নাথাকে- প্ৰত্যেকৰ লগত ঈশ্বৰ থাকে৷ গুৰুজনাৰ কথা স্মৰণ কৰি সকলোকে জগতগুৰু আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায় আজমলে৷ সভাত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই ভাষণত কয় যে আমি গুৰুজনাৰ আদৰ্শত ব্ৰতী হৈ জীৱনত আগুৱাই যাব লাগিব৷ গুৰুজনাৰ আদৰ্শত ব্ৰতী হৈ কাম কৰি গ’লে আমি এখন সুস্থ সমাজত বসবাস কৰিবলৈ পাম বুলি মন্তব্য কৰে৷ সভাত জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলামে ভাষণত কয় যে শ্ৰীমন্তশংকৰদেৱৰ আদৰ্শত ব্ৰতী বিশ্বৰ বহু প্ৰান্ত৷ গুৰুজনাক লৈ আমি অসমীয়া হিচাপে গৌৰাৱান্বিত৷ গুৰুজনাই শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছিল৷ সেয়ে গুৰুজনাৰ শিক্ষাক আদৰ্শ হিচাপে লৈ আমাৰ অভিভাৱকসকল নিজৰ সন্তানক শিক্ষিত কৰিব লাগিব৷ কেৱল সাধাৰণ শিক্ষাই নহয় সন্তানক আধ্যাত্মিক জ্ঞান দি উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উপদেষ্টা কমলা কান্ত গগৈ, প্ৰাক্তন পদাধিকাৰ ৰজনী কান্ত দত্ত, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোণোৱাল, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ যুটীয়া সম্পাদক দেবাঞ্জন বৰাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ বিয়লি ৫ বজাত পতাকা অৱনমিতকৰন আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে শ্ৰীমন্তশঙ্কৰদেৱ সঙ্ঘৰ ৩০সংখ্যক কেন্দ্ৰীয় যুৱ শিশু আৰু আইমাতৃ সমাৰোহৰ৷ ইফালে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই সমাৰোহৰ পৰা আজি সন্ধিয়া বিদায় ল’লে দুৰনিবটীয়া বহু ভকত বৈষ্ণৱে৷ চকুত চকুলো টুকি সমাৰোহ ক্ষেত্ৰৰ নামঘৰত গুৰুজনাক সেৱা জনাই গৃহমুখী হয় ভকত বৈষ্ণৱসকলে৷

মন্দিৰৰ সাধু নহ’লে নামঘৰীয়াই নামঘৰত ধৰ্ষণ  কৰেঃ বিধায়ক আফতাবুদ্দিন মোল্লা

‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদকঃ গোৱালপাৰাৰ জিলাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লাই হিন্দু মানুহে ব্যভিচাৰ কৰে বুলি বিস্ফোৰক উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি মানুহৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তেওঁ কয়–কোনো ঠাইত যদি ধৰ্ষণ হয় তাত দেখিব মন্দিৰৰ সাধু নহ’লে নামঘৰীয়াই ধৰ্ষণ কৰিছে৷ কোনো এজন বেয়া কাম কৰা মুছলমান মানু্‌হ দেখুৱাই দিয়ক বুলি প্ৰত্যাহ্বান জনাই গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাৰে৷ জলেশ্বৰৰ চিৰাকুটিত কংগ্ৰেছৰ এখন কৰ্মীসভাত স্থানীয় বিধায়ক মোল্লা উপস্থিত থাকি হিন্দু মানুহক উদ্দেশ্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক নিশা ফোনত যি ক’বলৈ দিয়ে আজমল পুৱাই সেইটোকে কৈ দিয়ে৷ বিধায়কগৰাকীৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীমন্তশংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন নাথ ডেকাই কয় যে এনেবোৰ মানুহৰ কথাত আমি গুৰুত্ব নিদিও৷ যাৰ যেনেকুৱা দৃষ্টিভংগী তেওঁ তেনেকুৱাই দেখিব৷ জণ্ডিছ হোৱা মানুহবিলাকে সকলোকে হালধীয়া দেখে৷ গতিকে এনেকুৱা গুৰুত্বহীন মানুহৰ কথাত শ্ৰীমন্তশংকৰদেৱ সংঘই কোনো গুৰুত্ব নিদিয়ে৷ নামঘৰত থকা মানুহ বিলাকে কেতিয়াও এনেকুৱা কাম কৰিবই নোৱাৰে, কাৰণ তেওঁলোক আধ্যাত্মিকভাৱে বহু সচেতন৷ গতিকে এজন জনপ্ৰতিনিধিয়ে তেওঁৰ নিজৰ মৰ্যাদা ৰাখি সংযত হৈ চলিব লাগে বুলি মন্তব্য কৰে ডেকাই৷